top of page

লিখিবলৈ লওঁতেই পবিত্ৰ মনৰ গৰাকী আৰু গাম্ভীর্যতাৰে ভৰা প্ৰয়াত মাননীয়া দিপালী বৰা আইগৰাকীৰ মুখখনলৈ মনত পৰিছে। শ্ৰীমন্ত শঙ্কৰদেৱ সমাজ, অসমৰ বিশেষকৈ আইমাতৃ চ'ৰা আৰু সাহিত্য শাখাৰ বিশেষ দায়িত্বত থাকি সেৱা আগবঢ়াই আহিছিল। এক শৰণ নাম ধৰ্মৰ প্ৰতি লক্ষ্য ৰাখি তেখেতৰ লিখনিৰ মাধ্যমেদি গুৰু দুজনাৰ অনুপম শক্তিৰ প্ৰকাশ, প্ৰচাৰ আৰু প্ৰসাৰ কৰাত মনোনিবেশ কৰিছিল। তেখেতৰ জ্ঞানাকাংক্ষী মনৰ প্ৰতিভাখিনি মৌলিকতাৰে পৰিপূৰ্ণ তেখেতৰ লিখনিৰ মাধ্যমেদি প্ৰকাশ পাইছে। সমাজৰ মুখপত্র 'কল্পতৰু' অধিবেশনৰ স্মৃতিগ্ৰন্থ আৰু নানা আলোচনী আদিত তেখেতৰ লিখনি প্ৰকাশ পাই আহিছে। ধর্মীয় ভাৱৰ নন্দন কাননত বিচৰণ কৰি থকা মনৰ বিষয়ে তেখেতৰ প্ৰৱন্ধৰাজিত পোৱা যায়। তেখেতৰ অকাল বিয়োগে সমাজৰ অপূৰণীয় ক্ষতি কৰিলে। তেখেতৰ সৃষ্টিৰাজি সংকলন কৰি প্ৰকাশ কৰাত সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ উপৰিও পাঠকসকল বিশেষভাৱে উপকৃত হ'ব। আইগৰাকীৰ স্বামী বৰ্তমান সমাজৰ উপ-পদাধিকাৰ মাননীয় শ্ৰীযুত সঞ্জীৱ বৰা বাপজনাৰ তত্ত্বগধুৰ লিখনিৰ প্ৰৱন্ধ সংকলনত অন্তর্ভুক্ত হৈছে। তেখেতসকলৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ উপৰিও তেখেতসকলৰ উদীয়মান সুপুত্ৰ সাহিত্যনুৰাগী যুৱকজনাৰ প্ৰচেষ্টাৰে শলাগ ল'লো। ভগৱানৰ চৰণত তেখেতসকলৰ এই মহান অৱদানৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে সকলোৰে মঙ্গল কামনা কৰি প্ৰাৰ্থনা জনালোঁ। কৃষ্ণ।।

Kripa Sindhu

₹199.00Price
Quantity

    Related Products

    bottom of page