top of page

Forum Posts

Tushar Ranjan Kashyap
Author of the Month
Author of the Month
Sep 22, 2020
In Writing
#ৰহস্য_কাহিনী #কলংকিত_অধ্যায় ✍️তুষাৰ ৰঞ্জন (১) সন্ধ্যা চাহ কাপ হাতত লৈ নিউজ পেপাৰখনত চকু ফুৰোৱাতো প্ৰফেছৰ অমল কৃষ্ণ শৰ্মাৰ নিত্যনৈমিত্তিক অভ্যাস। সন্ধ্যাৰ পৰা ভাত খোৱা সময়লৈকে ৰিডিং ৰুমটোতে পাৰ কৰে তেওঁ। সেইসময়কণত বেলেগে ডিষ্টাৰ্ব দিয়াটো একেবাৰে ভাল নাপায় তেওঁ।অমল কৃষ্ণ শৰ্মা স্থানীয় ইউনিভাৰ্ছিটিখনৰ এজন নাম জ্বলা অধ্যাপক। বিশেষকৈ তেওঁৰ শিক্ষণশৈলী আৰু ষ্টুডেন্ট ফ্ৰেণ্ডলী বিহেভিয়াৰৰ বাবে ইউনিভাৰ্ছিটিৰ ষ্টুডেন্টৰ মাজত শৰ্মা বেছ পপুলাৰ ।পত্নী আৰু পুত্ৰৰে তিনিজনীয়া সংসাৰ তেওঁৰ।পত্নী নিবেদিতা এগৰাকী নাম থকা লেখিকা। চাহৰ কাপটো শৰ্মালৈ আগবঢ়াই নিজৰ কাপটো হাতত লৈ কাষৰ চোফাখনতে বহিল পত্নী নিবেদিতা। "ই বাবা কেতিয়া পাবহি। ফোন কৰিছিল নেকি?"পেপাৰৰ পৰা মূৰ নোতোলাকৈয়ে সুধিলে শৰ্মাই। "নাই তাৰ ট্ৰেইন ৭ ঘন্টা লেট। ৰাতিপুৱাব চাগৈ সি আহি পোৱালৈ।" মেগাজিন এখন হাতত তুলি লৈ লাহেকৈ উত্তৰ দিলে নিবেদিতাই। "ঠিক আছে ষ্টেছন পোৱাৰ আধা ঘন্টামান আগত তাক কল কৰিবলৈ কবা। মিছামিছি ট্ৰেইনত আহি টাইম লছ কৰিছে।" ৰিয়ান, শৰ্মা আৰু নিবেদিতাৰ একমাত্ৰ সন্তান।বৰ্তমান অসমৰ বাহিৰত অধ্যয়নৰত। দিল্লীৰ আগশাৰীৰ কলেজ এখনৰ বায়টেকন'লজীৰ ছাত্ৰ ৰিয়ান। ছেমিষ্টাৰ শেষ কৰি এইবাৰ সৰহ দিন থকাকৈ আহিছে ৰিয়ান। অৱশ্যে প্ৰায়ে সি ফ্লাইটতে ঘৰলৈ আহে যদিও এইবাৰ কিনো মন গ'ল সি ট্ৰেইনত অহাৰ সিদ্ধান্ত ল'লে। সৰুৰে পৰা ঘৰৰ বাহিৰত থাকি পঢ়া ল'ৰা। সেয়হে ৰিয়ান ঘৰলৈ আহিলে পতি পত্নী দুয়ো কৰ্মব্যস্ততাৰ মাজতো সেইকেইদিন পুতেকক লৈ ব্যস্ত হৈ পৰে। নীৰৱতাখিনি ভংগ কৰি শৰ্মাৰ ছেলুলাৰটোৱে উচ্চ স্বৰত চিঞঁৰি উঠিল। আন্ নউন নাম্বাৰ। বিশেষ চিন্তা নকৰি শৰ্মাই সহাৰি জনালে। "হেল্ল' কোনে কৈছে।" "কোনে কৈছো, কৰ পৰা কৈছো সেইটো ইম্পৰটেন্ট কথা নহয় প্ৰফেছাৰ। কিয় ফোন কৰিছো সেইটোহে ইম্পৰটেন্ট।"অচিনাকি কণ্ঠস্বৰ ভাহি আহিল। "কি কব লগা আছে সোনকালে কওক। মই মানুহটো এনেও বিজি।"প্ৰফেছাৰে বিৰক্তিৰে কলে। "জানো জানো প্ৰফেচৰ আপুনি বহুত বিজি মানুহ। কাৰণ ক্লাচৰ বাহিৰেও কলেজৰ ধুনীয়া ধুনীয়া ছোৱালীৰ লগত ৰেষ্টুৰেন্ট, হোটেলত সময় কটোৱা; এইবোৰ কামো আপোনাৰ নাথাকে জানো।" সিফালৰ পৰা তাচ্ছিল্যৰ সূৰ ভাহি আহিল। "হোৱাট ননচেন্স!! কোনে অসভ্যালি কৰিছে এইবোৰ। কলেজৰ কোনোবা ষ্টুডেন্টে যদি এইটো কাম কৰিছ নহয়...."। প্ৰফেছাৰ শৰ্মা ৰিডিং ৰূমৰ পৰা পোনচাটেই বেলকনিলৈ ওলাই আহিল। "ৰব নিচিঞৰিব। হা:হা: ক্লাচত খুব প্ৰশ্ন সোধাৰ অভ্যাস ন আপোনাৰ। কিন্তু আজি প্ৰশ্ন মই কৰিম, আপুনি মাত্ৰ উত্তৰ দিব। নেহাৰ লগত আপোনাৰ কি সম্পৰ্ক?" শৰ্মাই যিমান জোৰেৰে কথাখিনি কৈছিল তাতকৈও উচ্চ স্বৰত গৰজি উঠিল অচিনাকী কণ্ঠস্বৰ। "কোন নেহা?" "বাহ সুন্দৰ এক্টিংচোন আপোনাৰ। নিজৰ ষ্টুডেন্টকো এতিয়া চিনি নোপোৱা হ'ল। আপোনাৰ ডিপাৰ্টমেন্টৰ ষ্টুডেন্ট নেহা। কিয় আপুনিটো তাইৰ ৰিছাৰ্ছ গাইড। তাইৰ নামো পাহৰিব লাগেনে?" অচিনাক্ত ই ঠাট্টাৰ হাঁহি এটা মাৰি কলে। "অ য়েচ নেহা নেহা। মনত পৰিছে হয়।" শৰ্মাই কোনোমতে মাততো উলিয়ালে। "ষ্টুডেন্টক পঢ়ুৱাৰ নামত আপুনি এইবোৰেই কৰে নেকি প্ৰফেছাৰ? শুনিছো নেহাৰ লগত বোলে আপোনাৰ কেমেষ্ট্ৰিৰ বৰ ধুনীয়া ধুনীয়া ৰিয়েকচনৰ প্ৰেক্টিকেল চলিছে?ক্লাচতকৈ হেনো হোটেলৰ কোঠাতহে আপোনালোকৰ ৰিছাৰ্ছ টপিকৰ ডিছকাছন চ'লে?" "মিছা কথা। এইবোৰ কোনোবাই মনে সজা কাহিনী। মোক বদনাম কৰাৰ ষড়যন্ত্ৰ চলিছে এইবোৰ।" অমলকৃষ্ণ শৰ্মা গৰজি উঠিল। "বেছি চিঞৰি নেদেখুৱাব। আপোনাৰ আৰু নেহাৰ মধুৰ মধুৰ সময়ৰ সকলোবোৰ ফটো মোৰ লগত বৰ্তমান।"অচিনাক্ত ই খংত কলে। "কিন্তু এইবোৰ আপুনি........" শৰ্মাই সেপঢুকি কোনোমতেহে মাতটো উলিয়ালে। "কৈছোৱেই নহয় আজি প্ৰশ্ন মই কৰিম। আপুনি মাত্ৰ উত্তৰ দিব। প্ৰমান চাব বিছাৰে যদি এখন আপোনাৰ পত্নী লৈও চেন্দ কৰো।" "নাই নাই প্লিজ। এইবিলাক নকৰিব।মোৰ সন্মান, ষ্টেটাছ এইবোৰ শেষ কৰি নেপেলাব।ইয়াৰ বিনিময়ত যি বিছাৰে তাকে দিবলৈ ৰাজি আছো মই।" প্ৰফেছৰৰ মাতটো কৰুণ হৈ উঠিল। "গুড, এতিয়াহে লাইনত আহিছে। শুনক আঠ বজাত হাইৱেৰ কাষৰ শিব মন্দিৰটোৰ পৰা ১০০ মিটাৰ আঁতৰত আপোনালৈ অপেক্ষা কৰিম। অৰিজিনেল ফল্ডাৰটো পেন ড্ৰাইভ এটাত পাই যাব। আৰু তাৰ বাবে মাত্ৰ ৫ লাখ টকা। আৰু শুনক দৰ দাম কৰাৰ অভ্যাস মোৰ সৰুৰে পৰাই নাই।গতিকে পাচ লাখ মানে পাচ লাখ। ন বাৰ্গেইনিং।'' "কিন্তু পইছা দিয়াৰ পাছতো যদি......." "নিখম হাৰামি কৰাৰ অভ্যাস মোৰ নাই। ৮ বজাত আপুনি অৰিজিনেল ফল্ডাৰটো পাই যাব। কিন্তু সাবধান চালাকি খটুৱাবলৈ চেষ্টা নকৰিব। নহলে কাইলৈ পুৱা ইউনিভাৰছিটিৰ ৱালে ৱালে আপোনাৰ গোপন ফটোবোৰ দেখিবলৈ পাব।" শৰ্মাক আৰু কোৱাৰ সুযোগ নিদি আচিনাক্ত ই ফোনৰ সংযোগ বিছিন্ন কৰিলে। হুমুনিয়াহ এটা ওলাই আহিল শৰ্মাৰ মুখেৰে। নেহা তেওঁৰ ষ্টুডেন্ট। কি সুন্দৰ ৰূপ, ভৰ যৌৱনা, ঘন কেঁকোৰা ছুলিটাৰি,কাজল সনা দুচকু, লাৱনী হাঁহি। প্ৰফেছাৰ মুগ্ধ হৈ গৈছিল তাইৰ সৌন্দৰ্যত। তেওঁৰ ডিপাৰ্টমেন্টৰ অফিচ ৰূমত, কেন্টিনত প্ৰায়ে ৰিছাৰ্ছৰ ডিচকাছনৰ অজুহাতত লগ হৈছিল দুয়ো। লাহে লাহে কাষ চাপিছিল দুয়ো দুয়োৰে। পাহৰি পেলাইছিল তেওঁ, তেওঁৰ যে এখন ঘৰ আছে, এখন সংসাৰ আছে। সকলো পাহৰি দুয়ো একাত্ম হৈ গৈছিল, পাৰ কৰিছিল বহুতো নিশা কোনো অজ্ঞাত হোটেলৰ কোঠাত। প্ৰফেছৰ যথেষ্ট সতৰ্ক আছিল এই ক্ষেত্ৰত। যথেষ্ট সাবধানতাৰে এই ক্ষেত্ৰত আগবাঢ়িছিল তেওঁ। তাৰ পিছতো? ঘড়ীটোলৈ চালে তেওঁ। ৭ বাজি পোন্ধৰ মিনিট। বাথৰূমত মুখ খন ধুই ললে তেওঁ। সাধাৰণতে সন্ধিয়া তেওঁ বিশেষ দৰকাৰ নহ'লে কলৈকো নাযায়। ছাৰ্ট পেন্ট পিন্ধা দেখি পত্নী নিবেদিতা অলপ আচৰিত হ'ল। " কোনফালে যোৱা এই সময়ত।" নিবেদিতাই আচৰিত হৈ সুধিলে। "ইম্পৰটেন্ট কাম এটা ওলালে। পটকৈ টাউনৰ পৰা আহিব লাগে।মই ঘূৰি আহি কৈ আছো তোমাক।" শৰ্মাই হাতসৰা মনোভাবেৰে উত্তৰ দিলে। "এই ৰাতিখন কি ইম্পৰটেন্ট কাম ওলাল। ফোনটো কোনে কৰিছিল?" নিবেদিতাই যেন বিশ্বাস কৰিবলৈ টান পালে। "কৈছো নহয় ঘুৰি আহি সকলো কম বুলি। এতিয়া মোৰ দেৰি হৈছে।মোৰ অলপ টাইম লাগিব পাৰে।তুমি ডিনাৰ কৰি শুই যাবা।হৰক কৈ থবা মোৰ কাৰণে ৰেডি কৰি ৰাখিবলৈ।" পত্নীক আৰু সুধিবলৈ সুযোগ নিদিলে শৰ্মাই। চুটকেছটো হাতত লৈ তেওঁ গেৰেজলৈ আগবাঢ়িল। নিবেদিতাই আৰু কিবা কিবি কৈছিল, তেওঁৰ কাণত নোসোমাল। গাড়ী স্টাৰ্ট কৰি হাইৱে অভিমুখে গাড়ী পোনাই দিলে তেওঁ। নিশাৰ আন্ধাৰ ফালি আগবাঢ়িল তেওঁৰ ব্লেক কালাৰৰ বেলেন'খন। (আগলৈ)
ৰহস্য কাহিনী--"কলংকিত অধ্যায়" content media
5
1
169
Tushar Ranjan Kashyap
Author of the Month
Author of the Month
Jul 16, 2020
In Writing
#থ্ৰিলাৰ_কাহিনী #বায়ুগ্ৰস্ত_নিহন্তা (অন্তিম খণ্ড) সন্ধ্যাৰ চাহ কাপ হাতত লৈ ড্ৰয়িং ৰুমতে থকা বুকছেল্ফটোৰ পৰা পুৰণা আলোচনী এখন উলিয়াই ল'লে সাগৰিকাই। যোৱা এসপ্তাহে ভীষণ অকলশৰীয়া অনুভৱ কৰিছে তাই। নবাৰুণ এই চিৰিয়েল কিলাৰৰ কেছটোত ব্যস্ত হোৱাৰ পৰা দুয়োটাই এইকেইদিন মনৰ কথাও পাতিব পৰা নাই ভালদৰে।ৰাতিপুৱা সোনকালেই থানালৈ ওলাই যোৱা নবাৰুণ আৰু উদীপ্ত দুয়োটা আহি ঘৰ সোমাই মানে সদায় ৰাতিৰ নটা বাজিবৰেই হয়। তাৰ পাছত ডিনাৰ কৰিয়েই দিনটোৰ অৱসাদখিনি গুচাবলৈ সোনকালেই শুই পৰে নবাৰুণ। গোটেই দিনটো ঘৰত অকলশৰেই কটাব লগা হয় সাগৰিকাই। অৱশ্যে সাগৰিকাৰ এই অভিজ্ঞতা নতুন নহয়। ইয়াৰ আগতেও নবাৰুণ এনেকুৱা কেচত ব্যস্ত হব লগা হ'লে কেইবাদিনো অকলশৰেই কটাবলগীয়া হয় তাই। মাজে মাজে সাগৰিকাৰ নিজৰ ওপৰতেই খং উঠে। পুলিচলৈ যে কিয় বিয়া হ'লো এই কথাষাৰ প্ৰায়ে তাইৰ মনলৈ আহে। ৱাল ক্লকটোৱে সাত বজাৰ সংকেত দিলে। নবাৰুণলৈ ফোন এটা লগাবলৈ মন গ'ল সাগৰিকাৰ। চেন্টাৰ টেবুলখনতেই থৈ দিয়া ফোনটো হাতলৈ উঠাই ফোনটো লগাবলৈ লওতেই খঙটো উঠি আহিল তাইৰ। "এই জিঅ'ডালো আজিকালি বৰ ফটুৱা হ'ল দেই। ফোনটো কৰিবলৈ লবা, নেটৱৰ্ক টোৱে ডিষ্টাৰ্ব দিয়া আৰম্ভ কৰিবই নহয়।"নিজকে নিজেই কোৱাৰ দৰে ক'লে সাগৰিকাই। কিটছেনত সোমাবলৈও ভীষণ এলাহ লাগিল তাইৰ। ফোনটো চাইডত ৰাখি আলোচনীখনৰ গল্প এটাত মন দিবলৈ চেষ্টা কৰিলে সাগৰিকাই। "টিং টং" ঘৰটোত বিৰাজ কৰা নিস্তব্ধতা খিনি ভাঙি হঠাৎ কলিং বেলটো হঠাৎ বাজি উঠিল। নবাৰুণহঁতেই হব চাগে। বিশেষ নাভাবি পোনচাটেই গৈ মূল দুৱাৰখন খুলি দিলে সাগৰিকাই। বাহিৰত এজন অচিনাকি যুৱক, পিন্ধনত ব্লেক জীনছ, লেডাৰৰ জেকেট এটা, মুখত এখন মাক্স। যুৱকৰ বেশ ভূষা দেখি বৰ এটা সুবিধাৰ যেন নালাগিল সাগৰিকাৰ। আগন্তুকৰ চকু কেইটালৈ লক্ষ্য কৰিলে তাই। চকু নহয় যেন একুৰা জুই হে জ্বলিছে।অজান আশংকাত বুকুখন কপি উঠিল সাগৰিকাৰ। "কোন আপুনি? কাক বিচাৰিছে?" মনৰ ভয়খিনি লুকুৱাই কোনোমতে মাতষাৰ উলিয়ালে সাগৰিকাই। কিন্তু সাগৰিকাক আচৰিত কৰি আগন্তুকে উচ্চস্বৰত হো হোৱাই হাঁহি দিলে। নিশাৰ নিৰ্জনতাত সেই হাঁহিটো অট্টহাস্য যেনহে লাগিল। ইয়াৰ লগে লগেই দুখোজ আগুৱাই আহিল যুৱকজন। সাগৰিকাৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন বিপদৰ উমান দিলে। দুখোজ পিচুৱাই গ'ল তাই। হাঁহি হাঁহিয়েই যুৱকে এইবাৰ পিন্ধি অহা জেকেটটোৰ ভিতৰৰ পৰা এখন ধাৰাল দেগাৰ উলিয়াই আনিলে। লাইটৰ পোহৰত চিকচিকাই থকা দেগাৰখনত ৰঙচুৱা চামনি এটা ভালদৰেই দেখিলে সাগৰিকাই। হয়তো সেইখন দেগাৰেৰেই পূৰ্বেও কাৰোবাক হত্যা কৰা হৈছে। মুহূৰ্ততে সাগৰিকাৰ মনৰ আগত সকলোবোৰ স্পষ্ট হৈ পৰিল। ইমান দিনে নৃশংসভাৱে তিনিজনী মহিলাক হত্যা কৰা নৰপিশাচটো বৰ্তমান তাইৰ সন্মুখত। আগন্তুক বিপদৰ উমান পাই কিংকৰ্তব্যবিমূঢ় হৈ ড্ৰয়িং ৰুমটোৰ ফালেই দৌৰ মাৰিলে সাগৰিকাই। দেগাৰখন এপাক শূন্যতে ঘূৰাই পিছ ল'লে আগন্তুকে। ড্ৰয়িং ৰুমটোত সোমায়েই ৰৈ গ'ল সাগৰিকা। পলাবলৈ বাট হেৰুৱাই পেলালে তাই। ড্ৰয়িং ৰুমটোত তাই বৰ্তমান আৱদ্ধ, তাইৰ পৰা কেইফুটমান আতৰতেই সেই বায়ুগ্ৰস্ত নিহন্তা। নিশ্চিত মৃত্যুৰ আশংকাত কপি উঠিল সাগৰিকাৰ সৰ্বশৰীৰ। কান্দিবলৈও যেন পাহৰি পেলালে তাই। দেগাৰখনৰ ধাৰখিনি আঙুলিৰে পৰীক্ষা কৰি কৰি তাইৰ ফালে এখোজ এখোজকৈ আগুৱাই আহি থাকিল যুৱক। আৰু হয়তো কেইটামান মুহুৰ্ত, তাৰ পাচতেই আগন্তুকে নিশেষ কৰি দিব তাইৰ জীৱন, হয়তো বিছিন্ন কৰি পেলাব তাইৰ মুণ্ড শৰীৰৰ পৰা আন তিনিগৰাকীৰ দৰে। "ইউ আৰ আণ্ডাৰ এৰেষ্ট মিঃ পাঞ্চজন্য ওৰফে শাংকব ডেকা।বহুত হৈ গ'ল আপোনাৰ খেল। পুলিচে আপোনাৰ কু-কৰ্মৰ কথা ইতিমধ্যে সকলো গম পাইছে। পুলিচৰ ওচৰত চাৰেণ্ডাৰ কৰাতেই আপোনাৰ মংগল।" উদীপ্তৰ ফোনকলটো পাই সঠিক সময়তেই উপস্থিত হৈছিলহি চাব ইন্সপেক্টৰ বিদ্যুত। আৰু হয়তো একমুহুৰ্ত পলম হোৱা হলেই শাংকবৰ দেগাৰখনৰ আঘাতত সাগৰিকা সিপুৰী পালেগৈহেতেন। উশাহতো তেতিয়াহে ঘূৰি আহিল সাগৰিকাৰ। আচম্বিত কাৰোবাৰ আগমনত হতভম্ব হৈ পৰিল শাংকব।দেগাৰখন মাটিত থৈ হাত দুখন ওপৰলৈ কৰি ঠাইতে প্ৰস্তৰ মূৰ্তি এটাৰ দৰে ৰৈ দিলে শাংকবে। হাতত থকা পিষ্টলটো টোৱায়েই শাংকবৰ ফালে ক্ৰমাৎ আগুৱাই আহিল বিদ্যুত। শাংকবে বিদ্যুতলৈ চাই ৰহস্যময়ী হাঁহি এটা মাৰিলে। ৰহস্যময়ী হাঁহিটোত এক মুহুৰ্তৰ বাবে ৰৈ গ'ল বিদ্যুত। শাংকবে যেন তালৈকেহে অপেক্ষা কৰি আছিল। তড়িৎ গতিৰে দেগাৰখন তুলি লৈ বিদ্যুতৰ সোঁহাত খনত প্ৰচণ্ড জোৰেৰে এটা ঘাপ মাৰিলে শাংকবে। বিকৎ চিঞৰ এটা মাৰি মাটিত লুটি খাই পৰিল বিদ্যুত। শাংকবৰ প্ৰচণ্ড ঘাপটোত কিলাকুটিৰ অলপ ওপৰতে দুটুকুৰা হৈ গৈছিল বিদ্যুতৰ সোঁহাতখন। যন্ত্ৰণাবিকৃত মুখেৰে তালৈ চাই বিদ্যুতৰ জীৱ উৰি যোৱা যেন হ'ল। "আপুনি পলাওক মেদাম।" যন্ত্ৰণাত কোনোমতেহে মাতষাৰ ওলাল বিদ্যুতৰ। সাগৰিকাৰ ভয়ত তেজবোৰ যেন পানী হৈ আহিছিল। ভয়ত পলাবলৈও পাহৰি পেলালে তাই। শাংকবৰ চকুকেইটাত জিঘাংসাৰ ভাৱ ফুটি উঠিল। দেগাৰখন দাঙি বিদ্যুতৰ ওপৰত জপিয়াই পৰিল সি। বাধা দিয়াৰ শক্তিকণো হেৰুৱাই পেলাইছিল বিদ্যুতে। শাংকবৰ ধাৰাল অস্ত্ৰপাত বিদ্যুতৰ ডিঙিৰ ওপৰৰে জোৰত এবাৰ ওপৰৰ পৰা তললৈ চলি গ'ল।খেচেককৈ মাত্ৰ শব্দ এটা হ'ল। তাৰপাছত বাৰিষাৰ ভেটা ভঙা বানৰ দৰে কেচা তেজবোৰ কলকলাই ওলাই আহিল বিদ্যুতৰ ডিঙিৰ পৰা। কিছুসময় ছটফটাই থাকি বিদ্যুতৰ দেহটো নিঠৰ হৈ গ'ল চিৰদিনৰ বাবে। বিদ্যুতৰ মৃতদেহটোলৈ চাই ঘৃণাত এবাৰ থুৱাই দিলে শাংকবে। মৃতদেহটো তেনেকৈ এৰি এইবাৰ সাগৰিকাৰ ফালে চাই ক্ৰুৰ হাঁহি এটা মাৰিলে শাংকবে। মানুহ নহয় যেন এটা হিংস্ৰ জন্তুলৈ ৰূপান্তৰিত হৈছিল সি। ইমান সময়ে ভয়ংকৰ দৃশ্য এটা চকুৰ আগতে দেখি মূক হৈ পৰা সাগৰিকাৰ তেতিয়াহে যেন সম্বিত ঘূৰি আহিছিল। চকুৰ আগতে নৃ্শংস হত্যাকাণ্ডটো দেখি জথৰ হৈ পৰিল সাগৰিকা।চকুৱে মুখে ফুটি উঠিল অপৰিণামদৰ্শী আতংক। চিঞৰিবলৈ বৰকৈ মন গ'ল সাগৰিকাৰ, কিন্তু কিবা এক শক্তিয়ে যেন তাইক বাকৰূদ্ধ কৰি পেলালে। ভয়ত কাঠ হৈ পৰিল সাগৰিকাৰ সৰ্বশৰীৰ। আসন্ন মৃত্যুক কল্পনা কৰি কোঠাটোৰ এচুকত জঠৰ হৈ বহি দিলে তাই। শাংকবৰ তালৈ ভ্ৰুক্ষেপ নাই।তাৰ যেন বৰ্তমান একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য সাগৰিকাৰ গ্ৰীৱাটো। সাগৰিকাৰ ফালে এখোজ-দুখোজকৈ আগবাঢ়ি গ'ল শাংকব। ভয়াবহ মৃত্যুক কল্পনা কৰি চকু কেইটা মুদি দিলে তাই। সাগৰিকাৰ ডিঙিটোলৈ লক্ষ্য কৰি ডেগাৰখন ওপৰলৈ ডাঙিলে শাংকবে। "গুৰুম গুৰুম।" নবাৰুণৰ নাইন এম এম পিষ্টলটোত গৰজি উঠিল। "আহ!!!" চিৎকাৰ কৰি ড্ৰয়িং ৰুমৰ মজিয়াখনত উবুৰি খাই পৰিল শাংকব। নবাৰুণৰ পিষ্টলটোৰ পৰা ওলোৱা চাৰিটাকৈ গুলিয়ে বুকু ভেদ কৰি গৈছিল শাংকবৰ। অলপ সময় তেনেদৰেই থাকি চিৰদিনৰ বাবে শুই পৰিল ইমানদিনে কমলপুৰত ত্ৰাসৰ সৃষ্টি কৰা সেই বায়ুগ্ৰস্ত নিহন্তা। সাগৰিকাই ভয়ত তেতিয়াও চকুহাল মুদি কুছিমুছি বহিয়েই আছিল। নবাৰুণে তুলি লৈ সাবটি ধৰিলে সাগৰিকাক। সাগৰিকাৰ সৰ্বশৰীৰ ভয়ত কপি আছিল তেতিয়াও। নবাৰুণৰ বুকুত মূৰটো গুজি হুকহুকাই কান্দি দিলে সাগৰিকাই, উচুপি উঠিল নবাৰুণেও। বিদ্যুতৰ মৃতদেহটোলৈ চাই চিঞৰি চিঞৰি কান্দি দিলে শংকৰে। উদীপ্তইয়ো নিজৰ চকুহাল বাধা দিব নোৱাৰিলে। ইমান দিনে কেচটোৰ লগত জড়িত হৈ থাকি থানাৰ সকলোবোৰ আপোন হৈ পৰিছিল তাৰ। নিজৰ ওপৰতেই খং উঠিল তাৰ। আৰু অলপ সোনকালে সিহঁত উপস্থিত হব পৰা হ'লে হয়তো বিদ্যুতৰ লগত এনেকুৱা নহ'লহেতেন। দীঘল হুমুনিয়াহ এটা কাঢ়ি বাহিৰলৈ ওলাই আহিল উদীপ্ত। আৰু অলপ সময়ৰ পাছতেই হয়তো মিডিয়াকে ধৰি সকলোবোৰ গোট খাবহি। দুখবোৰ সামৰি নিজকে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলে উদীপ্তই। "ছাৰ ইমান দিনে চহৰখন কপাই থকা হত্যাকাণ্ড কেইটাৰ মূল নায়কজন আজি আৰক্ষীৰ গুলিত নিহত হ'ল। এই সম্পৰ্কে আপুনি কি ক'ব। কিহৰ বাবে হৈছিল এইসমূহ হত্যাকাণ্ড?" কোনোবা এজন সাংবাদিকে প্ৰশ্ন কৰিলে। "মৃত পাঞ্চজন্য ডেকা ওৰফে শাংকব ডেকা মানসিকভাবে বিকাৰগ্ৰস্ত আছিল। পাঞ্চজন্যৰ ককায়েক বশিষ্ঠ ডেকা আছিল সন্তান জন্ম দিবলৈ অক্ষম। যাৰ বাবে তেওঁৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হয়। বশিষ্ঠ ডেকাই হয়তো সেইয়া সহ্য কৰিব পৰা নাছিল, যাৰ বাবে তেওঁ আত্মহত্যা কৰে। তেওঁৰ মৃত্যুৰ দুখতে তেওঁৰ মাতৃয়েও কিছুদিন পাছতে মৃত্যুক সাবটি লয়। পাঞ্চজন্যই তেতিয়া তেজপুৰত পঢ়ি আছিল। ককায়েক আৰু মাকক হেৰুৱাই মানসিকভাৱে ভাগি পৰিছিল পাঞ্চজন্য। প্ৰতিশোধ লোৱাৰ সপোন দেখিছিল তেওঁ বৌয়েকৰ ওপৰত। আৰু অলপ দিন পাছতেই তেওঁ নিৰ্মম ভাৱে বৌয়েকক হত্যা কৰে। কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত তেওঁ সেইবাৰ বাছি যাবলৈ সক্ষম হয়। ইয়াৰ পাছতেই পাঞ্চজন্যৰ দেউতাকৰো মৃত্যু হয়।তাৰ পাছতেই তেওঁ ইয়ালৈ গুচি আহে আৰু শাংকব নাম লৈ সাধনা মেডিকেলত কাম কৰিবলৈ লয়। পাঞ্চজন্যই ভাবিছিল তেওঁৰ পৰিয়ালটো শেষ হৈ যোৱাৰ মূলতেই তেওঁৰ বৌয়েক। লাহে লাহে তেওঁ অধিক বিদ্ৰোহী হৈ উঠে আৰু যিসকল পুৰুষ ইম্পটেন্ট সেইসকলৰ পত্নীসকলক নিজৰ শত্ৰু বুলি ভাবা আৰম্ভ কৰে। পাঞ্চজন্যই ভাবিছিল এই মহিলাসমূহ সমাজৰ বাবে কলংক, এখন এখন ঘৰ ধ্বংস হোৱাৰ মূল কাৰণ। সেইকাৰণেই মানসিক বিকাৰগ্ৰস্ততাৰ সন্মুখীন হয় তেওঁ এজনী এজনীকৈ তিনিজনী মহিলাক হত্যা কৰে যিসকলৰ হাজবেণ্ড আছিল ইম্পটেন্ট। এককথাত কবলৈ গ'লে পাঞ্চজন্য আছিল এজন চাইক' কিলাৰ।" সংক্ষেপে সকলো বৰ্ণনা কৰিলে উদীপ্তই। "কিন্তু পাঞ্চজন্য ডেকাই এইসমূহ তথ্য কৰ পৰা লাভ কৰিছিল?" আন এজনে প্ৰশ্ন কৰিলে। "তেওঁ কাম কৰা সাধনা মেডিকেলৰ পৰা। সাধনা মেডিকেলৰ ডাঃ অমৰজ্যোতি চৌধুৰীৰ তাতেই মৃত মহিলা কেইগৰাকীৰ হাজবেণ্ড কেইজনে মেডিকেল টেষ্টখিনি কৰাইছিল। আৰু লেব টেকনিচিয়ান পাঞ্চজন্যৰ সেইয়া কালেক্ট কৰিবলৈ অকণো অসুবিধা হোৱা নাছিল।" "কিন্তু তেওঁক পুলিচে জীৱন্তেও কৰায়ত্ব কৰিব পাৰিলেহেঁতেন। তাকে নকৰি ইচ্ছাকৃত ভাবে তেওঁক হত্যা কৰা হ'ল নেকি?" "সাধাৰণ হত্যাকাৰী নাছিল তেওঁ। তিনিটাকৈ হত্যা কৰি চতুৰ্থটো হত্যাৰ বাবে আজি আগবাঢ়িছিল পাঞ্চজন্য। পুলিচৰ উদ্দেশ্য তেওঁক জীৱন্তে কৰায়ত্ব কৰাৰে আছিল কিন্তু তেওঁ নিজেই আমাৰ ওপৰত আক্ৰমণ কৰে।আনকি তেওঁৰ আক্ৰমণত আমাৰ এজন চাব ইন্সপেক্টৰো মৃত্যুমুখত পৰে। চ' আমি গুলি কৰিবলৈ বাধ্য হ'লো।" সাংবাদিকজনৰ প্ৰশ্নত খংটো উঠি আহিছিল উদীপ্তৰ। কোনোমতে নিজক কন্ট্ৰল কৰি উত্তৰটো দি উদীপ্ত আতৰি আহিল সাংবাদিককৰ বেহুৰ মাজৰ পৰা। নিশা তেতিয়া প্ৰায় ন বাজিছিল। বিদ্যুত আৰু শাংকবৰ মৃতদেহ দুটা পোষ্টমৰ্টেমৰ কাৰণে পঠিয়ালে উদীপ্তই। মিডিয়াৰ মানুহখিনিকো বিদায় দিয়া হৈছিল তেতিয়া। অলপ দেৰিৰ আগলৈকে বিভীষিকাময় পৰিৱেশ এটাই বিৰাজ কৰা নবাৰুণৰ ঘৰখন লাহে লাহে নিতাল মাৰিছিল। সাগৰিকাক কাষতে বহুৱাই তেতিয়াও ৰুম এটাতে বহি সান্তনা দি আছিল নবাৰুণ।তেতিয়াও ভয় অলপো কমা নাছিল সাগৰিকাৰ। "তোমালোক সময়ত আহি নোপোৱা হ'লে হয়তো আজি মই।মোৰ চকুৰ আগতেই বিদ্যুতক সি যেনেকৈ......" মাতটো কপি উঠিল সাগৰিকাৰ। "তেনেকৈ কিয় কৈছা মৌ। মই জীয়াই থকালৈকে তোমাক মই একো হবলৈ নিদিও।একো নহয় মৌ,সকলো ঠিক হৈ যাব।" সান্তনাৰ সুৰত ক'লে নবাৰুণে। "আৰু ইমান ডাঙৰ কথা এটা মোৰ পৰা কিয় লুকুৱাইছিলা? কি ভাবিছিলা মই তোমাক এৰি গুছি যাম।" উচুপি উঠিল সাগৰিকা। নবাৰুণেও চকুহালক বাধা দিব নোৱাৰিলে। সাগৰিকাক কি উত্তৰ দিব ভাবিয়েই নাপালে সি। "পৃথিৱীত এনেকুৱা একো শক্তি নাই ৰুণ যিয়ে তোমাক মোৰ পৰা আতৰ কৰিব। আৰে সন্তান নহ'ল কি হ'ল। এইখন পৃথিৱীত সন্তান নোহোৱাকৈয়োতো সুখী জীৱন কটোৱা দম্পতী আছে। আমি ইজনে সিজনক ইমানেই মৰম দিম যাতে দুখবোৰেও আমাক দেখি হিংসা কৰিবলৈ ল'ব। কোৱা ৰুণ পাৰিবানে?" "পৃথিৱীৰ সকলো নাৰীয়ে যদি তোমাৰ দৰেই চিন্তা কৰিলেহেতেন।" আনন্দত ভৰি পৰিল নবাৰুণৰ মন। নবাৰুণৰ হাতখনত জোৰেৰে খামুচি ধৰিলে সাগৰিকাই। দুখৰ মাজতো সাগৰিকাৰ কথাষাৰত দুগালে দুধাৰি আনন্দৰ তপত অশ্ৰু বাগৰি আহিল নবাৰুণৰ। এপলকলৈ চকুৱে চকুৱে চাই ৰ'ল ইজনে আনজনক। তাৰ পাছত ক্ৰমাৎ ওচৰ চাপি গ'ল দুয়োটা। সাগৰিকাৰ বুকুৰ মাজলৈ চপাই আনি ওঠত এটা দীঘলীয়া চুমা আকি দিলে নবাৰুণে। স্বস্তিৰ নিশ্বাস এটা এৰিলে উদীপ্তই। চিগাৰেট এটা জলাই লৈ কুণ্ডলী পকাই ধোৱাখিনি উলিয়াই দিলে সি। ভীষণ ভাগৰ লাগিছিল উদীপ্তৰ।বেলকনিত থকা চকী এখনত অকলশৰে নিজকে অলসভাৱে এৰি দিলে সি।ইমান দিনে সকলোকে চিন্তাত পেলোৱা কেচটোৰ ঠিকেই সমাধান হৈছিল কিন্তু পুলিচে অকালতেই হেৰুৱাইছিল বিদ্যুতৰ দৰে এজন দক্ষ তথা সৎ পুলিচ বিষয়া। (সমাপ্ত)
থ্ৰিলাৰ কাহিনী--বায়ুগ্ৰস্ত নিহন্তা content media
1
2
34
Tushar Ranjan Kashyap
Author of the Month
Author of the Month
Jul 13, 2020
In Writing
#থ্ৰিলাৰ_কাহিনী #বায়ুগ্ৰস্ত_নিহন্তা (১০) উৎকণ্ঠাৰে আকৌ এটা ৰাতি পাৰ কৰাৰ পাছত পিছদিনা পুৱা সোনকালেই সাৰ পালে নবাৰুণ আৰু উদীপ্ত ই। পুৱা উঠি এপাক দৌৰিবলৈ ওলাই যোৱাতো উদীপ্তৰ পুৰণা অভ্যাস।বহুত দিনৰ পাছত উদীপ্তৰ লগতে নবাৰুণেও এপাক মৰ্ণিং ৱাক কৰি আহিল। দুয়োটা ফ্ৰেচ হৈ অহালৈ সাগৰিকাই ব্ৰেকফাষ্ট ৰেডি কৰিছিল। ব্ৰেকফাষ্ট কৰিয়েই চিধাই থানালৈ গাড়ী দৌৰালে নবাৰুণে। নাচৰিণক আগদিনা নাৰ্চিংহোমত দেখাৰ পৰাই সন্দেহৰ বীজ এটাই উকমুকনি দিছিল উদীপ্তৰ মনত।অৱশ্যে সেইয়া মাথো সন্দেহ আছিল, নাচৰিণ প্ৰকৃততে হত্যাকাৰী হয় নে নহয় সেইটো সিদ্ধান্তত উপনীত হব পৰাকৈ একো প্ৰমাণেই নাছিল নবাৰুণ আৰু উদীপ্তৰ হাতত। থানাত বহি বিদ্যুতৰ ইনভেষ্টিগেছন ৰিপৰ্টটো অহালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল দুয়োটাই। উৎকণ্ঠাৰ ওৰ পেলাই প্ৰায় এঘাৰমান বজাত থানাত আহি উপস্থিত হ'ল চাব ইন্সপেক্টৰ বিদ্যুত। থানাত উপস্থিত হৈয়েই চিধাই নবাৰুণৰ ৰুমটোলৈকে সোমাই গ'ল বিদ্যুত।নবাৰুণ আৰু উদীপ্ত তেতিয়া কেছটোৰ আলোচনাতেই ব্যস্ত আছিল। "ছাৰ এই ফাইলটোত মেহমুদা চাবিৰা নাচৰিণৰ এভৰিথিং ডিটেইলছ আছে।" নিয়মমাফিক চ্যেলুট কৰি হাতত লৈ যোৱা ফাইলটো উদীপ্তলৈ আগবঢ়াই দিলে বিদ্যুতে। "তুমি কি ভাবা? এতিয়ালৈকে যিমানখিনি ইনফৰমেছন কালেক্ট কৰিলা তাৰ পৰা নাচৰিণ সম্পৰ্কে তোমাৰ ধাৰণা কি?" ফাইলটো খুলি লৈ সুধিলে উদীপ্ত ই। "নাই ছাৰ কালিৰ পৰা মই যিমানখিনি ইনফৰমেছন কালেক্ট কৰিলো তাৰ পৰা ছোৱালীজনীক অলপো সন্দেহ কৰিব পৰা নাযায়।" বিদ্যুতে ক'লে। "আচ্ছা, নাচৰিণৰ স্বভাৱ চৰিত্ৰ, ঘৰ-পৰিয়াল এইসমূহৰ বিষয়ে কি গম পালা?" নবাৰুণে সুধিলে। "ছোৱালীজনীৰ ঘৰ ছাৰ কমলপুৰতে। ঘৰত মাক-দেউতাক, ককায়েক-নবৌয়েক আৰু ভতিজাক এটাৰ লগত থাকে।কমলপুৰ কলেজত ডিগ্ৰী কমপ্লিট কৰাৰ পাছতেই ছোৱালীজনীয়ে সাধনা মেডিকেলত ৰিচিপচনিষ্ট হিচাপে জ্ইন কৰে। বৰ্তমান তাইৰ ঘৰত বিয়াৰ আয়োজন চলি আছে।আৰু ছাৰ ছোৱালীজনীৰ ওচৰ চুবুৰীয়া বা নাৰ্চিংহোমৰ ষ্টাফৰ পৰা গম পোৱামতে নাচৰিণৰ স্বভাৱ চৰিত্ৰ খুবেই ভাল।" বিদ্যুতে উত্তৰ দিলে। "লাষ্ট ওৱান মান্থত নাচৰিণৰ স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰত কিবা অস্বাভাৱিকতা কোনোবাই লক্ষ্য কৰিছিল নেকি?" উদীপ্ত ই ফাইলটো চাই থকাৰ পৰাই মাত লগালে। "নাই ছাৰ, সকলোৱে কোৱামতেটো নাচৰিণে আগৰ দৰেই নিয়মিত নাৰ্চিংহোমলৈ অহা যোৱা কৰিছিল।" "হত্যাকাণ্ডৰ দিনকেইটাত নাচৰিণ ঘৰতেই আছিল নে?" নবাৰুণে যোগ দিলে। "হয় ছাৰ হত্যাকাণ্ডৰ কেইদিনো নাচৰিণে নাৰ্চিংহোমৰ পৰা ডাইৰেক্ট ঘৰলৈকে ঘূৰি গৈছিল। ছাৰ মই এটা কথা ভাবিছো,ক্ওনে?" বিদ্যুতে কিবা এটা কবলৈ লৈয়ো যেন সংকোচ কৰিলে। "কোৱাচোন বাৰু?" নবাৰুণে উৎসুকতাৰে সুধিলে। "মানে ছাৰ মোৰ এনে লাগিছে মাৰ্ডাৰ কেইটা কোনোবা পুৰুষৰহে কাম হব নেকি? মানে ধৰক সবিতা বৰপূজাৰীৰ দৰে ইমান হৃষ্ট-পুষ্ট মানুহ এজনীক নাচৰিণৰ দৰে ছোৱালী এজনীয়ে যে ইমান সহজে তেনেকৈ হত্যা কৰিব পাৰিব মোৰ মনে নকয় ছাৰ।" বিদ্যুতে নিসংকোচেৰে কথাষাৰ ক'লে। "য়েছ.....তুমি ঠিকেই ভাবিছা। এইটো কোনোবা মতা মানুহৰেই কাম হ'ব।আচ্ছা নাচৰিণৰ ফেমেলিত এনেকুৱা কোনোবা আছিল নেকি যি সন্তান জন্ম দিবলৈ অক্ষম?" কিবা এটা চিন্তা কৰি সুধিলে উদীপ্ত ই। "মই জনাত তেনেকুৱা কোনো মানুহ নাচৰিণৰ ফেমেলিত নাই ছাৰ।"বিদ্যুতে উত্তৰ দিলে। "ঠিক আছে তুমি এতিয়া যোৱা। কালি ৰাতিৰ পৰা তুমি বহুত কষ্ট কৰিলা, অলপ ৰেচ লৈ লোৱা যোৱা।" নবাৰুণে বিদ্যুতক উদ্দেশ্যি ক'লে। "নালাগে নেকি ছাৰ। মোৰ ইমান কষ্ট নহলেই কালি। আৰু কিবা কাম আছে যদি ক্ওক।" বিদ্যুতে হাঁহি এটা মাৰি ক'লে। "নাই নাই তেনেকুৱা একো কাম নাই বাৰু এতিয়া। কৰবাত যাব লগা হ'লে তোমাক আমি ফোন কৰিম বাৰু। আৰু কিবা দৰকাৰ হ'লে শংকৰো আছেই নহয়। তুমি যোৱা অলপ ৰেষ্ট লৈ লোৱা।" সহজভাৱেই কথাষাৰ ক'লে নবাৰুণে। হাঁহি এটা মাৰি বিদায় ল'লে বিদ্যুতে। হুমুনিয়াহ এটা ওলাই অহিল নবাৰুণৰ মুখেৰে।আকৌ চিন্তাত পৰিল উদীপ্ত আৰু নবাৰুণ। এই কেচটোত যেন হাৰি গৈছে দুয়োটা। প্ৰত্যেকবাৰেই যেন হত্যাকাৰীৰ ওচৰ চাপিও হত্যাকাৰীক কৰায়ত্ব কৰাত ব্যৰ্থ হৈছে সিহঁত। নিজৰ ওপৰতেই খং উঠিল উদীপ্তৰ। সিহঁতৰ চকুৰ সন্মুখতেই পৰিকল্পনামতেই এজনী এজনীকৈ তিনিজনী মহিলাক হত্যা কৰি গৈছে হত্যাকাৰীয়ে। অথচ সকলো দেখিও একো এটা কৰিব পৰা নাই সিহঁতে যোৱা এটা সপ্তাহে। ভাগৰি পৰিছে যেন সিহঁত দুয়োটা।যোৱা এটা সপ্তাহে খাৱন শোৱনবোৰো ভালকৈ নোহোৱা হৈছে দুয়োৰে। "আমি বাৰু ভুলকৈ ভাবি আছো নেকি?হত্যাকাণ্ডৰ মটিভ বেলেগ কিবা নহয়টো?" কিছুসময় নিৰৱতাৰে পাৰ হোৱাৰ পাছত নবাৰুণে মাত লগালে। "ইয়াৰ বাহিৰে ফেমেলি কেইটাৰ মাজত আৰু বেলেগ কিবা কানেকচন জানো আছে?" "তেনেকুৱা বেলেগ একো চিমিলাৰিটি নাইচোন।" নবাৰুণে চিন্তাত উত্তৰ দিলে। "তেন্তে আমাৰ মটিভ সম্পৰ্কে থকা ধাৰণা ভুল হবই নোৱাৰে। মাত্ৰ আমাৰ সন্দেহবোৰ ভুল হৈছে। কেছটোৰ আৰম্ভনিৰ পৰা ভালকৈ চিন্তা কৰচোন। আই থিংক কিবা এটা আমি পাম।" উদীপ্তৰ কথাত নবাৰুণে মাথো মুৰ দুপিয়ালে। "আমি নহ'লে অলপ বেলেগ ধৰণেৰেও ট্ৰাই এটা কৰি চাব পাৰো।" নবাৰুণৰ উত্তৰলৈ অপেক্ষা নকৰি উদীপ্ত ই আকৌ মাত লগালে। "মানে?" "মোৰ আন্দাজ হত্যাকাৰী এতিয়া নিশ্চয় ব্যস্ত আছে তাৰ নেক্সট টাৰ্গেটৰ সন্ধানত। আমি যদি কিলাৰৰ সলনি তাৰ নেক্সট টাৰ্গেট কোন হ'ব সেইটো বিছাৰো তেন্তে আই থিংক আমি কিবা এটা পাম।" উৎসাহেৰে ক'লে উদীপ্ত ই। "কিন্তু, নেক্সট টাৰ্গেট বা কোন সেইটো কেনেকৈ জানিবি?" নবাৰুণ চিন্তাত পৰিল। "তাকেই ভাবোচোন ৰ।" উদীপ্তও চিন্তাত পৰিল। "ছাৰ মে আই কাম ইন।" উদীপ্ত আৰু নবাৰুণৰ চিন্তাত যতি পেলাই শংকৰ ৰুমটোলৈ সোমাই আহিল। "ছাৰ গুড নিউজ এটা আছে।" "য়েচ য়েচ কোৱাচোন?" বেমাৰে পোৱা ব্ৰয়লাৰটোৰ নিচিনাকৈ চকীখনত কোচমোচ খাই বহি আছিল উদীপ্ত।শংকৰৰ কথাষাৰত একেজাপেই উঠি বহিল উদীপ্ত। নবাৰুণো ওচৰ চাপি আহিল। "ছাৰ আমাৰ পুৰণা কেচ হিষ্ট্ৰীত কমলপুৰৰ কোনোবা ইম্পটেন্ট মানুহৰ কেচ আছে নেকি তাকেই মই কালিৰ পৰা চেক কৰি আছিলো। এটা কেছ পালো, কিন্তু মানুহজন কমলপুৰৰ নহয়।" শংকৰে ক'লে। "উমম উমম কোৱাচোন" নবাৰুণ আৰু উদীপ্তৰ মুখখন উজ্জ্বল হৈ আহিল। "ছাৰ কেচটো ছয়বছৰ পুৰণি।মানুহজনৰ নাম আছিল বশিষ্ঠ ডেকা,ৱাইফৰ নাম প্ৰণালী ডেকা। অৰিজিনেল ঘৰ আছিল ভূৰবন্ধাত।মানুহজনে ছয়বছৰ আগতে কমলপুৰৰ মেইন ডাকঘৰটোত চাকৰি কৰিছিল।ছাৰ এই কেচটোৰ হাজবেণ্ড কেইজনৰ নিচিনাকৈ বশিষ্ঠ ডেকাও ইম্পটেন্ট আছিল। ইয়াক লৈ তেওঁ আৰু তেওঁৰ ৱাইফৰ মাজত সঘনাই কাজিয়া হৈছিল।আৰু এদিন ৱাইফ প্ৰণালী ডেকাই তেওঁক এৰি গুচি গৈছিল নিজ মাকৰ ঘৰলৈ। ইয়াৰ পাছতেই বশিষ্ঠ ডেকা যে সন্তান জন্ম দিবলৈ অক্ষম সেই কথাটো তেওঁৰ ঘৰৰ-ওচৰে পাজৰে সকলোতে ৰাষ্ট্ৰ হৈ পৰিছিল। ছাৰ বশিষ্ঠ ডেকাই হয়তো চৰম লাজ পাইছিল মানুহৰ আগত আৰু হয়তো মানসিক ভাবে ভাগি পৰিছিল। যাৰ ফলত তেওঁ এদিন ভাড়াঘৰৰ কোঠাটোতে চিপজৰী লৈ আত্মহত্যা কৰে।" শংকৰে সংক্ষেপে সকলোখিনি বিৱৰি ক'লে। "ইন্টাৰেষ্টিং। কিন্তু তেওঁৰ পত্নী বৰ্তমান ক'ত?" নবাৰুণে উৎসুকতাৰে সুধিলে। "ছাৰ তাতেইতো আচল ৰহস্য আছে। বশিষ্ঠ ডেকাৰ মৃত্যুৰ ঠিক দুমাহমানৰ পিচতেই তেওঁৰ ৱাইফো হঠাৎ এদিন নোহোৱা হয়। আৰু তাৰ এসপ্তাহৰ পাছত প্ৰণালী ডেকাৰ মৃতদেহটো ভুৰবন্ধাৰ ওচৰৰ মাথাউৰি এটাত উদ্ধাৰ কৰা হয়। ইন্টাৰেষ্টিং কথাটো কি জানে ছাৰ, প্ৰণালী ডেকাক হত্যা কৰোতেও তেওঁৰ মূৰটো চাকুৰে কাটি সম্পূৰ্ণৰূপে বডিৰ পৰা চেপাৰেট কৰি দিয়া হৈছিল।" "ইউ মিন এই তিনিটা হত্যাকাণ্ড হোৱাৰ দৰে?" উদীপ্তৰ চকুদুটা মেল খাই আহিল বহলকৈ। "য়েচ ছাৰ।" শংকৰে মূৰ দুপিয়ালে। "ষ্ট্ৰেঞ্জ!!! কিন্তু প্ৰণালী ডেকাৰ কেচটো কি হ'লগৈ। নে কেচটো আনচল্ভ হৈয়ে থাকি গ'ল?" নবাৰুণৰ উৎকণ্ঠাৰ সীমা নোহোৱা হৈছিল। "পুলিচৰ ফালৰ পৰা ইনভেষ্টিগেছন চলোৱা হৈছিল। কেচটোত বশিষ্ঠ ডেকাৰ দেউতাক প্ৰাইম চাচপেক্ট আছিল। তেওঁক এৰেষ্টো কৰা হৈছিল।কিন্তু প্ৰমাণৰ অভাৱত কেচটো সিমানতে ক্লজ কৰি দিয়া হয় পুলিচৰ ফালৰ পৰা।" শংকৰে উত্তৰ দিলে। "এই বশিষ্ঠ ডেকাৰ দেউতাকে এতিয়া ক'ত কি কৰি আছে?কিবা ইনফৰমেছন?" উদীপ্ত ই সুধিলে। "নাই ছাৰ সেইয়া ভূৰবন্ধালৈ গ'লেহে গম পোৱা যাব।" "ভূৰবন্ধা ইয়াৰ পৰা প্ৰায় আঢ়ৈ ঘন্টাৰ ৰাস্তা।এতিয়া গ'লে চাৰিটামান বজালৈ পাই যাম।" পিন্ধি থকা হাতঘড়ীটোলৈ চাই কিবা এটা চিন্তা কৰিলে নবাৰুণে। "তেন্তে ব'ল। শংকৰ তুমিও ওলোৱা। বশিষ্ঠ ডেকাৰ দেউতাকক এপাক লগ কৰাতো এতিয়া আমাৰ কাৰণে বহুত বেছি ইম্পৰটেন্ট।" উদীপ্তহঁতে আৰু বেছি দেৰি নকৰিলে। উদীপ্ত আৰু নবাৰুণৰ নেতৃত্বত ছয়জনীয়া পুলিচ দল এটা ৰাওনা হ'ল ভূৰবন্ধা অভিমুখে। ◆◆◆◆◆◆◆◆◆◆◆◆ ভুৰবন্ধা তিনিআলিৰ ওচৰৰ পান দোকান এখনৰ সন্মুখতে গাড়ীখন ৰখালে শংকৰে। তিনিআলিটোৰ পৰা কোনফালে গ'লে বশিষ্ঠ ডেকাৰ ঘৰ ওলাব পৰা হব তাকে সুধিবলৈ গাড়ীখন চাইদ কৰিছিল শংকৰে। গাড়ীৰ পৰা নামিলৈ ঠাই দোখৰ এবাৰ ভালকৈ চকু ফুৰালে নবাৰুণ আৰু উদীপ্ত ই। ঠাই দোখৰত সম্পূৰ্ণ গাঁৱৰ পৰিবেশ বিৰাজমান। গাড়ী-মটৰৰ জঞ্জাল নথকা এক নিৰিবিলি পৰিৱেশে বিৰাজ কৰিছে ঠাইখিনিত। তিনিআলিটোত চাৰিখনমান দোকান। তাৰে দুখন সৰু গুমটিৰ দৰে তামোল-পাণ আদি পোৱা দোকান, এখন চেলুন আৰু আনখন গেলামালৰ দোকান। গেলামালৰ দোকানখন বেছ ডাঙৰেই, বোধহয় ঠাইদোখৰৰ সকলোৰে নিৰ্ভৰযোগ্য একমাত্ৰ গেলামালৰ দোকান সেইখন। চৰকাৰে ঢাক ঢোল পিতি প্ৰচাৰ কৰি থকা উন্নয়নৰ অলপমানো পৰশ যে ঠাইখিনিত নাইপৰা সেইয়া সহজে দেখিলেই অনুমান কৰিব পাৰি। "এইখিনি ভূৰবন্ধা মৌজাতে পৰে নে বাৰু?" সৰু গুমটি খনৰ পৰা চিগাৰেট এটা কিনি জ্বলাই লৈ প্ৰশ্ন কৰিলে উদীপ্ত ই। দোকানীজন বয়সস্থ, প্ৰায় ষাঠি বছৰৰ ওচৰা ওচৰি। "এইখিনিৰ পৰাই ভূৰবন্ধা আৰম্ভ হৈছে আৰু। আপোনালোক কোনফালে যাব?" তামোল গুছাই থকাৰ পৰা মূৰ নোতোলাকৈয়ে ক'লে দোকানীজনে। "আমি পীড়াকটালৈ যাম। ইয়াৰ পৰা কিমানদূৰ?" নবাৰুণে সুধিলে। "আপোনালোক......মানে এইখিনিৰ পৰা অলপ আগলে গৈ বাওঁফালে সোমালেই পীড়াকটা গাঁও। মোৰ ঘৰো পীড়াকটাতে, আপোনালোকে বা কাক বিছাৰি আহিলে?" মানুহজনে এইবাৰহে মূৰ তুলি চালে। সন্মুখত পুলিচ দেখি মানুহটোৱে ভূত দেখাৰ দৰে উচপ খাই উঠিল। মাতটো কোনোমতেহে উলিয়ালে তেওঁ। "আমি বশিষ্ঠ ডেকাৰ ঘৰলৈ আহিছো এটা কেচৰ সংক্ৰান্তত। তেখেতৰ ঘৰলৈ কোনফালে যাব পাৰি আমাক ৰাস্তাটো দেখুৱাই দিয়ক। নহ'লে আপোনাৰ যদি দিগদাৰ নহয় আপুনিও আমাৰ লগতে ওলাওক। আমাক ঘৰটো দেখুৱাই দি আপুনি গুছি আহিব পাৰিব। ভয় খাব নালাগে।" উদীপ্ত ই ক'লে। "কাৰ ঘৰৰ কথা ক'লে?" মানুহটোৱে উদীপ্তৰ কথাষাৰত এনেকুৱা ধৰণেৰে এটা চাৱনি দিলে যেন উদীপ্তই বৰ আচৰিত কথা এটাহে শুধিলে। "কিয় বশিষ্ঠ ডেকাৰ ঘৰ। কিবা হ'ল নেকি?" নবাৰুণৰ চেলাউৰিযোৰ থুপ খাই আহিল। "সেইখনঘৰৰ মানুহচোন মৰি কেতিয়াবাই ভূত হ'ল। যিবা এটা বাছি আছেগৈ সিয়ো ইয়ালৈ অহা একেবাৰেই এৰিলে। আপোনালোকে বা কাক বিছাৰি আহিছে সেইখন ঘৰত তাক হে নুবুজিলো।" মানুহজনে আশ্বৰ্য্যৰে কথখিনি ক'লে। "মৰি ভূত হ'ল মানে?ভালকৈ কওকচোন।" সন্দেহবোৰ বাঢ়ি আহিল দুয়োৰে। " গাওখনৰ ভিতৰতে ধনী আছিল বাপন বুঢ়াৰ ঘৰখন। ল'ৰাকেইটাও পঢ়া-শুনাত চোকা আছিল। ডাঙৰটো পুতেকে পঢ়া শেষ কৰাৰ পাছত চহৰৰ ডাঙৰ ডাকঘৰটোত চাকৰি পালে। বিয়া বাৰুও কৰালে সিখন গাঁৱৰে ছোৱালী এজনীক। সকলোখিনি ঠিকেই আছিল। বোৱাৰীয়েককো বুঢ়াই পুতেকৰ লগতে টাউনত থাকিবলৈ পঠাই দিছিল। সৰুটো পুতেক তেতিয়া কোনোবা বেলেগ চহৰ এখনত কিবা বিভাগ এটাত পঢ়ি থাকে। এদিন হঠাতে কি জানো হ'ল বাপন বুঢ়াৰ বোৱাৰীয়েকজনী গিৰিয়েকৰ লগত কাজিয়া লাগি মাকৰ ঘৰলৈ গুচি আহিল। পিছত গম পালো ডাঙৰপোনাৰ বোলে বাপেকী হোৱাৰ শক্তিকণ নাছিল। তাৰ অলপ দিন পাছতে ডাঙৰ পোনা চহৰৰ ৰুমটোতে আপোনঘাটী হ'ল। বাপন বুঢ়াৰ ঘৈণীয়েকে চাগে পুতেক ঢুকুৱাতো সহিব পৰা নাছিল, অলপ দিন পাছতে তেৱো সিফলীয়া হ'ল।তাৰ অলপ দিন পাছতে কি হ'ল জানে?" মানুহটোৱে শেষৰ কথাখিনি একেবাৰে ফুচফুচাই কোৱা দি ক'লে। "কি হ'ল কওকচোন?" নবাৰুণে নজনাৰ ভাও ধৰি সুধিলে। "বুঢ়ী ঢুকুৱাৰ অলপ দিন পাছতে ভাগি যোৱা বোৱাৰীজনীক কোনোবাই ডিঙি কাটি সই সিপাৰৰ মেথাউৰিটোতে পেলাই থৈছিল। পুলিচে বাপন বুঢ়াক এবাৰ সন্দেহত ধৰিও নিছিল।পাছত আকৌ এৰি দিলে। তাৰ অলপ দিন পাছতে বুঢ়া ও ঢুকাল, সেই কেচটোৰো উমঘাম নোহোৱা হ'ল।" কথাখিনি মানুহজনে যিমান পাৰি সৰুকৈ কবলৈ চেষ্টা কৰিলে যেন বেলেগ কোনোবাই শুনিলে বৰ ডাঙৰ কথাহে হ'ব। "ৰবচোন ৰব, বুঢ়াৰ সৰু পুতেক এজনো আছিল নহয়। এতিয়া ক'ত থাকে?" উদীপ্ত ই সন্দেহেৰে শুধিলে। "সৰুপোনা পঢ়িবলৈ যোৱাৰ পৰা তেনেকৈ ঘৰলৈ ঘনাই নাহিছিল। বুঢ়া ঢুকুৱাৰ পাছত শৰাধৰ কামখিনি কৰিবলৈকে যি আহিল তাৰ পাছত মাটি বাৰী বিকি একেবাৰে ইয়াৰ পৰা গুছি গ'ল। এতিয়া ঘুনুক ঘানাক কৈ কোৱা শুনো সি কমলপুৰৰ ফালেকে কৰবাত থাকে।বিয়া বাৰুও কৰালে চাগে।" মানুহজনে উত্তৰ দিলে। " ল'ৰাজনৰ নামটো কি জানিব নেকি? ল'ৰাটোৰ মুখখন মনত আছে নে বাৰু আপোনাৰ?" নবাৰুণে উৎসাহেৰে সুধিলে। "এহ আমি সৰুপোনা বুলিয়েই কও, নামটো বা কি আছিল?" মানুহটোৱে মনত পেলাবলৈ চেষ্টা কৰিলে। "ৰবচোন সৌ প্ৰভাতে জানিব নেকি? কেতিয়াবা মৌবিলদাল খুচৰি কিবাকিবি উলিওৱা দেখো।" কাষৰ দোকানখনত ৰৈ থকা ল'ৰা এজনলৈ আঙুলিয়াই দেখুৱালে মানুহটোৱে, লগতে ৰিঙিয়াই মাতিলেও। প্ৰভাত বোলা ল'ৰাজন ওচৰ চাপি আহিল। ল'ৰাজন প্ৰায় নবাৰুণহঁতৰ সমবয়সীয়াই, দেখাত শিক্ষিত যেনেই লাগিল। " অই প্ৰভাত, বাপন বুঢ়াৰ সৰুটো পুতেকৰ নাম কি আছিল অ', এখেতসকলে সুধিছে।" মানুহজনে প্ৰভাতক ক'লে। " পাঞ্চজন্য ডেকা। কিয়?" প্ৰভাতে ক'লে। "কিয়টো আপুনি জানিব নালাগে। তেখেতক দেখিলে চিনি পাব নে নাপায় সেইটো কওক?" শংকৰে মাজতে মাত লগালে। "বহুত দিনতেই দেখা বাৰু। মাজে মাজে এফ.বি ত দেখি থাকো বাৰু। তাৰ ফটোখন আপোনালোকে এফ.বি ত চালেই পাব।অৱশ্যে তাৰ নামটো এফ.বি ত নীলাভ নীহাৰ বুলিহে আছে।" প্ৰভাতে উত্তৰ দিলে বিনম্ৰতাৰে।প্ৰভাতৰ কথাষাৰ শেষ হোৱাৰ লগে লগেই ফেচবুকটো খুলি লৈ নামটো চাৰ্চ কৰিলে শংকৰে। একে নামৰ কেইবাটাও একাউন্ট ওলাল চাৰ্চ কৰাৰ লগে লগে। "ইয়াৰে কোনটো একাউণ্ট তেখেতৰ?" শংকৰে প্ৰভাতলৈ মোবাইলটো আগবঢ়াই দিলে। "এইটো।" এটা একাউন্টৰ প্ৰফাইলটো খুলি আঙুলিয়াই দিলে প্ৰভাতে। "ছাৰ!!!" ফটোখন চাইয়ে শংকৰ উচপ খাই উঠা দি উঠিল।শংকৰে কোনোমতে ফোনটো আগবঢ়াই দিলে নবাৰুণলৈ।ফটোখন চাইয়েই নবাৰুণ আৰু উদীপ্তৰ মুখখনৰো বৰণ সলনি হৈ গ'ল। "ছাৰ কিবা হৈছে নেকি?" নবাৰুণ আৰু উদীপ্তৰ মুখদুখনলৈ চাই আচৰিত হ'ল প্ৰভাত আৰু দোকানীজন। "নাই নাই একো নাই। আপোনালোক কামত লাগক। আমি যি বিছাৰি আছিলো অল ৰেডি পায়েই গ'লো। আপোনালোক দুজনক বহুত বহুত ধন্যবাদ। আপোনালোকে নজনাকৈয়ে আমাক এটা ডাঙৰ সহায় কৰিলে।" প্ৰভাত আৰু মানুহজনক ধন্যবাদ জনাই নবাৰুণ আৰু উদীপ্ত হঁত গাড়ীৰ ওচৰলৈ আহিল। সকলোৰে মনবোৰ তেতিয়াহে অলপ ফৰকাল হৈছিল।ইমান দিনে সকলোকে আঙুলিৰ ঠাৰত নচুৱাই থকা হত্যাকাৰীজন যে এইজন ওলাব কোনেও অৱশ্যে সপোনতো কল্পনা কৰিব পৰা নাছিল। "ইমান দিনে মূৰ ঘমাই থকা কথাটো এনেকৈ চল্ভ হব বুলি মই ভবাই নাছিলো। এতিয়াহে কথাবোৰ ফৰকাল হৈ আহিছে। পাঞ্চজন্যক মানিছো কিন্তু, তিনিটা তিনিটা নাম লৈ আমাৰ চকুৰ আগতে ঘূৰি থাকিল অথচ আমি ধৰিব নোৱাৰিলো। তেওঁৰ লগত কথা পাতিলেটো মানসিক বিকাৰগ্ৰস্ত বুলি ধৰিবই পৰা নাযায়।" বিজয়ীৰ হাঁহি এটা মাৰিলে নবাৰুণে। "ছাৰ ইয়াক এতিয়া তাতেই গৈ পাম। বলক ডাইৰেক্ট গৈ উঠাই আনি ভালকৈ লগাই দিও দুচাটমান। সব ওকালি দিব।" শংকৰেও যোগ দিলে। সকলোৰে মুখবোৰত বিজয়ীৰ আনন্দ,কিন্তু উদীপ্ত যেন তেতিয়াও সন্তুষ্ট হব পৰা নাছিল। কিবা এটা চিন্তাই যেন উদীপ্তক খুলি খুলি খাইছিল।সকলোৰে হাঁহিৰ মাজতো উদীপ্ত নীৰৱে আছিল। "চাও শংকৰ ডায়েৰীখন দিয়াচোন?" কিবা এটা চিন্তা কৰি উদীপ্ত ই ক'লে।শংকৰে ডায়েৰীখন আগবঢ়াই দিলে নবাৰুণক। ডায়েৰীখনৰ পাত এটা উলিয়াই লৈ কলমটোৰে কেচটোৰ লগত জড়িত কিছুমান কথা লিখি পেলালে উদীপ্ত ই। নবাৰুণে আচৰিত হৈ চাই থাকিল উদীপ্তক। বহুসময় ধৰি চিন্তা কৰাৰ পাছত ফুৰ্তিত চিঞঁৰি দিলে উদীপ্ত ই। "য়েছ পাই গ'লো। ধেৎ ছাল্লা এইটো কথাকে ইমানদিনে....' নিজকে নিজেই কোৱাৰ দৰে ক'লে উদীপ্ত ই। "কি পালি?" নবাৰুণে আচৰিত হৈ সুধিলে। "আখৰকেইটাৰ ৰহস্যটো। এইফালে চা। ১৪ তাৰিখৰ দিনা হত্যা হৈছিল চয়নিকা ৰাভাৰ, স্বামীৰ নাম বিপুল ৰাভা, কাষত আছিল এম আখৰটো।তাৰ তিনিদিন পাছতেই অৰ্থাৎ ১৭ তাৰিখে হত্যা হ'ল সবিতাৰ, স্বামীৰ নাম ময়ুৰ বৰপূজাৰী। এতিয়া মন কৰিবি চয়নিকাৰ ডেডবডিৰ কাষত লিখা আখৰটো এম মানে ময়ূৰ বৰপূজাৰীৰ নামৰ প্ৰথম আখৰটো। ঠিক সেইদৰে সবিতাৰ ডেডবডিৰ কাষত লিখা আছিল S আখৰটো। তাৰ তিনিদিন পাছতেই হত্যা হ'ল ময়ুৰাক্ষীৰ যাৰ স্বামীৰ নাম আছিল সুদৰ্শন। অৰ্থাৎ সুদৰ্শনৰ নামৰ প্ৰথম আখৰটো লিখা আছিল সবিতাৰ ডেডবডিৰ কাষত।" পেন এটা লৈ আকি দেখুৱালে উদীপ্ত ই। "আৰু ছাৰ ময়ুৰাক্ষীৰ ডেডবডিৰ কাষত লিখা আছিল N আখৰটো। মানে ছাৰ পাঞ্চজন্যৰ নেক্সট টাৰ্গেট যিজনী মহিলা তেওঁৰ হাজবেণ্ডৰ নাম N আখৰেৰে আৰম্ভ হোৱা।" শংকৰে উৎসাহেৰে ক'লে। "য়েছ শংকৰ।কিলাৰে আখৰটোৰ জৰিয়তে নিজৰ নেক্সট টাৰ্গেটৰ হাজবেণ্ডৰ নাম কব বিছাৰিছিল। আমিহে ইমান দিনে উলিয়াব পৰা নাছিলো। কিন্তু কিলাৰে প্ৰত্যেক তিনিদিনৰ পাছত এটাকৈ মাৰ্ডাৰ কৰিছে। লাষ্ট মাৰ্ডাৰ হৈছে যোৱা ২০ তাৰিখে। আৰুআজি ২৩ তাৰিখ। আই এম ডেম চিউৰ নেক্সট হত্যাকাণ্ড আজিয়েই হব। শংকৰ জল্দি সাধনা মেডিকেললৈ ফোন কৰা। তেওঁলোকৰ ৰেজিষ্টাৰত লাষ্ট মেডিকেল টেষ্ট কৰা ইম্পটেন্ট পেচেন্ট কোন আছে যাৰ নাম এন আখৰটোৰে আৰম্ভ হয় ইমিডিয়েট কালেক্ট কৰা। বি কুইক শংকৰ, এতিয়া চাৰে পাচটা হ'ল।আমাৰ হাতত আৰু মাত্ৰ ডেৰঘন্টা সময় আছে।আৰু এটা হত্যাকাণ্ড হোৱাৰ আগতেই আমি সেই মানুহজনীক বছাব লাগিব।" উদীপ্তই যিমান পাৰি খৰকৈ কথাষাৰ ক'লে। "নাই....." ইমান সময়ে নীৰৱে সকলো শুনি থকা নবাৰুণৰ চিঞৰটোত বেছ আচৰিত হ'ল সকলো। "কি হ'ল ছাৰ?" সকলোৱে একেমুখে সুধিলে। "প্ৰশ্ন নহয় উদীপ্ত, জল্দি জল্দি জল্দি বল ঘৰলৈ, ম..ম..মই নাই মই একো হবলৈ নিদিও মৌক।অই কি চাই আছ জল্দি ঘৰলৈ ব'ল না। মৌ ঘৰত অকলে আছে। মৌ......" পাগলৰ দৰে চটফটাই ফুৰিবলৈ ধৰিলে নবাৰুণে। অবাক বিষ্ময়ত সকলোৰে মুখবোৰ মেল খাই আহিল। "আৰে তোৰ হৈছে কি? কিয় এনেকুৱা কৰিছ?" "সেই এন আখৰেৰে আৰম্ভ হোৱা পেচেন্টটো আন কোনো নহয়। মই উদীপ্ত মই।সিদিনা মই তোক মিছা মাতিছিলো। অই প্লিজ মোক জল্দি ঘৰলৈ লৈ ব'ল না। মৌ ঘৰত অকলে আছে। মই তাইক বছাব লাগিব, একো হবলৈ নিদিও মই তাইক।" আশংকা আৰু উত্তেজনাত জ্ঞানশূন্য হৈ কান্দোনত ভাগি পৰিল নবাৰুণ। কথাবোৰ তেতিয়াহে পৰিস্কাৰ হৈছিল।কিহবাই যেন ধমহকৈ মাৰিলে উদীপ্তৰ বুকুখন। "ৰচোন তই ইমান অধৈৰ্য্য নহ'বি। আমিবোৰ কি এনেই আছো নেকি? আমি জল্দি......" উদীপ্ত ই কথাষাৰ শেষ কৰিবলৈ নাপালেই শংকৰৰ পৰা গাড়ীৰ ছাবিটো কাঢ়ি লোৱাদি লৈ একেজাপেই ড্ৰাইভিং চিটত বহিল নবাৰুণ। খৰখেদাকৈ উদীপ্ত,শংকৰকে ধৰি আনসকলো গাড়ীত বহিল। ইতিমধ্যে সন্ধ্যা হবৰেই হৈছিল।কমলপুৰলৈ তেতিয়াও দুঘন্টাৰ বাট, পাগলৰ দৰে গাড়ীৰ এক্সিলাৰেটৰত গচকি দিলে নবাৰুণে। প্ৰচণ্ড জোৰেৰে আগবাঢ়িল নবাৰুণৰ এক্স.ইউ. ভি খন।গাড়ী চলাই থাকিল যদিও চয়নিকা, সবিতাৰ আৰু ময়ুৰাক্ষীৰ কটা মূৰ কেইটাহে চকুৰ আগত ভাহি আহিল নবাৰুণৰ। এনে লাগিল যেন সেই মূৰ কেইটা তাৰ কাষত চক্ৰাকাৰে বিভৎস হাঁহি এটা মাৰি ঘূৰিব লাগিছে আৰু ডাঙৰ ডাঙৰকৈ তাক উদ্দেশ্যি ক'ব ধৰিছে--"নবাৰুণ এইবাৰ তোৰ পাল।" নাই সি তাৰ মৰমৰ পত্নীক বচাবই লাগিব সেই জঘন্য হৃদয়হীন হত্যাকাৰীটোৰ পৰা। সময় তেতিয়া ছয় বাজো বাজোৱেই হৈছিল। হাতত ধাৰাল খুকুৰী খন লৈ সেইসময়তেই নেক্সট টাৰ্গেট সাগৰিকাৰ ওচৰলৈ খোজ পেলালে পাঞ্চজন্য ডেকা ওৰফে নীলাভ নীহাৰ ওৰফে .................য়ে। (অহা খণ্ডত সমাপ্ত কৰিম। আপোনালোকেও অনুমান কৰকচোন কোন হয় কিলাৰ)
থ্ৰিলাৰ কাহিনী--বায়ুগ্ৰস্ত নিহন্তা content media
1
0
12
Tushar Ranjan Kashyap
Author of the Month
Author of the Month
Jul 08, 2020
In Writing
#থ্ৰিলাৰ_কাহিনী #বায়ুগ্ৰস্ত_নিহন্তা #Wissenmonk_Wednesday (৯) সাধনা নাৰ্চিংহোমৰ পাৰ্কিং প্লেচত এক্স ইউ ভি খন পাৰ্ক কৰি ভিতৰলৈ সোমাই গ'ল উদীপ্ত আৰু নবাৰুণ। ডাঃ অমৰজ্যোতি চৌধুৰী তেতিয়া পেচেন্টৰ লগতেই ব্যস্ত আছিল। নবাৰুণহঁতক দেখি ৰিচিপচনৰ ওচৰতে ৰৈ থকা ল'ৰাজন আগুৱাই আহি বহিবলৈ দিলে দুয়োকে। ল'ৰাজনক ভালকৈ লক্ষ্য কৰিলে উদীপ্ত ই।ল'ৰাজনৰ বয়স প্ৰায় ত্ৰিশৰ ওচৰা ওচৰি। পিন্ধনত পৰিপাটি পোচাক, ঘন চুলি আৰু মিহিকৈ ওলোৱা দাড়িৰে এজন সুদৰ্শন চেহেৰাৰ যুৱক। উদীপ্তহঁতলৈ চাই মিঠা হাঁহি এটা মাৰিলে ল'ৰাজনে। "অহ ছাৰ আপুনি। চৌধুৰী ছাৰক লগ পাব আহিছে নিশ্চয়। ছাৰ পেচেন্টৰ লগতেই আছে। আপোনালোক অলপ বহিব লাগিব।এখেতকহে চিনি পোৱা নাই। আজি প্ৰথম আহিছে বোধহয়।" ল'ৰাজন নবাৰুণৰ পৰিচিত। ডাঃ চৌধুৰীক লগ কৰিব আহোতে প্ৰায়ে ল'ৰাজনকেই লগ পায় নবাৰুণে। অৱশ্যে নামটোহে সোধা হোৱা নাছিল কোনোদিনে। "য়েছ মই আজি প্ৰথমবাৰেই আহিছো ইয়ালৈ। আপোনাৰ নাম?" উদীপ্ত ই গহীনাই সুধিলে। "মই শাংকব, শাংকব ডেকা।ইয়াতে লেব টেকনিচিয়ান হিচাপে কৰি আছো।" শাংকবে উত্তৰ দিলে। "আপুনি ডাঃ চৌধুৰীক ক্ওকচোন উদীপ্ত ভৰদ্বাজ আৰু নবাৰুণ আহিছে বুলি।ইম্পৰটেন্ট কথা এটা আছে বুলি ক্ওক।" নবাৰুণে মাত লগালে। "ছাৰেতো এতিয়া পেচেন্ট চাই আছে।আপোনালোক আধাঘন্টামান ৱেইট কৰক, ছাৰ আজৰি হবই আৰু।" "ন' ন' আমি এতিয়াই তেখেতক লগ কৰিব লাগিব। ইটছ আৰজেন্ট।" উদীপ্ত ই জোৰ দিলে। "কিন্তু...." শাংকবে যেন ইতস্ততঃবোধ কৰিলে। "আপুনি তেখেতক যাষ্ট আমাৰ নামকেইটা ক'লেই হব।" নবাৰুণেও যোগ দিলে উদীপ্তৰ লগত। "ঠিক আছে আপোনালোক বহক। মই ছাৰক সুধি আহো।" কিবা এটা চিন্তা কৰিলে শাংকবে। তাৰ পাছতেই সোমাই গ'ল ডাক্তৰ চৌধুৰীৰ কেবিনলৈ খৰখোজেৰে। ৰিচিপচন ৰুমটোৰ চাৰিওফালে এবাৰ চকু ফুৰালে উদীপ্ত ই। ৰিচিপচনিষ্টজনী তেতিয়া কিবা এটা লিখাত ব্যস্ত আছিল।যিকোনো পুৰুষকে আকৰ্ষণ কৰিব পৰা চেহেৰাৰ অধিকাৰী যুৱতী গৰাকী। কব নোৱাৰাকৈয়ে যুৱতী গৰাকীক চাই ৰ'ল উদীপ্ত ই। এবাৰ যুৱতী গৰাকীয়ে মূৰ তুলি চাওতে চকুত চকু পৰিল উদীপ্তৰ। উদীপ্তলৈ চাই ৰহস্যময়ী হাঁহি এটা মাৰিলে যুবতীগৰাকীয়ে তাৰ পাচত আকৌ নিজৰ কামত ব্যস্ত হ'ল তাই। উদীপ্তৰ মনটোত সন্দেহৰ বীজটোৱে উকমুকাই উঠিল। "আহক আপোনালোক, ছাৰে মাতিছে।" উদীপ্তৰ চিন্তাত যতি পেলাই শাংকবে আহি মাত লগালে। "ঠিক আছে বলক।" শাংকবৰ পিছে পিছে খোজ ল'লে নবাৰুণ আৰু উদীপ্ত ই। উদীপ্তহঁত যোৱাৰ ফালে চাই আকৌ এবাৰ হাঁহি এটা মাৰিলে যুৱতীগৰাকীয়ে। অমৰজ্যোতি চৌধুৰীয়ে তেতিয়া এহাল পেচেন্টক চাই বিদায় দিছিল। উদীপ্তহতক দেখিয়েই স্বভাৱসুলভ হাঁহিটো মাৰিলে চৌধুৰীয়ে। সন্মুখৰ আসন কেইখনত দুয়োকে বহিবলৈ দি শাংকবক কোনোবাএজনক কেন্টিনৰ পৰা চাহ তিনিকাপ আনিবলৈ কবলৈ পঠালে চৌধুৰীয়ে। "হঠাৎ এনেকৈ একো খবৰ নিদিয়াকৈ ইয়াত আহি ওলালাহি যে। ঘৰলৈকে আহিব লাগিছিল তোমালোক ৰাতিৰ ভাতসাজ খোৱাকৈ।" চৌধুৰীয়ে বিনম্ৰতাৰে ক'লে। "ভাত খোৱাকৈ পাচতেই যাম বাৰু আমি। সদ্যহতে বেলেগ কথা এটাৰ কাৰণেহে এইফালে আহিলো।" নবাৰুণে গহীনাই ক'লে। "বেলেগ কথা মানে।কোৱাচোন বাৰু।" অলপ আচৰিতেই হ'ল চৌধুৰী। "কমলপুৰত হৈ থকা হত্যাকাণ্ড কেইটাৰ কথা নিশ্চয় আপুনি শুনিছে। সেই সম্পৰ্কত আমাৰ অলপ কথা আছিল।" পোনচাটেই মুল কথালৈকে আহিল উদীপ্ত। "হত্যাকাণ্ড মানে এই চিৰিয়েলি হৈ থকা কেচটোৰ কথা কৈছা নেকি?কিন্তু সেই কেচটোৰ সন্দৰ্ভত মোৰ পৰা কি জানিব লগীয়া থাকিব পাৰে।" "জানিবলগীয়া বহুতেই আছে ডাক্তৰ।আমি হাণ্ড্ৰেড পাৰ্চেন্ট চিউৰ যে এই তিনিওটা হত্যাকাণ্ড একেজন ব্যক্তিৰ দ্বাৰাই হৈছে।আৰু কেছটোৰ লগত সাধনা নাৰ্চিংহোমৰ ডাইৰেক্ট কানেকচন আছে।" তীৰ্যক চাৱনি এটা দিলে নবাৰুণে। "কৈছা কি তুমি?কি এনে সম্পৰ্ক আছে কেচটোৰ আমাৰ নাৰ্চিংহোমৰ লগত?" বুকুখন কপি উঠিল চৌধুৰীৰ। " মৃত মহিলাকেইগৰাকীৰ হাজবেণ্ড কেইজন আপোনাৰ নাৰ্চিংহোমলৈকে মেডিকেল টেষ্টৰ বাবে আহিছিল সেই কথা আমি জানো।" উদীপ্ত ই ক'লে। " অ আহিব পাৰে কিন্তু ইয়াৰ লগত কেছটোৰ সম্পৰ্ক কি?" অলপ খঙেই উঠিল চৌধুৰীৰ "সম্পৰ্ক আছে ডাক্তৰ, কাৰণ গোটেইকেইজন ব্যক্তিয়েই আছিল সন্তান জন্ম দিবলৈ অক্ষম, মানে আপোনালোকৰ ভাষাত ইম্পটেন্ট।আৰু আমাৰ যদি ভুল হোৱা নাই তেওলোকৰ মেডিকেল টেষ্টো আপুনিয়েই কৰিছিল।" "অ কৰিছিলো চাগে, কিন্তু তাৰমানেটো এইটো নহয় তেওঁলোকৰ হত্যাকাণ্ডৰ লগত মোৰ কিবা সম্পৰ্ক আছে।" মাতটো কপি উঠিল চৌধুৰীৰ। "আপোনাৰ লগত সম্পৰ্ক আছে বুলি আমিটো কোৱা নাই, আপুনিহে তেনেকৈ ভাবি ল'লে।" ঢেকঢেকাই হাঁহি দিলে উদীপ্ত ই। "মনে মনে থাকা তুমি। কিছুমান ভিত্তিহীন কথা কৈ মোৰ মূৰটো গৰম কৰি নল'বা।তুমি জানানে তুমি কাৰ লগত....." "আৰে জানো জানো মই বৰ্তমান কমলপুৰৰ বিখ্যাত এন্দ্ৰ'লজিষ্ট ডাক্তৰ অমৰজ্যোতি চৌধুৰীৰ লগতে কথা পাতি আছো। কিন্তু ডাক্তৰ চাহাব পুলিচৰ চকুত সকলো সমান লাগিলে তেওঁ ডাক্তৰেই হ্ওক বা ইঞ্জিনীয়াৰেই হ্ওক।" চৌধুৰীৰ কথাষাৰ শেষ হবলৈ নাপাওতেই মাত দিলে উদীপ্ত ই। "তুমি মোক মিছাই সন্দেহ কৰা আৰম্ভ কৰিছা। কমলপুৰত মোৰ এটা সন্মান আছে উদীপ্ত। মিছা কিছুমান সন্দেহ কৰি মোৰ মান মৰ্যদাখিনি শেষ কৰি নেপেলাবা প্লিজ। দুদিন পাছততো তুমি আমাৰ ঘৰখনৰ লগত সম্পৰ্ক কৰিবলৈ গৈ আছা।" চৌধুৰীৰ মাতত অনুনয়ৰ সুৰ ফুটি উঠিল। "সেইবোৰ আলোচনা পাছতো হব। কিন্তু বৰ্তমান মই আপোনাৰ ওচৰলৈ এজন পুলিচ হৈ আহিছো।" "কি হৈছে পাপা।" হঠাৎ কোঠাটোলৈ প্ৰাঞ্জনা সোমাই আহিল। উদীপ্ত অহা বুলি গম পাই প্ৰাঞ্জনা ল'ৰি অহাৰ দৰে আহিছিল তালৈ। "চোৱাচোন মাজনী কমলপুৰত হৈ থকা চিৰিয়েল কিলিংৰ কেচটোক লৈ এওলোকে এতিয়া মোক সন্দেহ কৰা আৰম্ভ কৰিছে।" কৰুণ স্বৰেৰে ক'লে ডাক্তৰ চৌধুৰীয়ে। "হোৱাট!! এইবোৰ আপোনালোকে কি আৰম্ভ কৰিছে। কি ভিত্তিত আপোনালোকে পাপাক এনেকৈ সন্দেহ কৰিছে।" চিঞৰি উঠিল প্ৰাঞ্জনা ই। "প্ৰাঞ্জনা তুমি হয়তো গম নোপোৱা যে মৃত মহিলা কেইগৰাকীৰ হাজবেণ্ড কেইজনে তোমাৰ দেউতাৰ ওচৰতে মেডিকেল টেষ্টখিনি কৰাইছিল। আৰু ৰিপৰ্টমতে গোটেই কেইজনেই ইম্পটেন্ট আছিল।" নবাৰুণে ক'লে। "ত'হ তাতে কি হ'ল। চাওক এজন এন্দ্ৰ'লজিষ্ট হিচাপে দেউতাৰ এটা নাম আছে,সেইকাৰণে সন্তানহীনতাত ভোগা যিকোনো দম্পতী দেউতাৰ ওচৰলৈ চিকিৎসাৰ বাবে আহিব পাৰে। সেইটোৱেই দেউতাৰ অপৰাধ নেকি?" জোৰেৰে চিঞৰি উঠিল প্ৰাঞ্জনাই। "সেই হাজবেণ্ড কেইজন যে সন্তান জন্ম দিবলৈ অক্ষম আছিল সেইকথা তেওঁলোকে আন কাকো জনোৱা নাছিল। একমাত্ৰ তোমাৰ দেউতাৰ বাহিৰে সেই কথা আন কোনেও জনা নাছিল। এণ্ড আই এম ডেম চিউৰ যে মাৰ্ডাৰ কেইটাৰ মটিভ এইটোৱেই আছিল। " প্ৰাঞ্জনাতকৈও জোৰেৰে চিঞৰি দিলে উদীপ্ত ই। "ষ্টপ ইট, যাষ্ট ষ্টপ ইট। আচল হত্যাকাৰীক এৰেষ্ট কৰিব নোৱাৰি এতিয়া আপোনালোকে বেবেৰিবাং কথা কিছুমান কৈ পাপাক হত্যাকাৰী সজাব খুজিছে।" "তেনে কথা নহয় প্ৰাঞ্জনা, তুমি আমাক ভুল বুজিবলৈ আৰম্ভ কৰিছা।" নবাৰুণে বুজনিৰ সুৰত ক'লে। "মই ভুল বুজিছো? অহ এক মিনিট মই এতিয়া বুজিছো আচলতে আপোনাৰ বিবাহৰ প্ৰস্তাৱটো অথনি মই নাকচ কৰাক লৈ আপুনি হয়তো এতিয়া পাপাৰ ওপৰত ৰিভেঞ্জ লবলৈ ট্ৰাই কৰিছে। অথনিতো আপুনি বেছ ভালদৰেই মোৰ কথাবোৰ বুজি পাইছিল, নে সেইয়া আপোনাৰ আমাৰ আগত অভিনয় আছিল।" চিঞৰি কথাষাৰ কৈছিল যদিও প্ৰাঞ্জনাৰ মাততো কান্দোনৰ দৰেহে ওলাল।কিংকৰ্তব্যবিমূঢ় হৈ ডাক্তৰ চৌধুৰীয়ে মাথো কথাবোৰ শুনি থাকিল। "তেনেকুৱা ফাল্টু চিন্তা কৰিবলৈ ইমান।ঠেক মনোবৃত্তিৰ মানুহ নহয় মই। ইচ্ছা কৰিলে তোমাৰ দেউতাক উঠাই নি ভালদৰে সচা কথা বাহিৰ কৰিব পাৰো মই। একমাত্ৰ সন্মানৰ খাতিৰত তেনেকুৱা ব্যৱস্থা লোৱা নাই সেই কথা ভালদৰে জানি লবা। মিঃ চৌধুৰী যিমানখিনি জানে সকলো কৈ পেলোৱাতেই আপোনাৰ মংগল নহ'লে কিন্তু মই।" গৰজি উঠিল উদীপ্ত।খঙতে বহুত কিবাকিবিয়েই কৈ পেলালে সি। "আহ হা প্ৰাঞ্জনা তুমি কথাবোৰ বেলেগ ফালে ঢাল খুৱাই কিয় নিছা। চাওক ডাক্তৰ আপুনি যদি কিবা জানে সকলোখিনি কৈ পেলাওক।"নবাৰুণে মাজতে মাত লগালে। দুয়োৰে বাক বিতন্তাই ইতিমধ্যে তীব্ৰ ৰূপ লৈছিলগৈ। "কি কব পাপাই, যিটো কাম তেওঁ কৰাই নাই সেইয়া তেওঁৰ পৰা জোৰ কৰি কেনেকৈ উলিয়াব পাৰিব আপোনালোকে। ঠিক আছে পাপাই যে হত্যাকাৰী তাৰ প্ৰমাণ ক'ত আপোনালোকৰ ওচৰত।" প্ৰাঞ্জনাৰ খঙে চুলিৰ আগ পাইছিলগৈ। "হুহ প্ৰমাণ লাগে। তেওঁ যে হত্যাকাৰী নহয় তাৰ কিবা প্ৰমাণ দিব পাৰিবা তুমি?" উভতি ধৰিলে উদীপ্ত ই। "দস্তুৰমত পাৰিম। ক্ওকচোন হত্যাকাণ্ড কেইটা কোনদিনা আৰু কিমান সময়ত হৈছিল?" "প্ৰথমটো হত্যাকাণ্ড ১৪ ফেব্ৰুৱাৰীৰ দিনা, দ্বিতীয়টো ১৭ ফেব্ৰুৱাৰী আৰু লাষ্ট ময়ুৰাক্ষীৰ হত্যাকাণ্ডটো হৈছিল পৰহি মানে ২০ তাৰিখে। আৰু গোটেই কেইটা হত্যাকাণ্ড ই হৈছিল সন্ধিয়া সাতৰ পৰা চাৰে সাত বজাৰ ভিতৰত।" নবাৰুণে ক'লে। "তেন্তে পাপাৰ ওপৰত সন্দেহ কৰাৰ প্ৰশ্ন ই নাহে কাৰণ পুৱাৰে পৰা ৰাতি ন-বজালৈ পাপা ই ইয়াতেই পেচেন্টৰ লগত টাইম পাৰ কৰে।" তাচ্ছিল্যৰ হাঁহি এটা মাৰিলে প্ৰাঞ্জনা ই। "হত্যাকাণ্ড হোৱা কেইদিন তেওঁ ইয়াতেই আছিল নে?" নবাৰুণে সুধিলে। "হাণ্ড্ৰেড পাৰ্চেন্ট আছিল। দৰকাৰ হ'লে আমাৰ মেডিকেল ৰেকৰ্ড বুক চেক কৰিব পাৰে। প্ৰয়োজনত পাপা ইয়াৰ পৰা কেতিয়া বাহিৰলৈ ওলাইছিল সেইয়াও চিচিটিভিত চেক কৰিব পাৰে।" দৃঢ়তাৰে ক'লে প্ৰাঞ্জনাই। "চোৱা তোমালোকৰ কৰবাত কিবা ভুল হৈছে নিশ্চয়। মইতো সেইসময়ত ইয়াতেই থাকো।" ইমানসময়ে মনে মনে থকা চৌধুৰীয়ে মাত দিলে। "কিন্তু....."কিবা এটা কব খুজিও ৰৈ গ'ল উদীপ্ত। "নাই দোস্ত কিবা এটা খেলি মেলি আছে ছাগে। ব'ল এতিয়া ঘৰলৈ যাওঁ।আকৌ কথাবোৰ ভালকৈ ভাবিব লাগিব। আপুনি আমাক বেয়া নাপাব, বহুত কিবাকিবিয়েই কৈ পেলোৱা হ'ল আপোনাক।উই আৰ ৰিয়েলি ভেৰি ছৰী।" নবাৰুণে কোমলকৈ ক'লে। "আপোনালোকে তাৰমানে এনেকৈয়ে ইনভেষ্টিগেছন কৰে। উইদাউত এনি প্ৰুফ যাকে তাকেই মানে হুহ।" প্ৰাঞ্জনাৰ কথাষাৰত ভীষণ লাজ পালে উদীপ্ত আৰু নবাৰুণে। অৱশ্যে তাৰ উত্তৰ দিবলৈ সিহঁতৰ হাতত একোৱেই নাছিল। "ঠিক আছে আমি এতিয়া আহিছো। কিন্তু মই এতিয়াও চিউৰ সাধনা মেডিকেলতেই আচল ৰহস্যটো লুকাই আছে। আপুনি নাৰ্চিংহোমত থকা সকলোকে জনাই দিব উইদাউত আৱাৰ পাৰমিছন কোনোৱেই এই চহৰ এৰি বাহিৰলৈ যাব নোৱাৰিব।আনকি তদন্তৰ খাতিৰত আপুনিও।হত্যাকাৰী যে আপোনাৰ ইয়াতেই আছে সেইয়া মই ভালদৰে জানো আৰু অতি সোনকালেই যে সি আমাৰ হাতৰ মুঠিত হব সেইয়াও খাটাং।" উদীপ্তৰ মনৰ সন্দেহ তেতিয়াও দূৰ হোৱা নাছিল। "উইছ ইউ অল দ্য বেষ্ট এ.চি.পি উদীপ্ত ভৰদ্বাজ। মই প্ৰাৰ্থনা কৰিম ঈশ্বৰক যাতে আপুনি সফল হয়।" তাচ্ছিল্যৰ হাঁহি এটা মাৰিলে প্ৰাঞ্জনাই। প্ৰাঞ্জনাৰ হাঁহিটোৱে শেলে বিন্ধা দি বিন্ধিলে উদীপ্তক। একো নমতাকৈ বাহিৰলৈ ওলাই আহিল নবাৰুণ আৰু উদীপ্ত। বাহিৰলৈ ওলাই আহি ৰিচিপচনটোৰ ফালে এবাৰ চালে উদীপ্ত ই। অথনি দেখা যুৱতীগৰাকীৰ পৰিবৰ্তে আন এগৰাকী যুৱতীহে চকুত পৰিল উদীপ্তৰ। কিবা এটা ভাবি ৰিচিপচনৰ ওচৰলৈ আগুৱাই গ'ল উদীপ্ত।নবাৰুণে গাড়ীখন উলিয়াবলৈ আগুৱালে। "হাও কেন আই হেল্প ইউ ছাৰ।" যুৱতীগৰাকীয়ে সম্ভাষণ জনালে। "ইয়াতে অথনি বেলেগ এজনি ছোৱালী আছিল। এতিয়া নাই নেকি?"উদীপ্ত ই সুধিলে। "অহ নাচৰিণৰ কথা সুধিছে চাগে। তাইৰ চিফ্ট শেষ হ'ল এতিয়া।" যুৱতীয়ে উত্তৰ দিলে। "ছোৱালীজনীৰ নামটো কি বুলি ক'লে?" "মেহমুদা চাবিৰা নাচৰিণ।" হাঁহি এটা মাৰি উত্তৰ দিলে যুৱতীয়ে। "আচ্ছা তেওঁৰ সদায় এইটো টাইমতে চিফট শেষ হয় নেকি?" "প্ৰায়ে তাইৰ দিনতে চিফ্ট থাকে। কিয় সুধিলে?" যুবতীগৰাকীৰ চেলাউৰিযোৰ কোচ খাই উঠিল। "নাই নাই এনেই সুধিলো।" যুৱতীগৰাকীক ধন্যবাদ দি আতৰি আহিল উদীপ্ত। তাই আকৌ ব্যস্ত হৈ পৰিল। কিবা এটা ভাবি ভাবি ওলাই আহিল উদীপ্ত। নবাৰুণে তেতিয়ালৈ গাড়ী উলিয়ই আনিছিল পাৰ্কিং প্লেচৰ পৰা। "অথনি ৰিচিপচনৰ ছোৱালীজনীক মন কৰিছিলি নেকি?" গাড়ীত গৈ থকাৰ পৰাই সুধিলে উদীপ্ত ই। "নাইতো কিয়?" "কিবা এটা খেলিমেলি যেন লাগিল। তাইৰ হাঁহিটো, চকুৰ চাৱনি কিবা যেন অস্বাভাৱিক।" উদীপ্ত যেন চিন্তাত পৰিল। "সেইবোৰ চাগে তোৰ মনৰ ভাৱ। কেচটোৰ কথা এনিটাইম ভাবি থাকি তোৰ চাগে যাৰ তাৰ ওপৰতেই সন্দেহ অহা হৈছে।" গাড়ী চলাই থকাৰ পৰাই মাত দিলে নবাৰুণে।উদীপ্ত ই যেন মানি লবলৈ টান পালে।কিবা এটা ভাবি চিটটোত আউজি দিলে সি। "ৰচোন ৰ,ছোৱালীজনীৰ নামটো বোলে মেহমুদা চাবিৰা নাচৰিণ।তেন্তে তাইৰ নামটোৰ প্ৰথম আখৰ কেইটা কি কি?" কিবা এটা মনত পৰি মুখেৰে হাঁহি এটা ওলাই আহিল উদীপ্তৰ "এম এচ আৰু এন কিয়?" নবাৰুণে আচৰিত হৈ সুধিলে। "ডেডবডি কেইটাৰ কাষত থকা আখৰ কেইটা কি কি আছিল?" "এম এছ আৰু এন। মানে......" নবাৰুণৰো মুখখন উজ্জ্বল হৈ আহিল। "কিবা এটা গৰবৰ আছে। বিদ্যুতক ফোন লগা। এই ছোৱালীজনীৰ এভৰিথিং ডিটেইলছ কালেক্ট কৰিব ক জল্দি।" উদীপ্তৰ কথাত বিশ্বাস অবিশ্বাসৰ মাজতেই বিদ্যুতলৈ ফোন লগালে নবাৰুণে। (আগলৈ)
থ্ৰিলাৰ কাহিনী-বায়ুগ্ৰস্ত নিহন্তা content media
2
0
14
Tushar Ranjan Kashyap
Author of the Month
Author of the Month
Jun 24, 2020
In Writing
#থ্ৰিলাৰ_কাহিনী #বায়ুগ্ৰস্ত_নিহন্তা #Wissenmonk_wednesday (৮) কেইবাবাৰো ৰিং হোৱাৰ পাছতো ফোন টো ৰিচিভ নকৰিলে নবাৰুণে।বিশেষ নাভাবি পাৰ্কৰ পৰা পোনচাটেই থানালৈকে গ'ল উদীপ্ত। ৰুমটোত সোমাইয়ে চাহ একাপ খাবলৈ বিৰাট মন গ'ল তাৰ। কনিষ্টবল এজনক মাতি চাহ একাপ আনিবলৈ দি চয়নিকা, সবিতা আৰু ময়ুৰাক্ষীৰ পোষ্টমৰ্টেম ৰিপৰ্ট কেইটা কেইবাবাৰো লুটিয়ালে উদীপ্ত ই। কিছুসময়ৰ পাছতেই উদীপ্তৰ ৰুমটোলৈ শংকৰ সোমাই আহিল। "ছাৰ এই ফাইলটোতে বিপুল ৰাভা, ময়ুৰ বৰপূজাৰী আৰু সুদৰ্শন ৰাজখোৱাৰ লাষ্ট এমাহৰ সকলোখিনি ডিটেইলছত আছে। তেওঁলোক ক'ত ক'ত গৈছিল, কিয় গৈছিল, লাষ্ট ৱান মান্থত কাৰ লগত ফোনত কথা পাতিছিল সকলোখিনি আছে।" উদীপ্তক চ্যেলুট কৰিয়েই হাতত লৈ অনা ফাইলটো আগবঢ়াই দিলে শংকৰে। "আচ্ছা অথনি তুমি কোৱা মতে এওলোক তিনিওজনেই সন্তান জন্ম দিবলৈ অক্ষম আছিল। এই কথাটোক লৈ তেওঁলোকৰ পত্নীৰ লগত হত্যাৰ আগে পিছে কিবা ঘৰুৱা কাজিয়াৰ সুত্ৰপাত হৈছিল নেকি?" ফাইলটোত চকু ফুৰাই থকাৰ পৰাই সুধিলে উদীপ্ত ই। " নাই নাই তেওঁলোকৰ এজনেও এই কথা তেওঁলোকৰ পত্নী বা আন কাকোৱেই জানিব দিয়া নাছিল। মাত্ৰ বিপুল ৰাভাই কথাটো তেওঁৰ ৱাইফৰ ককায়েকক জনাইছিল।" শংকৰে উত্তৰ দিলে। "কি ভাবা তেওঁলোকৰ হত্যাৰ লগত তেওঁলোকৰ স্বামীৰ এই কথাটোৰ সম্পৰ্ক আছে নে?" "মইটো চিউৰ চাৰ। ভালকৈ খুচৰিলে কিবা এটা ওলাব সেইয়া খাটাং।" শংকৰে উৎসাহেৰে ক'লে। আলোচনাৰ মাজতে গহীন খোজেৰে নবাৰুণ সোমাই আহিল কোঠাটোলৈ। "আহিলি? হো ল এইটো পঢ়ি চা।" উদীপ্ত ই ফাইলটো আগবঢ়াই দিলে নবাৰুণলৈ। "কি আছে ইয়াত?" ফাইলটো নোখোলাকৈয়ে সুধিলে নবাৰুণে। "ইম্পৰটেন্ট কথা এটা আছে। বোধহয় হত্যাকাৰীৰ কাষ চাপিবলৈ এইটোৱেই আমাৰ কাৰণে একমাত্ৰ উপায়।" উদীপ্ত ই হাঁহি এটা মাৰি ক'লে। "মানে?" "মানে ছাৰ বিদ্যুত আৰু মই কালিৰ পৰা এই মৃত মহিলা কেইগৰাকীৰ হাজবেণ্ড কেইজনৰ মাজত কিবা সম্পৰ্ক আছে নেকি তাৰ অনুসন্ধান চলাইছিলো। আজি আমি গম পালো তেওঁলোকৰ হাজবেণ্ড আটাইকেইজনেই ইম্পটেন্ট আছিল।" শংকৰে উত্তৰ দিলে। "কি আচৰিত!!" নবাৰুণৰ মুখখন মেল খাই গ'ল। "তাতোকৈ আচৰিত সেই কথাটো তেওঁলোকে আন কাকো জানিবলৈ দিয়া নাছিল।" উদীপ্ত ই ক'লে। "বেলেগ যদি নাজানেই তেন্তে সেইটো মাৰ্ডাৰৰ কাৰণ হব পাৰে জানো?" চিন্তাত পৰিল নবাৰুণ। "তাকেইটো ভাবিছো মইয়ো। এক মিনিট এক মিনিট।" হঠাৎ কিবা এটা মনত পৰাৰ দৰে চিঞৰি উঠিল উদীপ্ত ই। "কি হ'ল?" শংকৰ আৰু নবাৰুণৰ উৎসুকতা বাঢ়ি গ'ল। "তেওঁলোকে সেই কথাটো সকলোৰে পৰা গোপন কৰিছিল যদিও এজন ব্যক্তিয়ে কিন্তু জানিছিল?"বিজয়ীৰ হাঁহি এটা ওলাই আহিল উদীপ্তৰ মুখেৰে। "কোনে জানিছিল ছাৰ।" শংকৰ আৰু নবাৰুণ দুয়োটা উদীপ্তৰ অলপ ওচৰ চাপি আহিল। "কিয় তেওঁলোকে যিজন ডাক্তৰৰ ওচৰত চেক আপ কৰাইছিল তেওঁতো জানিছিল। শংকৰ এই তিনিওজনে তেওঁলোকৰ মেডিকেল চেক আপ ক'ত কৰিছিল ফাইলটোত আছে নে?" "আছে ছাৰ। ৰব মই চেক কৰি দিছো।" কথাষাৰ কৈয়েই ফাইলটোত চকু ফুৰালে শংকৰে। কৌতুহল ক্ৰমাৎ বাঢ়ি আহিল তিনিওৰে। ফাইলটোত চকু ফুৰাই থাকোতেই চেলাউৰি কেইডাল থুপ খাই গ'ল শংকৰৰ। "কি হ'ল শংকৰ?" নবাৰুণে সুধিলে। "ছাৰ তিনিওজনে একেখন নাৰ্চিংহোমতেই মেডিকেল টেষ্টখিনি কৰাইছিল। নাৰ্চিংহোমখনৰ নাম সাধনা নাৰ্চিংহোম, ডাক্তৰজনৰ নাম অমৰজ্যোতি চৌধুৰী।" একে উশাহতে কথাকেইটা ক'লে শংকৰে। "অমৰজ্যোতি চৌধুৰী মানে......." শংকৰৰ কথাষাৰত নবাৰুণ যিমানেই আচৰিত হ'ল সিমানেই মনটোও অস্থিৰ হৈ পৰিল। "প্ৰাঞ্জনাৰ দেউতাক।" উদীপ্তৰো মাতটো সৰুকৈ হে ওলাল। "কিন্তু তেওঁকতো মই ভালদৰে জানো। তেওঁ এইবোৰ কাম কৰিব, নাই হবই নোৱাৰে ইটছ ইম্পছিবল।" নবাৰুণে দৃঢ়তাৰে ক'লে। "ওহো কিবা নহয় কিবা এটাতো কেছ আছে।ডাক্তৰ চাহাবক এবাৰ লগ কৰিব ই লাগিব। চব পোহৰলৈ আহিব। শংকৰ গাড়ী ৰেডি কৰা।" উদীপ্তৰ নিৰ্দেশত বাহিৰলৈ ওলাই গ'ল শংকৰ। "কিন্তু তোৰ লগততো..........বাদ দে ত্ই নালাগে যাব। শংকৰ আৰু মই যাম চৌধুৰীৰ তালৈ।" নবাৰুণে মানা কৰিলে উদীপ্তক। "কি??? মোৰ লগত প্ৰাঞ্জনাৰ বিয়া? বাদ দে সেইবোৰ, তাই অলৰেডি বেলেগক কথা দি থৈছে। তাত ত্ই মই মূৰ ঘমাই এতিয়া লাভ নাই। আৰু ফাৰ্ষ্ট অৱ অল মই এজন পুলিচ। চ' মোক এজন পুলিচ হিচাপে কাম কৰিব দে।কোনোবাই ভাল পাব বা বেয়া পাব আই ডন্ট কেয়াৰ।" উদীপ্ত ই যথেষ্ট উষ্মাতে ক'লে কথাষাৰ। নবাৰুণে কি উত্তৰ দিব ভাবিয়েই নাপালে। "আজি প্ৰাঞ্জনাই পাৰ্কত মোক লগ কৰি কি ক'লে জান? মই বোলে এই বিয়াখন কেনচেল কৰি দিব লাগে কাৰণ তাই আন এজনক ভাল পায়। অৱশ্যে মই তাইক বেয়া পোৱা নাই, কথাখিনি খোলাখোলিকৈ কৈ দিছে ভালেই কৰিছে। আচলতে মোৰহে ভুল, একো এটা ভালদৰে নজনাকৈয়ে কিয় জানো বহুত ভাবি পেলাইছিলো।" উদীপ্তৰ মাততো শেষলৈ থোকাথোকি হৈ আহিল। "ত্ই সেইবোৰ ভাবিবলৈ এৰ এতিয়া। ভালেই হে হ'ল বিয়াৰ আগত সকলো গম পালি। আৰু পৃথিৱীত অকল কি তাইয়েই হে আছে নেকি বিয়া পাতিব পৰা ছোৱালী। কিন্তু ত্ই এতিয়া যাব নালাগে দে, এনেই তোৰ মন ভাল নহয়।প্ৰাঞ্জনাইয়ো আকৌ বেলেগ ভাবিব পাৰে।" নবাৰুণে সান্তনাৰ সুৰত ক'লে। "নাই ক'তনো মন বেয়া কৰিছো। আৰু তাই কিয় বেলেগ ভাবি লব। তদন্তৰ খাতিৰত কাৰোবাক কিবা সোধাতো তোৰ মোৰ দায়িত্ব। তাত ভালপোৱা বেয়াপোৱাৰ কথাই নাহে।" "ঠিক আছে মইও যাও ব'ল তোৰ লগত।" উদীপ্ত আৰু নবাৰুণ দুয়োটা বাহিৰলৈ ওলাই আহিল। শংকৰে ইতিমধ্যে গাড়ী ৰেডি কৰিছিল। "মোৰ কিন্তু এতিয়াও মনে নকয় ডাঃ চৌধুৰীয়ে এই কাম কৰিব পাৰে বুলি। " নবাৰুণে ক'লে। "আগত তেওঁক এবাৰ লগ কৰি লওচোন বাৰু। বাহিৰৰ মুখখন চাইয়েইনো কেনেকৈ কবি কোন কেনেকুৱা।" কৈয়েই গাড়ীত বহিল উদীপ্ত। "শংকৰ তুমি যাব নালাগে। তুমি এটা কাম কৰা।" হঠাৎ কিবা এটা মনত পৰাৰ দৰে কৈ উঠিল নবাৰুণে। "ক্ওকচোন চাৰ।" গাড়ীৰ ড্ৰাইভিং চিটৰ পৰা নামি আহিল শংকৰ। "তুমি এটা কাম কৰা।আমাৰ পুৰণা কেচ হিষ্ট্ৰীখনত কমলপুৰ বা ইয়াৰ আশে পাশে কোনোবা ইম্পটেন্ট ব্যক্তি আৰু তেওঁৰ পত্নীৰ লগত জড়িত কিবা পুৰণা কেচ আছে যদি চেক কৰা। আই থিংক কিবা এটাটো গৰবৰ হৈছে।" শংকৰক নিৰ্দেশটো দি ড্ৰাইভিং চিটত বহিল নবাৰুণ। "ৰচোন ৰ ত্ইটো আজি প্ৰাঞ্জনাৰ দেউতাকৰ তালৈকে গৈছিলি ৰিপৰ্ট আনিবলৈ।" চিগাৰেট এটাত দীঘলীয়া টান এটা দি ধোঁৱাখিনি বাহিৰলৈ উলিয়াই দিলে উদীপ্ত ই। "উমম গৈছিলোঁ।" গাড়ী চলাই থকাৰ পৰাই ক'লে উদীপ্ত ই। "কি আহিল ৰিপৰ্টত?" "ঠিকেই আছে। নৰ্মেল ৰিপৰ্টেই আহিছে।" নবাৰুণে লাহেকৈ ক'লে। "ৱাহ খুড়া হ'ম তেন্তে এইবাৰ।আমিবোৰ হে আৰু বৰলা হৈয়েই ৰ'ম যেন পাইছো।" দুপৰীয়াৰ কথাটোত মনটো তেতিয়াও গধুৰ হৈয়েই আছিল উদীপ্তৰ। ডাঙৰকৈ হাঁহি এটা মাৰি মনটো পাতল কৰিবলৈ চেষ্টা কৰিলে সি। " ফটুৱাটো এইটো।" পাতল হাঁহি এটা মাৰি নবাৰুণেও যোগ দিলে।বেলিটোৱে তেতিয়া পশ্চিমৰ দিশত গতি কৰিছিল। (আগলৈ)
থ্ৰিলাৰ কাহিনী--বায়ুগ্ৰস্ত নিহন্তা। content media
3
0
20
Tushar Ranjan Kashyap
Author of the Month
Author of the Month
Jun 20, 2020
In Writing
#থ্ৰিলাৰ_কাহিনী #বায়ুগ্ৰস্ত_নিহন্তা #Wissenmonk_Saturday (৭) মৃতদেহটো ভালদৰে এবাৰ পৰ্যবেক্ষণ কৰিলে উদীপ্ত ই। সাধাৰণ মানুহৰ বুকু কপি উঠিব পৰা এক নাৰকীয় হত্যা। জঘন্য ভাবে অতি ধাৰাল অস্ত্ৰৰ দ্বাৰা মৃত ময়ুৰাক্ষীৰ মুণ্ডটো শৰীৰৰ পৰা পৃথক কৰি ড্ৰয়িং ৰুমৰ চেন্টাৰ টেবুলখনত সজাই থৈছে পাষাণ হত্যাকাৰীয়ে। কাষত তেজেৰে এইবাৰ ডাঙৰকৈ N আখৰটো। কিমান নিৰ্দয় হব পাৰে হত্যাকাৰী। এনেকৈ নিৰ্মমভাবে তিনিটা হত্যাৰ পাছতো মুকলিকৈ ঘূৰি ফুৰিছে হত্যাকাৰী। নিজৰ ওপৰতে ধিক্কাৰ উপজিল নবাৰুণ আৰু উদীপ্তৰ। ড্ৰয়িং ৰুমটোৰ এটা চুকত বহি হুকহুকাই কান্দি আছিল ময়ুৰাক্ষীৰ স্বামী সুদৰ্শন ৰাজখোৱাই। সুদৰ্শন ৰাজখোৱা কমলপুৰৰে মাল্টিনেছনেল কোম্পানী এটাৰ চাকৰিয়াল। "হত্যাৰ সময়ত আপুনি ক'ত আছিল?" মানুহজনক প্ৰশ্ন সোধাৰ ইচ্ছা নাছিল যদিও নিয়মমাফিক দুটামান প্ৰশ্ন কৰিলে উদীপ্ত ই। "কাইলৈ অফিচত কনফাৰেন্স এখন আছিল। সেইকাৰণে অফিচতে আজি মোৰ যথেষ্ট দেৰি হৈছিল।ঘূৰি আহি দেখো তেওঁক কোনোবাই........." কান্দোনত ভাগি পৰিল সুদৰ্শন। "আপোনালোক দুজনৰ বাহিৰে ঘৰত আৰু বেলেগ কোনো নাথাকে নেকি?" এইবাৰ নবাৰুণে প্ৰশ্ন কৰিলে। "মা থাকে।কিন্তু পৰহিয়েই মা ভন্টীৰ ঘৰলৈ থকাকৈ গৈছে।" কান্দি কান্দিয়েই উত্তৰ দিলে মানুহজনে। "আপোনাক প্ৰশ্ন কৰি অশান্তি নিদিও কাৰণ আপোনাৰ মনৰ অৱস্থা আমি বুজি পাইছো। এইসময়ত আপোনাক নিজকে কন্ট্ৰল কৰিবলৈ কোৱাৰ বাহিৰে বেলেগ শব্দ আমাৰ ওচৰত নাই। বৰ্তমান ময়ুৰাক্ষীৰ মৃতদেহটো পোষ্টমৰ্টেমৰ বাবে পঠাব লাগিব। কাইলৈহে আপোনালোকে যাবতীয় কাম খিনি কৰিব পাৰিব।" মানুহজনক সান্তনাৰ সুৰত কথাখিনি ক'লে নবাৰুণ। উদীপ্তৰ মুখখনলৈ চালে নবাৰুণে, কিবা যেন গভীৰ চিন্তাত। "আচ্ছা এওলোকক চিনি পায় নেকি?" হঠাৎ কিবা মানত পৰিল উদীপ্তৰ। নিজৰ চেলুলাৰটোত থকা মৃত চয়নিকা আৰু সবিতাৰ ফটো দুখন সুদৰ্শনক দেখুৱালে উদীপ্ত ই। "নাই চিনি নাপাও।কোন এওলোক।" সুদৰ্শনে উত্তৰ দিলে। "এওলোকো ইয়াৰে বাসিন্দা। এই দুগৰাকী মহিলাকো ঠিক ময়ুৰাক্ষীক হত্যা কৰাৰ দৰেই হত্যা কৰা হৈছিল আজিৰ পৰা কিছুদিন আগত। আমাৰ সন্দেহ তিনিও গৰাকীৰে হত্যাকাৰী একেজনেই।বাৰু আপোনাক এতিয়া আমি বেছি কথা সুধি ডিষ্টাৰ্ব নিদিও। কিন্তু আপোনাক কথা দিছো ময়ুৰাক্ষীৰ হত্যাকাৰী আমাৰ হাতৰ পৰা সাৰি যাব নোৱাৰে।" মৃতদেহটোৰ যাবতীয় কামখিনি কৰিবলৈ নিৰ্দেশ দি ওলাই আহিল নবাৰুণ আৰু উদীপ্ত। "কি ভাবিছ?" গাড়ী চলাই গৈ থকাৰ পৰাই মাত দিলে নবাৰুণে। "মোৰ মতে হত্যাকাৰী কোনো সাধাৰণ মানুহ নহয়।" "সাধাৰণ মানুহ নহয় মানে?" আচৰিত হ'ল নবাৰুণ। "মোৰ মতে হত্যাকাৰী কোনোবা মানসিক বিকাৰগ্ৰস্ত মানুহ। এককথাত কবলৈ গ'লে এই কামটো কোনোবা চাইক' কিলাৰৰ।" গহীনাই উত্তৰ দিলে উদীপ্ত ই। "কিন্তু ত্ই কেনেকৈ কব পাৰিলি এইটো কোনোবা চাইক'ৰ কাম বুলি?" আশ্বৰ্য্যৰে সুধিলে নবাৰুণে। "এনেধৰণৰ হত্যাকাৰীবোৰে হয়তো জীৱনৰ কোনোবা এটা সময়ত কিবা কথাত কোনোবা ব্যক্তিৰ পৰা মানসিক ভাবে যথেষ্ট আঘাত পায়। যাৰ ফলত সেই ব্যক্তিজনৰ লগত সাদৃশ্য থকা আন কোনোবা ব্যক্তিকো নিজৰ শত্ৰু বুলি ভাবি লয় আৰু তেওঁলোকক হত্যাকৰা আৰম্ভ কৰে। হত্যা কৰি কিলাৰজনে মানসিকভাবে ভীষণ তৃপ্তি লাভ কৰে যাৰ ফলত একেধৰণৰেই কৰি যায় এটাৰ পাছত এটাকৈ হত্যাকাণ্ড। তাৰোপৰি এনে কিছুমান চাইক কিলাৰ থাকে যিয়ে এজনৰ পাছত এজনক হত্যা কৰে অন্ধবিশ্বাসৰ বশবৰ্তী হৈ। তাতোকৈ আচৰিত কথা এনেধৰণৰ কিলাৰ বোৰে হত্যাৰ পাচত একোটাকৈ চিন এৰি থৈ যায়।" গম্ভীৰ স্বৰেৰে কথাখিনি ক'লে উদীপ্ত ই। "চিন এৰি থৈ যায় মানে?" উৎসুকতাৰে সুধিলে নবাৰুণে। "হেৰিবাৰ্টো চেদাৰ নাম শুনিছ?" "নাই শুনা।" "হেৰিবাৰ্টো চেদা নিউয়ৰ্কৰ এটা চিৰিয়েল কিলাৰ আছিল। চেদাই তিনিজন মানুহক হত্যা কৰিছিল আৰু আন পাচজনক আঘাতপ্ৰাপ্ত ভাবে পোৱা গৈছিল। চেদাই এৰি যোৱা নিচানটো আছিল ভিক্তিম কেইজনৰ জদিয়াক চাইন।আৰু এনেকুৱা বহুত চাইক' কিলাৰ আছে কৈ থাকিলে হয়তো শেষ নহব।" বিজ্ঞৰ দৰে ক'লে উদীপ্ত ই। "ত্ই দেখিছো চিৰিয়েল কিলাৰৰ ওপৰত বেছ কিছু অধ্যয়ন কৰিছ। পিচে এইটো কেচত তেনেকুৱা কিবা নিচান আছে জানো?" নবাৰুণে ক'লে। "কিয় কটা মূৰ কেইটাৰ কাষত তেজেৰে লিখা আখৰ কেইটা। বোধহয় কিলাৰে এই আখৰ কেইটাৰ যোগেদিয়েই কিবা ক'ব বিছাৰিছে।" "কিন্তু আখৰ কেইটাৰ মাজত লিংকটো বা কি?" নবাৰুণ চিন্তাত পৰিল। "সেইটো বিছাৰি উলিওৱাটোৱেই এতিয়া আমাৰ দায়িত্ব। কিন্তু তাৰ আগত মহিলা কেইগৰাকীৰ মাজত কিবা মিল আছে নেকি বিছাৰিব লাগিব।তেতিয়া আমাৰ কাৰণে হত্যাকাৰীৰ কাষ চপাটো ইজি হব।" "কিন্তু মানুহ কেইজনীৰ মাজতটো তেনেকুৱা একো মিল নাই?" "হয়তো মানুহকেইজনীৰ মাজত মিল নাই। কিন্তু আই থিংক তেওঁলোকৰ হাজবেণ্ডৰ মাজতেই কৰবাত নহয় কৰবাত কিবা এটা মিল আছে।ত্ই এটা কাম কৰ শংকৰক ফোন কৰি এই মহিলা কেইগৰাকীৰ হাজবেণ্ড কেইজনৰ মাজত কিবা মিল আছে যদি বিচাৰিব ক। তেওঁলোক লাষ্ট এমাহত ক'ত ক'ত গৈছিল, কি কি কৰিছিল এভৰিথিং ডিটেইলছ কালেক্ট কৰিবলৈ দে যিমান পাৰি সোনকালে। আৰু এটা হত্যাকাণ্ড হোৱাৰ আগত আমি তাক এৰেষ্ট কৰিব লাগিব।আই এম নাইন্টি পাৰ্চেন্ট চিউৰ এওলোকৰ হাজবেণ্ডৰ মাজতে আচল ৰহস্যটো লুকাই আছে।মই আকৌ কাইলে এপাক পাৰ্কৰ ফালে যাম। প্ৰাঞ্জনাই কাইলৈ লগ কৰিম বুলি ফোন কৰিছিল।" "মইও কাইলৈ দেউতাকৰ নাৰ্চিংহোম খনলৈ এপাক যাব লাগিব। ৰিপৰ্টটো অনাই হোৱা নাই নহয়।" উদীপ্তৰ কথাষাৰত মুখখন কিছু উজ্জ্বল হ'ল নবাৰুণৰ। বিশেষ দেৰি নকৰি শংকৰক কথাখিনি ভালকৈ বুজাই দিলে নবাৰুণে। নিশা তেতিয়া প্ৰায় ন বাজিছিল। ঘৰ অভিমুখে গাড়ী দৌৰাই দিলে নবাৰুণে, অবিৰাম গতিত। ◆◆◆◆◆◆◆◆◆◆◆ প্ৰাঞ্জনাই কোৱা মতেই দুপৰীয়া গৈ পাৰ্কত উপস্থিত হৈছিল উদীপ্ত। প্ৰাঞ্জনা ইতিমধ্যেই তাতকৈ আগতেই আহি পাৰ্কৰ বেঞ্চ এখনতে বহি আছিল, লগত এজন যুৱক। যুৱকজনক দেখি কিছু আচৰিতেই হ'ল উদীপ্ত। ল'ৰাজনলৈ ভালকৈ লক্ষ্য কৰিলে উদীপ্ত ই, প্ৰায় তাৰ সমবয়সীয়াই হব। ফ্ৰেন্স কাট দাৰি, পৰিপাটি পোচাকেৰে ল'ৰাজন বেছ ভদ্ৰঘৰৰেই যেন অনুমান হ'ল উদীপ্তৰ। উদীপ্তক দেখাৰ লগে লগে হাঁহি এটা মাৰি হাতখন জোকাৰিলে প্ৰাঞ্জনাই। "হাই মইয়ে প্ৰাঞ্জনা। চিনি পাইছে চাগে।আৰু এও প্ৰদ্যুম্ন ডেকা।আমি একেখন মেডিকেল কলেজৰে ষ্টুডেন্ট আছিলো। এও মোতকৈ দুবছৰ চিনিয়ৰ আছিল। এতিয়া দেউতাৰ নাৰ্চিংহোমতে এখেতে দেউতাৰ এচিচটেন্ট হিচাপে কৰি আছে। আৰু এখেত উদীপ্ত ভৰদ্বাজ। মইযে তোমাক কৈছিলো।" যুবকজনৰ লগত উদীপ্তক চিনাকি কৰাই দিলে প্ৰাঞ্জনাই। মিচিকি হাঁহি এটা মাৰি হাতখন আগবঢ়াই দিলে প্ৰদ্যুম্ন ই। উদীপ্ত ইয়ো হাঁহি এটা মাৰি কৰমৰ্দন কৰিলে প্ৰদ্যুম্নৰ লগত। প্ৰাঞ্জনাৰ লগত কেনেকৈ কথা আৰম্ভ কৰিব ভাবি বিবুধিত পৰিল উদীপ্ত। আচলতে ছোৱালীৰ লগত কথা পাতিবলৈ আগৰে পৰা যথেষ্ট লাজ কৰে উদীপ্ত ই। তাতে প্ৰদ্যুম্নৰ উপস্থিতিয়ে ভীষণ অস্বস্তিত পেলালে তাক। "আপোনাৰ মনৰ কথা মই বুজিব পাৰিছো। আচলতে আপোনাক বিশেষ কথা এটাৰ কাৰণেহে এনেকৈ ইয়ালৈ মাতিলো।" কও নকও কথাখিনি ক'লে প্ৰাঞ্জনাই। "কোৱাচোন বাৰু?" প্ৰাঞ্জনাক সহজ কৰিবলৈ হাঁহি এটা মাৰি দিলে উদীপ্ত ই। "মানে আপুনি যদি বেয়া নাপায় প্লিজ এই বিয়াখন কেনচেল কৰি দিয়ক।" কথাখিনি কওতে যথেষ্ট ইতস্ততঃ বোধ কৰিলে প্ৰাঞ্জনাই। ধমহকৈ মাৰিলে উদীপ্তৰ বুকুখনত। ইমান দিনে প্ৰাঞ্জনাক লৈ বহুত কথাই ভাবি পেলাইছিল সি। হঠাৎ প্ৰাঞ্জনাৰ এনেধৰণৰ কথাষাৰে আচৰিত কৰি তুলিলে উদীপ্তক। কি কব একো ভাবি নাপালে সি। "আচলতে আমি ইজনে আনজনক কলেজত পঢ়ি থকাৰ পৰাই ভাল পাইছিলো। কিন্তু ঘৰত কথাবোৰ ভালকৈ খুলি কব পৰা নাছিলো। আচলতে আমি দুয়ো ঘৰত কথাবোৰ জনাম বুলি ভাবিছিলোৱেই কিন্তু তেনেকুৱাতে আপোনাৰ ঘৰৰ লগত প্ৰাঞ্জনাৰ বিয়াৰ কথা-বতৰা চলিল।আমি কথাবোৰ সোনকালেই দুয়োখন ঘৰতেই জনাম।কিন্তু তাৰ আগতে আপুনি প্লিজ বিয়াখন কেনচেল কৰি দিয়ক।আচলতে ভুল আমাৰেই, আমি কথাবোৰ আগতেই জনোৱা হ'লে কথাবোৰ ইমান আগ নাবাঢ়িল হেতেন। এতিয়া আপোনাক এনেদৰে কথাখিনি কব লগা হোৱাত আমাৰে বহুত বেয়া লাগিছে। উই আৰ ৰিয়েলি ভেৰি ছৰী।প্লিজ আমাক বেয়া নাপাব।" বেছ ভদ্ৰ ভাবেই কথাখিনি ক'লে প্ৰদ্যুম্ন ই। "আৰে বেয়া কিয় পাম। আপোনালোকে প্ৰেমহে কৰিছে একো বেয়া কাম কৰা নাই নহয়। আচলতে মইহে আপোনালোকক ধন্যবাদ জনাব লাগে ইমান খোলাখোলিকৈ সকলোখিনি কৈ দিয়াৰ বাবে। আপোনালোকে চিন্তা কৰিব নালাগে। প্ৰাঞ্জনাৰ দেউতাকৰ লগত মই কথা পাতিম। আৰে সচা প্ৰেমত ভয় কিহৰ।" বুকুখন মোচৰ খাই উঠা যেন লাগিছিল উদীপ্তৰ।কিন্তু মনৰ ভাব খিনি লুকুৱাই সহজকৈ কথাখিনি কৈ পেলালে উদীপ্ত ই। "আৰে তুমিচোন বেছ টেনচনতেই পৰিছিলা।" প্ৰাঞ্জনালৈ চাই মিচিকিয়াই হাঁহি দিলে উদীপ্ত ই। গোমা হৈ থকা পৰিস্থিতিটো সহজ কৰিবলৈ চেষ্টা কৰিলে সি। "আপোনাক যে কি বুলি ধন্যবাদ জনাম।কিন্তু আপোনাৰ ঘৰখনেটো চাগে.......চেহ মইহে" প্ৰাঞ্জনাৰ মুখখন তেতিয়াও গোমা হৈয়ে আছিল। "আৰে ধন্যবাদ দি লাজত নেপেলাবা দেই মোক। তুমি একো চিন্তা কৰিব নালাগে। আমাৰ ঘৰখনে সেইবোৰ বিশেষ একো ভাবি নাথাকে।। তুমি একেবাৰে টেনচন নল'বা। তোমালোকৰ সংসাৰখন সুখৰ হ্ওক। মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিল দেই।আৰু বিয়াখন নহ'ল কি হ'ল আমিটো ভাল ফ্ৰেণ্ড হৈ থাকিব পাৰো নে কি কোৱা।" সেমেকা হাঁহি এটা মাৰি কথাখিনি ক'লে উদীপ্ত ই। "থেংক ইউ চ' মাচ।" প্ৰাঞ্জনাৰ মনটো তেতিয়াহে অলপ ফৰকাল হৈছিল। প্ৰদ্যুম্ন আৰু প্ৰাঞ্জনা গ'লগৈ। যোৱাৰ আগতে আনন্দতে উদীপ্তক সাবটি ধৰিছিল প্ৰাঞ্জনাই। বুকুখন বহুত গধুৰ গধুৰ লাগিল উদীপ্তৰ। প্ৰাঞ্জনাই সাবটি ধৰোতে অজানিতে দুটোপাল চকুলো ওলাই আহিছিল তাৰ। পাৰ্কৰ বেঞ্চ এখনতে হেলান দিলে উদীপ্ত ই। গাটো অৱশ অৱশ লাগিছিল তাৰ।আচলতে প্ৰাঞ্জনাৰ কথা নজনাকৈয়ে নিজেই এটা ডাঙৰ সপোন দেখিছিল সি তাইক লৈ। নিজৰ ওপৰতেই খং উঠিল তাৰ। বহুত সময় ধৰি বেঞ্চখনত বহিয়েই পাৰ কৰি দিলে উদীপ্ত ই। নিৰৱতাখিনি ভাঙি হঠাৎ উচ্চস্বৰত বাজি উঠিল উদীপ্তৰ ফোনটো। ইন্সপেক্টৰ শংকৰৰ ফোন। "অ শংকৰ কোৱা।" উদীপ্ত ই সহাৰি জনালে। "ছাৰ ইম্পৰটেন্ট কথা এটা আছে। আপুনি কোৱা মতেই মৃত মহিলা কেইগৰাকীৰ হাজবেণ্ডৰ মাজত কিবা ৰিলেছন আছে নেকি তাৰ অনুসন্ধান চলাইছিলো কালিৰে পৰা। ছাৰ আচৰিত কথা এটা গম পালো।" শংকৰে ক'লে। "য়েচ য়েচ কোৱাচোন।" উৎসাহেৰে সুধিলে উদীপ্ত ই। "ছাৰ গোটেই কেইগৰাকী মহিলাৰ হাজবেণ্ড কেইজন ইম্পটেন্ট আছিল। মানে ছাৰ গোটেই কেইজন সন্তান জন্ম দিবলৈ অক্ষম আছিল।" "হোৱাট!!!!" শংকৰৰ ফোন কলটোৱে গধুৰ মন এটাৰ মাজতো মুখখন উজ্জ্বল কৰি তুলিলে উদীপ্তৰ। শংকৰৰ লগত ফোনটোৰ সংযোগ বিছিন্ন কৰি নবাৰুণৰ নম্বৰটো ডায়েল কৰিলে সি। খবৰটো এতিয়াই নবাৰুণক জনাব লাগিব। (আগলৈ)
থ্ৰিলাৰ কাহিনী--বায়ুগ্ৰস্ত নিহন্তা content media
5
0
25
Tushar Ranjan Kashyap
Author of the Month
Author of the Month
Jun 17, 2020
In Writing
#থ্ৰিলাৰ_কাহিনী #বায়ুগ্ৰস্ত_নিহন্তা #WissenMonk_Wednesday (৬) আধাঘন্টাৰ ৰাস্তাটো অতিক্ৰম কৰিবলৈ পোন্ধৰ মিনিটো নালাগিল নবাৰুণৰ। দুঃচিন্তাই ওৰে বাটটো তাক খুলি খুলি খাইছিল। সাগৰিকাৰ চিন্তাত ফুল স্পীডত গাড়ী দৌৰাইছিল নবাৰুণে। ৰাস্তাত আহি থাকোতে বাইক আৰোহী এজনক কোনোমতেহে নুখুন্দিয়াকৈ পাৰ হৈ আহিল নবাৰুণ। ঘৰ পাইয়েই সাগৰিকাক সন্মুখৰ বাৰাণ্ডাতে দেখিহে উশাহতো ঘূৰি আহিল তাৰ। সাগৰিকাৰ মুখখনলৈ লক্ষ্য কৰিয়েই তাই যে ভীষণ চিন্তাত আছে সেইয়া উপলব্ধি কৰিব পাৰিলে নবাৰুণে। নবাৰুণক দেখি ইংগিতেৰে কাষৰ ড্ৰয়িং ৰুমটোৰ ফালে দেখুৱাই দিলে সাগৰিকাই। ড্ৰয়িং ৰুমতেই বহি আছিল সেই অচিনাকি আলহীজন। নবাৰুণক দেখিয়েই মিচিকিয়াই হাঁহি এটা মাৰিলে অতিথিজনে। মানুহজনৰ মুখখনলৈ চাইয়ে চকু কপালত উঠিল নবাৰুণৰ। "আৰে উদীপ্ত তই ইয়াত? কচোন খবৰ খাতি?" নবাৰুণে উজ্জ্বল হাঁহি এটা মাৰি শুধিলে।চিন্তাবোৰ তেতিয়াহে শেষ হৈছিল তাৰ। "আছো ভালেই, তহঁতৰ খবৰ কচোন?" উদীপ্ত আৰু নবাৰুণে ইজনে সিজনক সাবটি ধৰিলে। আশ্বৰ্য্যত সাগৰিকাই মাথো ভেবা লাগি চাই থাকিল দুয়োকে। "মৌ ই মোৰ বাল্যকালৰ বন্ধু উদীপ্ত ভৰদ্বাজ। বৰ্তমান ক্ৰাইম ব্ৰাঞ্ছৰ এ.চি.পি।আৰু উদীপ্ত এইয়া মোৰ সহধৰ্মিনী সাগৰিকা।বিয়াৰ ৰিচিপচনৰ দিনা অলপ সময়ৰ কাৰণে ই আহিছিল, কিন্তু তোমাৰ লগত ভালদৰে চিনাকি কৰাই দিয়া নহ'ল। সেইকাৰণে চিনি নাপালা। আৰু দোস্ত ত্ইয়ো যে এটা মানুহ। সাগৰিকাক চিনাকিটো দি দিব পাৰ আহিয়েই। মিছামিছি এনেই ভয় খালো। মোৰতো চিন্তাই হৈছিল, কোন বা আহিল, কিয় আহিল?" সাগৰিকাৰ মনৰ অৱস্থা বুজিব পাৰি উদীপ্তক তাইৰ সৈতে চিনাকি কৰাই দিলে নবাৰুণে। হাঁহিব নে কান্দিব এনেকুৱা লাগিল সাগৰিকাৰ। ইমান সময়েটো উদীপ্তক লৈ বেলেগ এটা ধাৰণাই কৰি পেলাইছিল তাই। "তাকে চালো আকৌ পুলিচৰো মনত ভয় থাকে নে নাই।পিছে তোৰ ৱাইফো কিন্তু কম সাহসীয়াল নহয় দেই। ভিতৰি ভয় খাইছিল যদিও কিন্তু মোৰ আগত একদম নৰ্মেলি কথা পাতি থাকিল। এইয়াহে পুলিচৰ পত্নী।" ৰসিকতা কৰি গিৰ্জনি মাৰি হাঁহি দিলে উদীপ্ত ই। "ভয় নালাগিবনে কিবা। কোন দিন লগ নোপোৱা মানুহ এজনে যদি ডাইৰেক্ট আহি কয় আপোনাৰ মানুহজনক মাতক ইম্পৰটেন্ট কথা আছে। সুধিলেও নিজৰ চিনাকি নিদিয়ে। কমটি ভয় লাগিছিল নেকি মোৰ।আপোনাক পিছে বহুত সময় এনেই বহাই ৰাখিলো। ভালকৈ কথাও নাপাতিলো। বহক মই চাহ কৰি আনো।" ভীষণ লাজ লাগিছিল সাগৰিকাৰ। দুয়োকে কথা পাতিবলৈ এৰি চাহ কৰিবলৈ কিটচেনত সোমাল সাগৰিকা। দীৰ্ঘদিনৰ পাচত দুই বন্ধু লগ হৈ যথেষ্ট আবেগিক হৈ পৰিছিল দুয়ো। বহুত সময় ধৰি পুৰণা স্মৃতিবোৰ ৰোমন্থন কৰিলে নবাৰুণ আৰু উদীপ্ত ই। কেনেকৈ স্কুল আৰূ কলেজৰ দিনবোৰ পাৰ কৰিছিল, কলেজ তিনি আলিৰ ঘূমটি কেইখনৰ ওচৰত ৰৈ কেনেকৈ ছোৱালী জোকাইছিল সকলোবোৰ কথাই ঠাই পালে দুয়োৰে আদ্দাত। কথাৰ মাজতেই ডাইনিংত চাহ-জলপানৰ যোগান ধৰিলে।সাগৰিকাই। "কচোন এইফালে কিয় অহা হ'ল তোৰ?" চাহ খাই থকাৰ মাজতেই প্ৰশ্ন কৰিলে নবাৰুণে। "ইয়াত হৈ যোৱা মাৰ্ডাৰ কেইটাৰ কাৰণে হেড কোৱাৰ্টাৰৰ পৰা কালি স্পেচিয়েলি এপ্ইন্ট কৰিলে মোক। হেড কোৱাৰ্টাৰৰ পৰা স্ট্ৰিক্ট অৰ্ডাৰ ইমিডিয়েট কমলপুৰলৈ যাব লাগে। সেইকাৰণে যোৱাকালিয়ে টালি-টোপোলা সামৰি গুছি আহিলো। ইয়াত আহি গম পালো এই কেচটো তই হেণ্ডেল কৰি আছ।সেইকাৰণে ৰাতিপুৱা জ্ইন কৰিয়েই চিধা তোৰ ঘৰলৈ গুছি আহিলো। ভাবিলো তোকো চাৰপ্ৰাইজ এটা দিয়া হব।পিচে ইয়ালৈ আহি এক গুলিত দুই চিকাৰেই হৈছে মোৰ।" জলপানৰ বাতিটো হাতত লৈ কথাখিনি ক'লে উদীপ্ত ই। "মানে?" "তোক কবলৈয়ে।পাহৰিছিলো।মানে কমলপুৰৰে ছোৱালী এজনীৰ লগত মোৰ বিয়াৰ কথা-বতৰা চলি আছে।ইয়ালৈ আহিলো যেতিয়া তেওঁকো লগ কৰি কথাটো ফাইনেল কৰা হ'ব।" লাজ লাজকৈ হাঁহি এটা মাৰিলে উদীপ্ত ই। "আৰে ৱাহ গৰম খবৰচোন। এট লিষ্ট তই এইবোৰলৈ মন মেলিলি।ইয়াৰে ছোৱালী অথচ মোক কোৱাই নাছিলি যে। কচোন ছোৱালীজনীৰ নামটো, কি ক'ত কিয় বিখ্যাত?" "তাইৰ নামটো প্ৰাঞ্জনা চৌধুৰী। ই এন টি স্পেচিয়েলিষ্ট। দেউতাকো ডাক্তৰ নামটো অমৰজ্যোতি চৌধুৰী। ইয়াতে সাধনা বুলি দেউতাকৰ নাৰ্চিংহোম এখন আছে।" "আৰে দেউতাকচোন মোৰ খুব ভাল চিনাকী ডাক্তৰ। আমি তেখেতৰ ওচৰতে টেষ্টখিনি কৰাই আছো।পিছে পুলিচ আৰু ডাক্তৰ, কেচটো কি? লিংকটো কেনেকৈ লাগিল।প্ৰেম নে কি?" ৰসিকতা কৰি ক'লে নবাৰুণে। "ছোৱালীজনীৰ মাহীয়েক আমাৰ ৰীণা মাহীৰ জা'ক হয়। ঘৰত বিয়া পাতিবলৈ বৰ যোৰ কৰি আছিল। ৰীণা মাহীয়ে তেওঁৰ কথা ক'লে। মা-দেউতাই এবাৰ চোৱাৰ নিয়মটো কৰিলেহি। ভাবিছো ইয়াতে অলপ দিন থাকিম যেতিয়া দুদিনমান তেওঁক লগ কৰি কথাবোৰ আগবঢ়াব পাৰি নেকি চাম। আমি হে ভাবি আছো, ছোৱালীজনীৰ বা মত আছে নে নাই?তেনেকৈ আগতে কথা-বতৰাও পতা নাই নহয়। বিয়া এখনতহে এবাৰ লগ পাইছিলো" "উমম মই ঠিকেই ভাবিছিলো তোৰ নো আৰু প্ৰেম হব নে। যিহে বৰিং মানুহ এটা ত্ই।" "মোৰ পিছে ছোৱালীজনীলৈহে বেয়া লাগিছে। পুলিচক বিয়া পাতিবলৈ ওলাই তাই কমটো দুঃসাহস কৰিছে নে?" সাগৰিকাৰ কথাত গিৰ্জনি মাৰি হাঁহি দিলে আটায়ে। "পিছে ভালেই হ'ল দে। দেউতাক তোৰ চিনাকি যেতিয়া দুয়োটাই টাইম মিলাই এপাক গৈ আহিম সিহঁতৰ ঘৰৰ পৰা।বাৰু এতিয়া কেচটোৰ কথা কচোন।" কেচটোৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে উদীপ্ত ই। "কেচটো অলপ জটিল। মই কেৰিয়াৰত এনেকুৱা কেচ প্ৰথমবাৰ পাইছো। মৃত মহিলা দুগৰাকীক ডিঙি কাটি যি বিভৎসভাবে হত্যা কৰা হ'ল ত্ই হয়তো নেদেখিলে বিশ্বাস কৰিবৈ নোৱাৰিবি। যেন মহিলা দুগৰাকীৰ লগত বহু দিনীয়া আক্ৰোশ আছিল হত্যাকাৰীৰ। তাতোতকৈ আচৰিত হত্যাকাৰীয়ে ডেডবডিৰ কাষত তেজেৰে এটাকৈ আখৰ লিখি গৈছে। মই ইমান দিনে ভাবি উলিয়াব পৰা নাই আখৰ কেইটাই আচলতে বুজাব বিচাৰিছে কি? মোৰটো কেচটো বেলেগৰ হাতলৈ যোৱা বুলি শুনি দুখেই লাগিছিল। এতিয়া ত্ই লীড কৰিবি বুলি শুনি ভালেই লাগিল। এট লিষ্ট চিনি পোৱা এজনৰ লগত কাম কৰিম।" কেছটোৰ কথা সংক্ষেপে বৰ্ণনা কৰিলে নবাৰুণে। "উমম এই মৃত মানুহদুগৰাকীৰ মাজত কিবা কানেকচন আছিল নেকি?" উদীপ্ত ই সুধিলে। "এই মানুহ দুগৰাকীয়ে প্ৰায়ে ইয়াৰ চিটি মল নামৰ শ্বপিং মলখনত শ্বপিং কৰিবলৈ গৈছিল। আৰু তাতেই ৰাজপ্ৰকাশ নামৰ চেলছমেন এজনে ট্ৰায়েল ৰুমত গোপন কেমেৰাৰে দুয়োৰে ভিডিঅ শ্বুট কৰিছিল। আৰু তাৰ পাচতেই ল'ৰাটোৱে দুয়োকে ব্লেকমেইলিং কৰা আৰম্ভ কৰিছিল।বৰ্তমান ল'ৰাটো পলাই আছে। পুলিচে তাক এৰেষ্ট কৰিবলৈ ট্ৰাই কৰি আছে।মই হাণ্ড্ৰেড পাৰ্চেন্ট চিউৰ ৰাজপ্ৰকাশৰ এই কেচটোৰ লগত কিবা নহয় কিবা সম্পৰ্ক আছে।" নবাৰুণে উৎসাহেৰে ক'লে। "তেন্তে দোস্ত ত্ইচোন কেচটোৰ আধাতকৈ বেছি কাম চল্ভেই কৰি পেলালি। এতিয়া ৰাজপ্ৰকাশক এৰেষ্ট কৰিব পাৰিলেই কেচটোৱেই চল্ভ।কিন্তু ত্ই মোক এটা হেল্প কৰিব লাগিব। কেচটো চল্ভ হোৱালৈকে ইয়াত থাকিবলৈ তই মোক এটা ঘৰ চাই দিব লাগিব।" "কোনো দৰকাৰ নাই। আমাৰ ঘৰখন এনেই আছে নেকি?কেচ চল্ভ হোৱালৈকে তই আমাৰ আলহী।তোৰ থকা খোৱা শোৱাৰ সম্পূৰ্ণ দায়িত্ব মোৰ।" উদীপ্তৰ কথাষাৰত গৰজি উঠিল নবাৰুণ। "অ' তো ইমান ডাঙৰ ঘৰখনত আমি মাত্ৰ দুজনেই মানুহ থাকো। আপুনি থাকিলে আমাৰো ভাল লাগিব।"নবাৰুণৰ লগতে সাগৰিকাইয়ো যোগ দিলে। "কিন্তু!!" উদীপ্ত ই অলপ ইতস্ততঃবোধ কৰিলে। "কোনো কিন্তু নাই। মুঠতে তই আজিৰ পৰা আমাৰ আলহী।"কথাৰ মাজতেই উচ্চস্বৰত নবাৰুণৰ মবাইলটো বাজি উঠিল। "হেল্ল।" শংকৰৰ ফোন। নবাৰুণে সহাৰি জনালে। "ছাৰ গুড নিউজ এটা আছে। ৰাজপ্ৰকাশক দেৰগাঁও পুলিচে এৰেষ্ট কৰিছে। ইতিমধ্যে তাক ইয়ালৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। কাইলৈ পুৱালৈ ৰাজপ্ৰকাশ আমাৰ হাতত আহি পৰিব।" শংকৰে আনন্দত কথাষাৰ ক'লে। "ভেৰি গুড। কিন্তু শংকৰ এই কথাটো এতিয়াই মিডিয়াক জানিবলৈ নিদিবা।" ফোনটো সংযোগবিহীন কৰিলে নবাৰুণে। "কাৰ ফোন আছিল?" উদীপ্ত ই সুধিলে। "ইন্সপেক্টৰ শংকৰৰ ফোন। ৰাজপ্ৰকাশক দেৰগাঁৱৰ পুলিচে এৰেষ্ট কৰিছে। কাইলে হত্যাকাৰী আমাৰ হাতত।তই এতিয়া অলপ মুখ হাত ধুই ৰেষ্ট ল।কাইলৈ সোনকালে থানালৈ যাব লাগিব।" বিজয়ৰ হাঁহি এটা মাৰিলে নবাৰূণে। উদীপ্তৰো চকু কেইটা উজ্জ্বল হৈ উঠিল। ◆◆◆◆◆◆◆◆◆◆◆◆ "আহ নামাৰিব!" শংকৰ আৰু বিদ্যুতৰ পৰা বেতৰ কোব কেইটা খাই চিঞৰি উঠিল ৰাজপ্ৰকাশ। কমলপুৰ এৰি পলাই গৈ ঘৰতে আত্মগোপন কৰি থকা ৰাজপ্ৰকাশক এৰেষ্ট কৰিবলৈ বিশেষ অসুবিধা নহৈছিল দেৰগাঁৱৰ পুলিচৰ। এৰেষ্ট কৰি ৰাতিয়েই কমলপুৰলৈ তাক চালান দিছিল দেৰগাঁৱ পুলিচে। দুপৰীয়াৰ পৰা ৰাজপ্ৰকাশক সোধ-পোছত ব্যস্ত আছিল নবাৰুণ, উদীপ্তকে ধৰি পুলিচ বাহিনী। ইতিমধ্যে সন্ধ্যা হবৰে হৈছিল।কিন্তু সোধ-পোছৰ নামত অলপো আগবাঢ়িব পৰা নাছিল উদীপ্ত আৰু নবাৰুণ।শংকৰ আৰু বিদ্যুতৰ পৰা বেতৰ কোববোৰ খাই অৱশ হৈ পৰিছিল ৰাজপ্ৰকাশ। তৎসত্বেও কিন্তু তাৰ একেটাই উত্তৰ মই একো নাজানো। "অথনিৰ পৰা সুধি আছো। ভালে ভালে সঁচা কথাখিনি কৈ পেলা। মাথা গৰম হব লাগিলে ইয়াতে এনকাউন্টাৰ কৰি পেলাম।" শংকৰৰ মূৰটো গৰম হৈ আহিছিল। ৰাজপ্ৰকাশৰ ভৰিৰ তলুৱা দুখনত ভালকৈ দুকোব সোধাই দিলে শংকৰে। "মোক মিছাই সন্দেহ কৰিছে। মই এইবোৰ একো নাজানো।" মাৰ খাই চিৎকাৰ কৰি উঠিল ৰাজপ্ৰকাশে।নবাৰুণৰ খঙটো মূৰৰ ওপৰলৈ উঠি আহিল। "হত্যাৰ এসপ্তাহ আগতে ত্ই মলৰ ট্ৰায়েল ৰুমত মহিলা দুজনীৰ গোপন ভিডিঅ শ্বুট কৰিছিলি। আৰু তাৰ পাছতেই মানুহদুগৰাকীক ত্ই ব্লেকমেইলিং কৰা আৰম্ভ কৰিছিলি। অলৰেডি আমি সেই ট্ৰায়েল ৰুমত থকা কেমেৰা কেইটা চিজ কৰিছো। মানুহ দুজনীৰ হোৱাটছ এপপত থকা তোৰ মেচেজবোৰৰো ফটো আমাৰ ওচৰত আছে। তোক হত্যাকাৰী বুলি প্ৰমাণ কৰিবলৈ ইমানখিনি এভিডেন্সেই যথেষ্ট। গতিকে ভালেৰে কৈছো সকলোখিনি সচা কথা কৈ পেলা।নহ'লে এই পিষ্টলটোত থকা গোটেই কেইটা গুলি তোৰ মূৰেৰে সৰকাই ইয়াতে কেচটো ক্লজ কৰি দিম।" ৰাজপ্ৰকাশৰ মূৰত নাইন এম এম পিষ্টলটো গুজি দি গৰজি উঠিল নবাৰুণ। "ছাৰ ছাৰ কৈছো ছাৰ। সেই মানুহ দুগৰাকীৰ ভিডিঅ বনাই মই ব্লেকমেইলিং কৰাটো সঁচা। কিন্তু ছাৰ মই তেওঁলোকক হত্যা কৰা নাই। বিশ্বাস কৰক ছাৰ।" ভীষণ ভয় খাইছিল ৰাজপ্ৰকাশে। "আকৌ মিছা মাতিছ। হত্যা যদি কৰাই নাচিলি তেন্তে পলাই ফুৰিচিলি কিয়?" উদীপ্তৰো খঙটো বাঢ়ি আহিছিল। "ছাৰ ভয়তে পলাই ফুৰিছিলো। কাৰণ মই ভাবিছিলো মানুহ দুজনীৰ ফোন দুটা চেক কৰিলেই পুলিচে চিধাই মোক সন্দেহ কৰিব। কিন্তু প্লিজ ছাৰ বিশ্বাস কৰক, মই তেওঁলোকক হত্যা কৰা নাই। মই মাত্ৰ তেওঁলোকক ব্লেকমেইলিং কৰি টকা গোটোৱাৰ ধান্দা কৰিছিলো। ছাৰ কোনোবাই মোৰ প্লেনটোৰ ফায়দা উঠাইছে। প্লিজ ছাৰ, মই মিছা মতা নাই।" সৰু ল'ৰা এটাৰ দৰে উচুপি উঠিল ৰাজপ্ৰকাশে। "তোৰ এই প্লেনটোৰ কথা আন কোনোবাই জানিছিল?" গহীন হৈ সুধিলে উদীপ্ত ই। "নাই ছাৰ মই বেলেগ কাকো জানিবলৈ দিয়া নাছিলো।" কপা কপা মাতেৰে উত্তৰ দিলে ৰাজে। "তেন্তে কোনে তোৰ প্লেনটোৰ ফায়দা উঠাব। সেই মহিলা দুগৰাকীৰ বাহিৰে আৰু কিমানৰ ভিডিঅ বনাইছিলি ত্ই?" নবাৰুণৰ খংটো তেতিয়াও কমা নাছিল। "ছাৰ আৰূ পাচজনী মানুহৰ ভিডিঅ কৰিছিলো। কিন্তু বিশ্বাস কৰক এই মানুহ দুজনীৰ হত্যা হোৱাৰ পাচত ভয়তে মই বাকীবোৰ ভিডিঅ ডিলিট কৰি দিছো।" কান্দি কান্দিয়েই উত্তৰ দিলে ৰাজপ্ৰকাশে। " ই ছাৰ আকৌ মিছা মাতিছে। আৰু দুচাটমান দি দিলেই ই বেটাই আপোনা আপোনি সব কৈ পেলাব।" শংকৰে বেটদাল দাঙি পিটিবলৈ উদ্যত হ্ওতেই ফোনটো বাজি উঠিল চাব ইন্সপেক্টৰ বিদ্যুতৰ। ফোনটো ৰিচিভ কৰিয়েই মুখখন শেতা পৰি গ'ল বিদ্যুতৰ। "কি হ'ল বিদ্যুত কাৰ ফোন আছিল?" সকলোৱে উৎসুকতাৰে বিদ্যুতৰ মুখলৈ চালে। "ছাৰ মানিকপুৰৰ সাৰথি এপাৰ্টমেন্টত আকৌ এজনী মহিলাক হত্যা কৰা হৈছে। ঠিক চয়নিকা আৰু সবিতাক হত্যা কৰাৰ দৰেই।" বিদ্যুতৰ কথাষাৰত স্থৱিৰ হৈ ৰখি গ'ল ইন্টাৰোগেচন ৰুমত থকা সকলোটি।অবাক বিস্ময়ত সকলোৰে মুখবোৰ মেল খাই গৈছিল। (আগলৈ)
থ্ৰিলাৰ কাহিনী--বায়ুগ্ৰস্ত নিহন্তা content media
3
0
37
Tushar Ranjan Kashyap
Author of the Month
Author of the Month
Jun 13, 2020
In Writing
#থ্ৰিলাৰ_কাহিনী #বায়ুগ্ৰস্ত_নিহন্তা #WissenMonk_Saturday (৫) ডাঃ অমৰজ্যোতি চৌধুৰীৰ তাত টেষ্টখিনি কৰিবলৈ দি থানা পোৱালৈ যথেষ্ট দেৰিয়েই হৈছিল নবাৰুণৰ। আগদিনাৰ শংকৰৰ ফোনকলটোত মনটো কিছু ভাল লাগি গৈছিল তাৰ। দুটাকৈ জঘন্য হত্যাৰ পাছতো কেছটোত বিশেষ আগবাঢ়িব পৰা নাছিল নবাৰুণৰ পুলিচ বাহিনী। আচলতে কেছটোত আগবাঢ়িবলৈ একো ক্লুয়েই পোৱা নাছিল সিহঁতে। কিন্তু আগদিনা ৰাতি শংকৰৰ ফোনকলটোৱে নবাৰুণৰ মনটোত আকৌ নতুনকৈ উৎসাহ দিলে।ৰিপৰ্টখিনি পাছদিনা কালেক্ট কৰিম বুলি ডাক্তৰক কৈ চিধাই থানালৈ আহিল সি। এজন দক্ষ পুলিচ অফিচাৰ হিচাপে এটা সুনাম আছে নবাৰুণৰ। তৎসত্বেও কেছটো বেলেগৰ হাতলৈ গুছি যোৱাত যথেষ্ট ভাগিয়েই পৰিছিল সি। "শংকৰ এই ৰাজপ্ৰকাশ নামৰ ল'ৰাজনৰ লগত মহিলা দুগৰাকীৰ কানেকছন?" "ছাৰ চয়নিকা আৰু সবিতাৰ মোবাইলফোন দুটালৈ অহা সকলো লিষ্ট যোৱাকালি মই চেক কৰিছিলো। এই ৰাজপ্ৰকাশ নামৰ ল'ৰাটোৰ নম্বৰৰ পৰা সঘনাই দুয়োগৰাকীলৈ খুব ফোন কল আহিছিল। সন্দেহ বাঢ়ি যোৱাত মই মানুহ দুজনীৰ হোৱাটছ এপপৰ চাট লিষ্টখন চেক কৰিলো। তাতো ছাৰ ল'ৰাজনৰ পৰা সঘনাই ব্লেকমেইলিং জাতীয় মেছেজ আহিছিল দুয়োগৰাকীলৈ।" শংকৰে উত্তৰ দিলে। "কেনেধৰণৰ ব্লেকমেইলিং?" নবাৰুণে উৎসুকতাৰে সুধিলে। "ল'ৰাজনৰ মেছেজ অনুসৰি তাৰ হাতত মহিলা দুগৰাকীৰ কিবা গোপন ভিডিঅ আছিল। তাকে লৈ ল'ৰাজনে মানুহদুগৰাকীৰ পৰা দুই লাখকৈ টকা ডিমাণ্ড কৰিছিল। অন্যথা চচিয়েল মিডিয়াত সেই ভিডিঅখিনি এৰি দিয়াৰ ভাবুকি দিছিল সি। আনকি ৰাজপ্ৰকাশৰ পৰা মানুহদুগৰাকীলৈ কিছুমান অশ্লীল প্ৰস্তাৱো আহিছিল।" "আচৰিত!! মহিলা দুগৰাকীৰ গোপন ভিডিঅ তাৰ ওচৰলৈ আহিল কেনেকৈ? মহিলা দুগৰাকীৰ মোবাইলত সেই ভিডিঅ কেইটা আছিল নেকি?" আচৰিত হ'ল নবাৰুণ। "ভিডিঅ কেইটা ছাৰ মানুহদুগৰাকীয়ে কাপোৰ চেঞ্জ কৰি থকাৰ সময়ত শ্বুট কৰা।ছাৰ ল'ৰাজনে চিটি মলত চেলচমেন হিচাপে কাম কৰিছিল। আৰু মহিলা দুগৰাকী প্ৰায়ে তালৈ শ্বপিং কৰিবলৈ গৈছিল। ৰাজপ্ৰকাশে তাৰে এটা ট্ৰায়েল ৰুমত গোপনে এটা কেমেৰা ফিট কৰিছিল।আৰু মানুহদুগৰাকীয়ে কাপোৰ চেঞ্জ কৰা সময়ত সেই গোপন কেমেৰাত দৃশ্যখিনি আৱদ্ধ হৈছিল।" শংকৰে একেউশাহতে কথা কেইষাৰ ক'লে। "তেন্তে অকল চয়নিকা আৰু সবিতাই হয়তো ৰাজপ্ৰকাশৰ চিকাৰ নহয়। সেইখন মললৈতো প্ৰত্যক দিনাই কত মহিলাৰ আহ যাহ চলে। সেইফালৰ পৰা চাব গ'লেতো তাৰ হাতত হয়তো আৰু তেনেকুৱা বহুতো ভিডিঅ আছে।শংকৰ এই ল'ৰাটোৱে বেলেগ কোনোবা মহিলাক টাৰ্গেট বনোৱাৰ আগত ইমিডিয়েট তাক এৰেষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগিব। তুমি এটা কাম কৰা বিদ্যুতক পঠাই সেই ট্ৰায়েল ৰুমটো চিজ কৰাৰ ব্যৱস্থা কৰা।" "ছাৰ আপোনালৈ ফোন কৰাৰ পাছত কালি ৰাতিয়েই আমি তালৈ গৈছিলো। কিন্তু তেতিয়ালৈ মলখন বন্ধ কৰা হৈছিল। সেইকাৰণে আজি ৰাতিপুৱাই তালৈ গ'লো বিদ্যুত আৰু মই।ছাৰ ট্ৰায়েল ৰুমটো ইতিমধ্যেই চিজ কৰা হৈছে।তাত থকা কেমেৰাকেইটাও উদ্ধাৰ কৰা হৈছে।ৰাজপ্ৰকাশে যে তাত এটা কেমেৰা ফিট কৰিছিল সেইয়া আন কোনেও গমেই পোৱা নাছিল।" শংকৰে উত্তৰ দিলে। "ভেৰি গুড। কিন্তু এই কথাটো মিডিয়া বা আন কোনেও যাতে বাহিৰত গম নাপায়। নহ'লে বহুত ডাঙৰ হাংগামা হৈ যাব।কাৰণ কমলপুৰৰ মেক্সিমাম মহিলাই তাতে শ্বপিং কৰিবলৈ যায়" "সেই কথাটো মইও ভাবিছিলো ছাৰ। সেইকাৰণেই শ্বপিং মলৰ সকলোকে কথাটো যিমান পাৰি গোপন কৰি ৰাখিবলৈ ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে।" "ৱেল দান শংকৰ। পিছে এই ৰাজপ্ৰকাশ দাসৰ বিষয়ে মলৰ মানুহৰ পৰা কি কি জানিব পাৰিলা।" শংকৰৰ কথাষাৰত সন্তুষ্টিৰ হাঁহি এটা মাৰি ক'লে নবাৰুণে। "ল'ৰাজনৰ ঘৰ দেৰগাঁৱত।চিটি মলত কাম কৰিবলৈ লোৱাৰ পৰা ইয়াৰে এটা ভাড়াঘৰত আছিল।কিন্তু আমি কালি গৈ পোৱাৰ আগতেই সি পলাই গ'ল। ছাৰ মলত কাম কৰা মানুহখিনিৰ মতে ৰাজপ্ৰকাশৰ স্বভাৱ-চৰিত্ৰ খুবেই ভাল আছিল।ল'ৰাটোৱে খুব কমেইহে কথা পাতিছিল সকলোৰে লগত।সি এই ঘটনাটো কৰা বুলি শুনি তাত কাম কৰা সকলো আচৰিতেই হৈছে। সি তেনেকুৱা এটা কাম কৰিব বুলি কোনেও সপোনতো বোলে ভাবিব নোৱাৰে।" শংকৰে উত্তৰ দিলে। "হুহ এই নিবোকা চামনবোৰেইটো গৈ সাত ঘাটৰ সৈয়া কণী হৈ ওলায়।" বেকাকৈ হাঁহি এটা মাৰিলে নবাৰুণে। "কিন্তু ছাৰ সি মহিলাদুগৰাকীক হত্যা কৰিলে কিয়। তাৰ উদ্দেশ্যটো অকল ব্লেকমেইলিং কৰি টকা যোগাৰ কৰাই আছিল।" উৎসুকতাৰে প্ৰশ্ন কৰিলে শংকৰে। "বোধকৰো মহিলা দুগৰাকীয়ে তাৰ কথা পুলিচক লগোৱাৰ ভাবুকি দিছিল। অৱশ্যে সেইয়া ৰাজপ্ৰকাশক এৰেষ্ট কৰাৰ পাছত হে গম পোৱা হ'ব।তুমি ইমিডিয়েট তাৰ ফোনটোৰ কাৰেন্ট ল'কেছন ট্ৰেক কৰাৰ ব্যৱস্থা কৰা।কিমান দিন পলাই থাকিব সি।" কিবা এটা চিন্তা কৰি গহীন ভাবে কথাষাৰ ক'লে নবাৰুণে। "ছাৰ ল'ৰাজনে ফোনটোৰ চুইটচ অফ কৰি থৈছে। গতিকে কাৰেন্ট ল'কেচনটো গম পোৱা নাযাব। কিন্তু ফোনটোৰ লাষ্ট ল'কেচন চেক কৰোতে বোকাখাটৰ ওচৰত নেচনেল হাইৱেত পোৱা গৈছে।" শংকৰে উৎসাহেৰে ক'লে। "দেন সি ঘৰৰ ফালেই কৰবাত পলাই আছে। মে বি ঘৰলৈ যাওতে বোকাখাটৰ ওচৰতেই ফোনটো পেলাই গৈছে।তুমি দেৰগাঁও থানাৰ লগত কন্টেক্ট কৰা।ৰাজপ্ৰকাশ দাসক যিমান পাৰি সোনকালে এৰেষ্ট কৰাৰ ব্যৱস্থা কৰা। মই চিউৰ সি ঘৰৰ আশে পাশেই কৰবাত আছে।" "থিক আছে ছাৰ।" নিয়মমাফিক চ্যেলুট কৰি ওলাই গ'ল শংকৰ। চাহ একাপ খাবলৈ বৰকৈ মন গৈছিল নবাৰুণৰ। কনিষ্টবল এজনক মাতি চাহ একাপ আনিবলৈ অৰ্দাৰ দিলে নবাৰুণে। মনটো আগতকৈ কিছু ফৰকাল হ'ল নবাৰুণৰ। কেছটো বেলেগৰ হাতলৈ গুছি যোৱাত মান-সম্ভ্ৰমৰ কথাও আহি পৰিছিল তাৰ। সেয়েহে নতুন অফিচাৰজন অহাৰ আগতেই কেছটো চল্ভ কৰিবলৈ যিমান পাৰি তদন্ত খৰতকীয়া কৰিবলৈ চেষ্টা কৰিছিল নবাৰুণে। অৱশ্যে ব্লেকমেইলিংয়েই যদি উদ্দেশ্য আছিল ৰাজপ্ৰকাশে মহিলা দুগৰাকীক কিয় হত্যা কৰিলে সেইয়াও এক ডাঙৰ প্ৰশ্ন হৈ আছিল নবাৰুণৰ কাৰণে। মহিলা দুগৰাকীৰ ডেডবডিৰ কাষতে লিখা আখৰ কেইটাৰে বা কি বুজাব বিছাৰিছিল ৰাজপ্ৰকাশে?সেইয়া অৱশ্যে ৰাজপ্ৰকাশক লগ পোৱাৰ পাছতহে জানিব পৰা যাব। কথাবোৰ ভাবি ভাবি চাহ খাই থাকোতেই ফোনটো বাজি উঠিল নবাৰুণৰ।সাগৰিকাৰ ফোন। এই সময়ত বা আকৌ কিয় ফোন কৰিলে সাগৰিকাই? ভাবি আচৰিতেই হ'ল নবাৰুণ। "জল্দি ঘৰলৈ আহাচোন।" ফোনটো ৰিচিভ কৰি সহাঁৰি জনাবলৈ লওতেই বেলেগ কথাৰ অৱতাৰণা নকৰাকৈ চিধাই নবাৰুণক ঘৰলৈ মাতিলে সাগৰিকাই। "আৰে কি হ'ল মৌ?ইমান উধাতু খাই ফোন কৰিছা যে।" আচৰিত হ'ল নবাৰুণ। "কোনোবা এজন আহিছে তোমাক লগ কৰিবলৈ। এই কেছটোৰ হত্যাকাৰীৰ বিষয়ে বোলে কিবা কথা জানে। তুমি ইমিডিয়েট ঘৰলৈ আহা।" "কিন্তু মানুহজন কোন?" "মই চিনি নাপাও।আগে পাছে কেতিয়াও ইয়াত দেখা নাই মানুহটোক। সুধিলেও ভালকৈ একো নকয়।তোমাক হে লগ পাব বিচাৰিছে।থানাৰ বেলেগকো কথাটো কবলৈ মানা কৰিছে। অ' ৰুণ মানুহটোৰ ব্যৱহাৰ পাতিবোৰো মোৰ কিন্তু অকণো ঠিক লগা নাই। মোৰ হ'লে বিৰাট ভয় লাগিছে। প্লিজ তুমি জল্দি আহা।" সাগৰিকাৰ মাততো থোকাথোকি হ'ল। "তুমি একেবাৰে চিন্তা নকৰিবা। মানুহজনক মই গৈ পোৱালৈকে বহিব কোৱা। মই পাচ মিনিটত ঘৰ গৈ পাম।" ফোনটোৰ সংযোগ বিছিন্ন কৰিলে নবাৰুণে। চিন্তাত পৰিল সি। কোন মানুহ সেইজন? কেছটোৰ লগত তেওঁৰ সম্পৰ্কই বা কি?ৰাজপ্ৰকাশ হত্যাকাৰী নহয় নেকি? যদি তাক হত্যাকাৰী সন্দৰ্ভত মানুহটোৱে কিবা ক'ব বিছাৰিছে তেন্তে থানালৈ নাহি ঘৰলৈ গ'ল কিয়? মানুহটোৰ উদ্দেশ্য কিবা বেলেগ নহয়টো? সাগৰিকাও ঘৰত অকলে আছে।এনেই দিন কাল বেয়া।এই সময়টোতেইটো আনদুটা হত্যাকাণ্ড সংঘটিত হৈছিল।যদি সাগৰিকাক অকলশৰে পাই মানুহটোৱে........। বুকুখন চিৰিংকৈ মাৰিলে নবাৰুণৰ। একেচাটেই বাহিৰলৈ ওলাই আহিল সি।চিন্তাত মাথা গৰম উঠি আহিল তাৰ। ইতিমধ্যে সন্ধ্যা হৈ আহিছিল। গধুৰ মন এটা লৈ ফুল স্পিডত ঘৰ অভিমুখে গাড়ী দৌৰাই দিলে নবাৰুণে। কাৰণ সেইসময়ত তাৰ ঘৰত তালৈকে অপেক্ষা কৰি আছে কোনোবা এজন অচিনাকি আলহীয়ে, সাগৰিকা যে ঘৰত অকলশৰে। (আগলৈ)
থ্ৰিলাৰ কাহিনী--বায়ুগ্ৰস্ত নিহন্তা content media
3
0
36
Tushar Ranjan Kashyap
Author of the Month
Author of the Month
Jun 10, 2020
In Writing
#থ্ৰিলাৰ_কাহিনী #বায়ুগ্ৰস্ত_নিহন্তা #wissenmonk_wednesday (৪) আকৌ এটা জঘন্য হত্যাকাণ্ড।মানুহগৰাকীৰ নাম সবিতা বৰপূজাৰী, স্বামী ময়ুৰ বৰপূজাৰী। ড্ৰয়িং ৰুমত পৰি আছে সবিতাৰ মুণ্ডহীন নিঠৰ দেহ, ঠিক চয়নিকাৰ দৰেই।ড্ৰয়িং ৰুমৰ চেন্টাৰ টেবুলখনত একেধৰণেৰেই সজাই ৰখা হৈছে সবিতাৰ কটা মূৰটো, কাষত তেজেৰে ডাঙৰকৈ এইবাৰ S আখৰটো। একেই ফৰ্মূলা হত্যাকাৰীৰ, অতি সংগোপনে হয়তো পূৰ্ব পৰিকল্পনামতেই হত্যাকাৰীয়ে হত্যা কৰি গৈছে সবিতা বৰপূজাৰীক।আস কি ভয়ানক দৃশ্য,বেছি সময় চাই থাকিব নোৱাৰিলে নবাৰুণে, মূৰটো ঘূৰাই আহিল তাৰ। চয়নিকা আৰু সবিতা প্ৰায় সাগৰিকাৰ সমবয়সীয়া, অজান আশংকাত যেন বুকুখন কপি উঠিল নবাৰুণৰ।সাগৰিকাকো যদি এনেকৈ কোনোবাই!! ভাবিয়েই শিয়ৰি উঠিল সি। "ছাৰ মানুহগৰাকীৰ স্বামী ময়ুৰ বৰপূজাৰী ইয়াৰে এটা মাল্টিনেছনেল কোম্পানীৰ এক্সিকিউটিভ অফিছাৰ। তেওঁ কালিয়েই কোম্পানীৰ কামত বেংগলোৰ গৈছে। ইতিমধ্যে তেওঁলৈ খবৰ পঠোৱা হৈছে, কাইলৈহে তেওঁ আহি পাবহি।ছাৰ হত্যাকাণ্ড হোৱাৰ সময়ত মানুহজনী ৰুমত অকলেই আছিল।" চাব ইন্সপেক্টৰ বিদ্যুতে লাহেকৈ মাত লগালে। "হুমম।চিকিউৰিটি গাৰ্ডজনৰ পৰা কিবা জানিব পাৰিলা নেকি?কোনোবা সন্দেহযুক্ত মানুহ অহা বা যোৱা তেওঁৰ চকুত পৰিছিল নেকি?" "তেনে কোনো সন্দেহজনক ব্যক্তিক দেখা পোৱা বুলি তেওঁৰ মনত নাই।কিন্তু ছাৰ এপাৰ্টমেন্টটোলৈ আজি সন্ধিয়া কোন আহিছে বা ইয়াৰ পৰা কোন ওলাই গৈছে সকলোখিনি চিচি টিভিৰ ফুটেজ চালে গম পোৱা যাব।" "ঠিক আছে চিচিটিভিৰ ফুটেজখিনি তুমি কালেক্ট কৰা। হত্যাকাণ্ডৰ আধাঘন্টাৰ আগত বা আধাঘন্টাৰ পাছত যিখিনি মানুহ এপাৰ্টমেন্টটোলৈ আহিছে বা ওলাই গৈছে সকলোৰে ডিটেইলছখিনি কাইলৈৰ ভিতৰত মোক লাগে।" আৰু বেছিসময় তাত কটাবলৈ মন নগ'ল নবাৰুণৰ।ফৰ্মেলিটিছখিনি সম্পূৰ্ণ কৰিবলৈ কৈ বিদ্যুতক যাবতীয় নিৰ্দেশনা কেইটামান দি বাহিৰলৈ ওলাইআহিল নবাৰুণ। "শংকৰ চাও এইফালে আহা।" ইন্সপেক্টৰ শংকৰ এপাৰ্টমেন্টটোৰ আন আন মানুহক সোধ-পোছত ব্যস্ত আছিল। নবাৰুণৰ মাতত আগুৱাই আহিল সি। "শংকৰ চৈধ্য তাৰিখৰ ৰাতি চয়নিকা ৰাভাৰ হত্যাকাণ্ডৰ লগত আজিৰ হত্যাকাণ্ডটোৰ এশ শতাংশই মিল আছে। মই নিশ্চিত যে দুয়োগৰাকীৰ মাজত কৰবাত কিবা নহয় কিবা এটা মিল আছে। আৰু মোৰ যদি অনুমান ভুল নহয় এইটোৱেই হয়তো হত্যাকাৰীৰ শেষ হত্যাকাণ্ড নহয়। গতিকে তুমি যিমান পাৰা সোনকালে চয়নিকা আৰু সবিতাৰ ইছ এণ্ড এভৰিথিং ডিটেইলছখিনি কালেক্ট কৰা।লাষ্ট ওৱান মন্থত তেওঁলোক ক'ত ক'ত গৈছিল, কি কি কৰিছিল সকলোবোৰ।আকৌ এটা হত্যাকাণ্ড হোৱাৰ আগতেই আমি হত্যাকাৰীক এৰেষ্ট কৰিব লাগিব।" শংকৰক কথাখিনি কৈ গাড়ীলৈ আগুৱাই আহিল নবাৰুণ।নবাৰুণক দেখিয়েই ৰিপৰ্টাৰখিনিয়ে আহি আগুৰি ধৰিলেহি তাক। "ছাৰ চয়নিকা ৰাভাৰ হত্যাৰ তিনিদিন পাচতেই আকৌ একেধৰণেৰে হত্যা কৰা হৈছে সবিতা বৰপূজাৰীক। এই হত্যাৰ উদ্দেশ্য কি?"বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ল নবাৰুণ।একোৰে উত্তৰ দিবলৈ মন নগ'ল তাৰ। ভীষণ অস্বস্তি অনুভৱ কৰিলে নবাৰুণে। ন কমেন্ট বুলি লাহেকৈ উত্তৰ এটা দি মিডিয়াৰ বেহু ফালি গাড়ীলৈ আগবাঢ়িল নবাৰুণ। "আৰু এইয়া আছিল ডি এছ পি নবাৰুণ বৰুৱা। এটাৰ পিছত আন এটা জঘন্য হত্যাকাণ্ডহৈছে কমলপুৰত। কোনে কৰিছে এই হত্যাকাণ্ড?কিয় ইমান জঘন্য ভাবে হত্যা কৰা হৈছে এই দুগৰাকী মহিলাক? ইয়াৰ উত্তৰ এইসময়ত অসমৰ বিয়াগোম আৰক্ষী বিভাগটোৰ ওচৰতো নাই। পুলিচৰ ওচৰত কিমানদূৰ সুৰক্ষিত জনতা, এইসময়ত এইয়াও এক ডাঙৰ প্ৰশ্ন।কেমেৰা পাৰ্ছন চাহিদুলৰ সৈতে............" স্পটত থকা কোনোবা এগৰাকী সাংবাদিকৰ শব্দবোৰ কাণত পৰিল নবাৰুণৰ। সাংবাদিকৰ কামেই সেইয়া,কিবা এটা ঘটনাৰ আতিগুৰি নজনাকৈয়ে পুলিচৰ ওপৰত দোষ জাপি দিয়াটো মিডিয়াৰ স্বভাৱ। বিশেষ চিন্তা নকৰি ঘৰলৈ গাড়ী দৌৰাই দিলে নবাৰুণে, ভীষণ ভাগৰুৱা অনুভৱ কৰিছিল সি। "কি ভাবি আছানো ৰুণ?" ভাতৰ পাতত বহি আঙুলিৰে লিৰিকি বিদাৰি থকা নবাৰুণক উদ্দেশ্যি মাত লগালে সাগৰিকাই।সাগৰিকাই মৰমতে নবাৰুণক ৰুণ বুলি মাতে, নবাৰুণে মাতে মৌ বুলি। "নাই একো ভাবা নাই।"পলায়নবাদী উত্তৰ নবাৰুণৰ। "একো যদি হোৱাই নাই তেন্তে খোৱা নাই যে।আঞ্জাখন টেষ্টি হোৱা নাই?" কোমলকৈ সুধিলে সাগৰিকাই। "নহয় মৌ এনেকুৱা লাগিছে যেন মোৰ চকুৰ আগতেই দুজনী মহিলাক হত্যা কৰা হ'ল।কিন্তু মই একো এটা...." ভাগি পৰিল নবাৰুণ। "তুমি ইমান ভাগি পৰিলে কেনেকৈ হব ৰুণ। এইতোটো তোমাৰ কেৰিয়াৰৰ ফাৰ্ষ্ট কেছ নহয়।" "য়েছ এইটো মোৰ ফাৰ্ষ্ট কেছ নহয় কিন্তু এই কেছটো যেন আনবোৰতকৈ অলপ বেলেগ।কি জঘন্যভাবে হত্যা কৰা হৈছে দুইগৰাকী মহিলাক তুমি নেদেখালৈকে হয়তো বিশ্বাসেই নকৰিবা। দুয়োটা মাৰ্ডাৰতে হত্যাকাৰীয়ে তেজেৰে লিখি গৈছে একোটাকৈ আখৰ। কিবা যেন ক'ব বিছাৰিছে হত্যাকাৰীয়ে। কিন্তু.....'' হুমুনিয়াহ এটা ওলাই আহিল নবাৰুণৰ মুখেৰে। "এতিয়া ভালকৈ ভাতকেইটা খোৱাচোন। চাবা সময়ত সকলো ঠিক হ'ব।" সান্তনাসূচক স্বৰত ক'লে সাগৰিকাই। কথাৰ মাজতে উচ্চস্বৰত বাজি উঠিল।নবাৰুণৰ চেলুলাৰটো, ডি আই জিৰ ফোন। "হেল্ল' ছাৰ।" সহাৰি জনালে নবাৰুণে। "বৰুৱা কি হৈ আছে আপোনাৰ এৰিয়াত। তিনিদিনৰ ভিতৰত দুটা হত্যাকাণ্ড হৈ গ'ল আপোনালোকে কৰি আছিল কি?" বেছ গৰমকৈ কথাষাৰ ক'লে ডি আই জি অনুপ ঠাকুৰে। "ছাৰ আমাৰ ইনভেষ্টিগেছন চলি আছে। এপাৰ্টমেন্টটোৰ চিচি টিভিৰ ফুটেজো চেক কৰা হৈছে।মৃত চয়নিকা আৰু সবিতাৰ ইছ এণ্ড এভৰিথিং ডিটেইলছ কালেক্ট কৰিবলৈ দিয়া হৈছে‌। ছাৰ খুব সোনকালেই আমি হত্যাকাৰীক এৰেষ্ট কৰিম।" নবাৰুণে সংক্ষেপে উত্তৰ দিলে। "এনেকৈ নহব বৰুৱা আপুনি নিউজটো খুলিলে দেখিব চাৰিওফালে কেৱল পুলিচৰ বদনাম আৰু বদনাম। চেনেলবোৰত কেছটোকলৈ আনকি টক শ্ব পৰ্যন্ত হৈছে। ওপৰৰ পৰাও যথেষ্ট প্ৰেচাৰ আহিছে মোৰ ওপৰত। চ' মই অলপ বেলেগ চিন্তা কৰিছো।" "মানে ছাৰ।" শিয়ৰি উঠিল নবাৰুণ। কেনেবাকৈ ডি আই জিয়ে বেলেগৰ হাতলৈ দিব বিছৰা নাইতো? "কেচটোৰ কাৰণে ক্ৰাইম ব্ৰান্হৰ পৰা স্পেচিয়েলি এজনক এপইন্ট কৰা হৈছে।কাইলৈ তেওঁ জ্ইন কৰিব‌।" নবাৰুণে নিবিচৰাটোৱেই হ'ল। "কিন্তু ছাৰ, আমিটো সকলো বাদ দি কেৱল এইটো কেছতেই ব্যস্ত আছো।" নবাৰুণ আচৰিত হ'ল। "মই আপোনাৰ মনৰ কথাটো বুজিছো বৰুৱা। কিন্তু ওপৰৰ পৰা অহা অৰ্ডাৰ আমিটো ফল' কৰিবই লাগিব।ওপৰ মহলক আৰু মিডিয়াকো মই উত্তৰ দিব লাগে।গতিকে এই কেছটোত এতিয়াৰ পৰা আপুনি এচিটেন্ট হিচাপে কাম কৰিব। মোৰ বোধেৰে আপোনাৰ একো আপত্তি নাই।" "ঠিক আছে ছাৰ।" ফোনৰ সংযোগ বিছিন্ন কৰিলে নবাৰুণে।কেছটোত ভালদৰে আগবাঢ়িবলৈ নাপাওতেই বেলেগ এজনৰ হাতলৈ গুচি যোৱাত যথেষ্ট ভাঙি পৰিল সি। চাকৰি জীৱনৰ এতিয়ালৈকে সন্মুখীন হোৱা আটাইকেইটা কেছতে সফল হৈছে সি। কেইবাটাও দাগী অপৰাধীক জেলৰ ভাত খুৱাইছে নবাৰুণে, তৎসত্বেও। "কাৰ ফোন আছিল?" "ডি আই জি ছাৰৰ। এই কেছটোৰ কাৰণে স্পেচিয়েলি এজনক এপ্ইন্টক কৰিছে ওপৰৰ পৰা।তাকে জনাবলৈ ফোন কৰিছিল।" লাহেকৈ উত্তৰ দিলে নবাৰুণে। "অহহ জানা আজি ঘৰৰ পৰা মায়ে ফোন কৰিছিল।" নবাৰুণৰ মনটো ভাল লগাবলৈকে আন কথা উলিয়াবলৈ চেষ্টা কৰিলে সাগৰিকাই।একো উত্তৰ নিদিলে নবাৰুণে, কথা পাতিবলৈ একেবাৰে মন নাছিল তাৰ। "মায়ে কি কৈছে জানা?" "কি কৈছে?" গহীনকৈ সুধিলে নবাৰুণে। "মা-পাপাৰ হেনো নাতিৰ মুখ চাবলৈ বৰকৈ মন গৈছে। আৰু মইয়োটো ঘৰত প্ৰায়ভাগ সময় অকলেই থাকো। মোৰো লগ এটা হব দিয়াচোন।মইটো নাম ভাবিবলৈ আৰম্ভ কৰিলোৱেই জানা। ল'ৰা হ'লে কি নাম ৰাখিম জানা?" "যাষ্ট ষ্টপ ইট সাগৰিকা। তোমাৰ মূৰৰ গণ্ডগোল হৈছে নেকি? মই ভাবি আছো কেছটোৰ বিষয়ে আৰু তুমি? সব সময়তেই তোমাৰ এই চাইল্ডিছ বিহেভিয়াৰটো মই ভাল নাপাও মৌ।পাগলামিৰ স্বভাৱবোৰ একেবাৰেই নগ'ল তোমাৰ?" সাগৰিকাই যিমান উৎসাহত কথা কেইটা কৈছিল তাক এক প্ৰকাৰ নিৰাশ কৰি গৰজি উঠিল নবাৰুণ। খং আৰু হতাশাত যথেষ্ট ভাঙি পৰিছিল সি। সাগৰিকাৰ কথাকেইটাই তাৰ মূৰটো আৰু গৰম কৰি তুলিলে তাৰ। "চাইল্ডিছ? মোৰ কথাকেইটা তোমাৰ পাগলামিৰ নিচিনাহে লাগিল? তুমি তোমাৰ ডিপাৰ্টমেন্টতেই গৈ সোমাই থাকা।তাৰ গোটেই কেছবোৰ চল্ভ কৰি জীৱনটোৰ আধা বয়স পাৰ হোৱাৰ পাছত যদি কেতিয়াবা অকণমান সময় পোৱা তেতিয়া মোক অলপ টাইম দিবা।" দুচকুৰে চকুলো বাগৰি আহিল সাগৰিকাৰ।কিমান।উৎসাহেৰে কথা কেইটা কৈছিল তাই, অথচ নবাৰুণে।নবাৰুণক খোৱা টেবুলত তেনেকৈ এৰি উচাৎ মাৰি উঠি গ'ল সাগৰিকা। মনটো বেয়া লাগি গ'ল নবাৰুণৰ। আচলতে সাগৰিকাৰ ওপৰত তাৰ খং উঠা নাছিল, খং উঠিছিল তাৰ নিজৰ ওপৰত।কেছটোৰ লগত লাগি তাৰ ইমানেই মূৰটো গৰম উঠিছিল যে একো নভবা নিচিন্তাকৈয়ে সাগৰিকাক কিবা কিবি কৈ পেলালে সি। আচলতে সন্তানৰ কথা নবাৰুণে চিন্তা নকৰা নহয়। দুয়ো ইতিমধ্যে যথেষ্ট আগ ও বাঢ়িছে। ডাক্তৰৰ ৰিপৰ্টমতে সাগৰিকাৰ ফালৰ পৰা সকলোখিনি ঠিকেই আছে। নবাৰুণেহে অৱশ্যে সময়ৰ অভাৱত নিজৰ টেষ্ট খিনি কৰিব পৰা নাই।সাগৰিকাক তেনেকৈ কৈ নিজকে দোষী যেন লাগিল নবাৰুণৰ। "মৌ শুনাচোন, অথনি মই তোমাক তেনেকৈ ক'ব নালাগিছিল। আচলতে কেছটো বেলেগৰ হাতলৈ গুচি যোৱাত মনটো একেবাৰে বেয়া হৈ আছিল মোৰ। আই এম ৰিয়েলি ভেৰি ছ'ৰি মৌ।" অপৰাধী অপৰাধী মন এটাৰে কথাখিনি ক'লে নবাৰুণে। "হব ৰাতি বহুত হ'ল শুই যোৱা এতিয়া। মই বুজি পাইছো দিয়া।" বেডৰুমত থকা আইনাখনৰ সন্মুখত বহি চুলি কেইদাল আচুৰি থকাৰ পৰাই গহীনকৈ উত্তৰ দিলে সাগৰিকাই। সাগৰিকাক এইবোৰ কথাতেই ভাল লাগে নবাৰুণৰ। ঘপককৈ কিবা কথাত ওফোন্দ পাতিলেও আকৌ সোনকালেই সকলোবোৰ পাহৰি পেলাব পাৰে তাই। সচাকৈয়ে কি কোমল মন সাগৰিকাৰ, ঠিক সৰু ছোৱালীৰ দৰেই। "ডাক্তৰেতো তোমাৰ সকলো ঠিক আছে বুলিয়েই কৈছিল। এইকেইদিনতেই মইয়ো টেষ্টখিনি কৰাই লম বুলি ভাবিছো। নে কি কোৱা।" সাগৰিকাৰ মনটো ভাল লগাবলৈ চেষ্টা কৰিলে নবাৰুণে। "হ'ব অ আগতে তুমি কেছটোত মন দিয়া। কেছটো চল্ভ হৈ লওকচোন।আমাৰ ওচৰত সময় নাইকিয়া হৈছে নে কিবা।" নবাৰুণক সহজ কৰিবলৈ হাঁহি এটা মাৰি দিলে সাগৰিকাই। মনটো আগতকৈ ফৰকাল লাগি গ'ল নবাৰুণৰ। সঁচাকৈ সাগৰিকাৰ দৰে ছোৱালী এজনীক চাগে সি কিবা ভাগ্যৰ বলতহে পত্নী হিচাপে পাইছে।মনটো সৰু ছোৱালী এজনীৰ দৰে যদিও কথাবোৰ খুব সোনকালেই বুজি পায় তাই। সাগৰিকাক বুকুৰ মাজত সুমুৱাই মৰম কৰিবলৈ মন গ'ল নবাৰুণৰ। "দিল দিয়া গল্লা......" নবাৰুণৰ ফোনটো বাজি উঠিল।ইন্সপেক্টৰ শংকৰৰ ফোন। " শংকৰ কোৱা।"সহাৰি জনালে নবাৰুণে। "ছাৰ কেছটোৰ সন্দৰ্ভত এটা ইমপৰটেন্ট কথা এটা জানিব পাৰিলো ছাৰ।" "কি কথা শংকৰ?" উৎসাহেৰে সুধিলে নবাৰুণে। "ছাৰ আপুনি কোৱামতেই মৃত চয়নিকা আৰু সবিতা বৰপূজাৰীৰ মাজত কিবা মিল আছে নেকি সেইয়া আমি অনুসন্ধান চলাইছিলো।দুয়োগৰাকীৰ মাজত তেনেকুৱা একো মিল নাই কিন্তু ছাৰ হোৱাটছ এপত একেই নাম্বাৰ এটাৰ পৰা দুয়োগৰাকীলৈ যোৱা এসপ্তাহৰপৰা সঘনাই কিছুমান ব্লেকমেইলিং জাতীয় মেছেজ আৰু ফোনকল আহিছিল। আমি গম পোৱা অনুসৰি সেই নম্বৰটো ৰাজপ্ৰকাশ দাস নামৰ এজন ল'ৰাৰ। ল'ৰাজন ছাৰ চিটি মলৰ চেলছমেন।" একে উশাহতে কথাখিনি ক'লে শংকৰে। " আচ্ছা ল'ৰাজন বৰ্তমান ক'ত?" "ছাৰ ল'ৰাজন কমলপুৰৰে এটা ভাড়া ঘৰত থাকে। কিন্তু আমি গৈ পোৱাৰ আগতেই ল'ৰাজন কৰবালৈ গুচি গৈছে। আই থিংক সি পলাইছে।" "হোৱাট!!!!!" শংকৰৰ কথাষাৰত চকুকেইটা বহল কৈ মেল খাই গ'ল নবাৰুণৰ। (আগলৈ)
থ্ৰিলাৰ কাহিনী-বায়ুগ্ৰস্ত নিহন্তা content media
4
0
44
Tushar Ranjan Kashyap
Author of the Month
Author of the Month
Jun 07, 2020
In Writing
#থ্ৰিলাৰ_কাহিনী #বায়ুগ্ৰস্ত_নিহন্তা #wissenmonk_sunday (৩) চয়নিকা ৰাভাৰ হত্যাৰ কেছটোৱে যথেষ্ট বিবুধিত পেলালে নবাৰুণক। তাতোকৈ যথেষ্ট বিবুধিত পেলাইছে এই M আখৰটোৱে। কি বুজাইছে এই আখৰটোৱে,হত্যাৰ বা উদ্দেশ্য ই কি? ইতিমধ্যে তিনিটা দিন অতিক্ৰম কৰিছে ঘটনাটোৱে। কিন্তু প্ৰাৰম্ভিক পৰ্যায়ৰ অনুসন্ধানখিনিৰ বাহিৰে কেছটোত অকণমানো আগবাঢ়িব পৰা নাই পুলিচ বিভাগ। হত্যাকাৰীৰ ওচৰ চাপিবলৈ হ'লে প্ৰথমে বিছাৰি উলিয়াব লাগিব হত্যাৰ মূল উদ্দেশ্য, কিন্তু চয়নিকা বা বিপুল ৰাভাৰ সন্দৰ্ভত যিমানখিনি তথ্য এতিয়ালৈকে নবাৰুণে লাভ কৰিলে তাৰ পৰা একো অনুমানেই কৰিব পৰা নাযায় কিয় ইমান নিৰ্দয় ভাবে চয়নিকাক হত্যা কৰা হ'ল। "শংকৰ বিপুল ৰাভাই কোৱা অনুসৰি তেওঁলোকৰ ঘৰৰ কাম কৰা মানুহজন বেমাৰৰ বাবে ছুটীত আছিল। কথাষাৰ কিমানদূৰ সঁচা।" আবেলি থানাত পোষ্ট মৰ্টেম ৰিপৰ্টোত চকু ফুৰাই থকাৰ পৰাই সুধিলে নবাৰুণে। "ছাৰ নন্দ দাসে সচাকৈয়ে বেমাৰৰ বাবে কামৰ পৰা ছুটী লৈছিল। আনকি হত্যাকাণ্ডৰ দিনা পুৱাই তেওঁক পৰিয়ালৰ মানুহে চিভিল হস্পিতালত ভৰ্তি কৰিছিল। ছাৰ এইয়া তেওঁৰ মেডিকেলৰ ৰিপৰ্ট।" ফাইল এটা আগবঢ়াই দিলে শংকৰে। "ঠিকেই নন্দ দাসে হত্যা কৰা হ'লে হয়তো প্ইচা বা সোণৰ গহনা ইত্যাদি কাৰণত সেই কাম কৰিলেহেতেন। কিন্তু তেওঁলোকৰ ঘৰত তেনেকুৱা একো হানি-বিঘিনি হোৱা নাছিল।" নিজকে নিজেই কোৱাৰ দৰে কথাখিনি ক'লে নবাৰুণে। "বাৰু শংকৰ বিপুল ৰাভাৰ কোনোবা ব্যক্তিগত শত্ৰু আছিল নেকি যাৰ বাবে হয়তো চয়নিকা এনে জঘন্য ঘটনাৰ বলি হ'ব লগা হ'ল।" "নাই ছাৰ এতিয়ালৈকে যিমানখিনি জানিলো বিপুল ৰাভাৰ এনেকুৱা কোনো শত্ৰু নাছিল। অফিচৰ ষ্টাফ বা ওচৰ চুবুৰীয়া সকলোৰে লগত তেওঁলোকৰ সম্পৰ্ক যথেষ্ট ভাল আছিল।" শংকৰে উত্তৰ দিলে। "আচৰিত!! তেন্তে কোনে হত্যা কৰিলে চয়নিকাক? আচ্ছা চয়নিকাৰ কোনোবা বেলেগ ল'ৰাৰ লগত কিবা সম্পৰ্ক? আই মিন এফেয়াৰ।" "সেই সম্পৰ্কে এতিয়ালৈকে একো জানিব পৰা হোৱা নাই ছাৰ। আই থিংক চয়নিকাৰ ফোনটো খুলিব পাৰিলেই তেনে কিবা ঘটনা আছিল যদি জানিব পাৰিম। ছাৰ কাইলৈ পুৱাৰ ভিতৰত চয়নিকাৰ ফোনটো পোৱা যাব।" শংকৰে উত্তৰ দিলে‌। " মে আই কাম ইন ছাৰ।" নবাৰুণ আৰু শংকৰৰ আলোচনাৰ মাজতেই এজন ব্যক্তিয়ে আহি মাত লগালে। বয়স প্ৰায় চল্লিশ বছৰেই হব মানুহজনৰ। মানুহজনৰ চকুহাললৈ লক্ষ্য কৰিলে নবাৰুণে। কিবা এক দূখৰ বাতৰিয়ে যেন তেওঁক কোঙা কৰি পেলাইছে। নবাৰুণৰ সন্মতি লৈ সোমাই আহিল মানুহজন। "আপুনি?" "মই চন্দ্ৰ ৰাভা, চয়নিকাৰ ককায়েক। আপুনি কালি ফোন কৰিছিল মোলৈ। এপাক ইয়ালৈ আহি খবৰ দিবলৈ কৈছিল। ভাবিলো আপোনাক নিজেই লগ কৰি আহোগৈ।" মানুহজনে উত্তৰ দিলে। "ইয়েছ ইয়েছ বহকচোন।" মানুহজনক বহিবলৈ দি কোনোবা এজনক চাহ দুকাপ আনিবলৈ শংকৰক অৰ্ডাৰ দিবলৈ ক'লে নবাৰুণে। "বহুত মৰমৰ আছিল তাই আমাৰ সৰুৰেপৰাই। নাজানো কোনে কিয় তাইক এনেদৰে...." হুকহুকাই কান্দি দিলে চন্দ্ৰ ৰাভাই‌। "আপুনি অলপ ধৈৰ্য ধৰকচোন। আপোনাৰ মনত কিবা সন্দেহ আছে নেকি?কোনে হত্যা কৰিব পাৰে চয়নিকাক?" "নাজানো, মই জনাত তাইৰ প্ৰতি কাৰোৰে বেয়া ভাব নাছিল।" চন্দ্ৰ ৰাভাই উত্তৰ দিলে। "বাৰু চয়নিকা বা বিপুলৰ ক্ষেত্ৰত কিবা অস্বাভাৱিকতাৰ কথা লক্ষ্য কৰিছিল নেকি?" নবাৰুণে সুধিলে। "তেনে কোনো অস্বাভাৱিকতা নাছিল।কিন্তু কিছুদিনৰ পৰা দুয়োটাৰ মনতো অলপ দূৰ্বল আছিল।" কথাষাৰৰ মাজতে কনিষ্টবল এজনে দুকাপ চাহ দি গ'ল। "কিন্তু কিয়?" "আচলতে সিহঁত দুয়োটাই বহু দিনৰে পৰা পৰিয়াল বঢ়োৱাৰ কথা চিন্তা কৰিছিল। কিন্তু সিহঁতে কেইবাবাৰো চেষ্টা কৰিও সুফল নাপায় ডক্টৰৰ ওচৰত চেক আপত গৈছিল।ৰিপৰ্টমতে চয়নিকাৰ ঠিকেই আছিল কিন্তু বিপুলৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাছিল। এই ৰিপৰ্টো পোৱাৰ পৰা বিপুলৰ মনটো কিছু ভাঙি পৰিছিল। এই কথা অৱশ্যে ভন্টীয়ে জনা নাছিল। তাইৰ কিয় মন বেয়া আছিল সেইটোহে নাজানো।" মানুহজনে সংক্ষেপে উত্তৰ দিলে। "আপোনি সোধা নাছিল?" "সুধিছিলো কিন্তু তাই একো নক'লে। মইও বৰ বেছি গুৰুত্ব নিদিলো।" "আচৰিত এই কথা বিপুলে আমাক জনোৱা নাছিল।আপুনি এতিয়া যাওক। আমি এতিয়াই বিপুল ৰাভাক লগ কৰিব লাগিব।মোৰ আন্দাজ ইয়াতে কৰবাত ৰহস্য আছে।" কথাষাৰ কৈয়ে শংকৰক গাড়ী উলিয়াবলৈ দি মানুহজনক বিদায় দিলে নবাৰুণৰ। নবাৰুণৰ নিৰ্দেশত বিপুল ৰাভাৰ ঘৰলৈ গাড়ী পোনালে শংকৰে। বিপুল ৰাভা ৰ ঘৰ পোৱালৈ সন্ধিয়াই লাগিছিল নবাৰুণহঁতৰ। ৰাভা তেতিয়া ঘৰতে আছিল।নবাৰুণহঁতক দেখি আগুৱাই আহিল বিপুল ৰাভা। "আহকচোন।" নবাৰুণহঁতক ড্ৰয়িংৰুমতে বহিবলৈ দিলে ৰাভাই। "আচ্ছা ৰাভা এইকেইদিনতে আপোনালোক মেডিকেলৰ চেক আপত কোনোবা এখন নাৰ্ছিং হমলৈ গৈছিল, নামতো কি আছিল?" পোনচাটেই সুধিলে নবাৰুণে। " সাধনা নাৰ্চিংহোম।" বুকুখন যেন জিৰককৈ মাৰিলে বিপুলৰ। " আচ্ছা আমি শুনাত ৰিপৰ্টমতে আপোনাৰ পিতৃ হোৱাৰ ক্ষমতা নাছিল?" "হয় নাছিল।"কোনোমতে মাতষাৰ উলিয়ালে ৰাভাই "আপুনি এই কথা আপোনাৰ পত্নীক কিয় জনোৱা নাছিল?" নবাৰুণে প্ৰশ্ন কৰিলে। "নাই মানে এনেয়েহে........" সেমেনাসেমেন কৰিলে বিপুল ৰাভাই। "সংসাৰত সুখ-দুখ থাকিব্ই। তাৰ কথা যদি আপুনি আপোনজনৰ আগত নকয় কেনেকৈ হব। নে আপুনি নিজৰ পুৰুষত্বহীনতাৰ কথা লুকুৱাবলৈ গৈ নিজেই আপোনাৰ পত্নীক......" ৰহস্যময়ী হাঁহি এটা মাৰিলে নবাৰুণে। "হোৱাট আপুনি কৈছে কি? মই চয়নিকাক!! আপুনি নাজানে অফিছাৰ আমি ইজনে আনজনক কিমান ভাল।পাইছিলো। তেওঁক হত্যা, এই কথা মই সপোনতো ভাবিব নোৱাৰো।নে আচল দোষীক ধৰিব নোৱাৰি আপোনালোকে মোকেই অপৰাধী সজোৱাৰ চেষ্টা কৰিছে।" চিঞৰি উঠিল ৰাভাই‌। "আচলতে আপুনি লুকুৱাব খোজা কথাটো চয়নিকাই কিবাকৈ জানিছিল।সেইবাবে আপোনাৰ পুৰুষত্বহীনতাৰ কথা সমাজৰ আগত লুকুৱাবলৈ গৈ নিজেই পৰিকল্পিত ভাবে পত্নীক হত্যা কৰিলে।"পুলিচি কায়দাৰে ৰাভাক জব্দ কৰাৰ চেষ্টা কৰিলে নবাৰুণে। "এইবোৰ আপুনি কৈছে কি?প্লিজ অফিছাৰ বিশ্বাস কৰক মই তেওঁক কিয় হত্যা কৰিম। তেওঁৰ মৃত্যুৰ সময়ততো মই ঘৰতে নাছিলো।" কথাৰ মাজতে নবাৰুণৰ ফোনটো উচ্চস্বৰত বাজি উঠিল। ফোনটো ৰিচিভ কৰিয়েই মুখখন শেতা পৰি গ'ল নবাৰুণৰ। "কি হ'ল ছাৰ। কাৰ ফোন?" শংকৰে সুধিলে। "বিদ্যুতৰ। শংকৰ কমলপুৰৰ পৰা আগলৈ মধুপুৰ টাউনৰ ওচৰৰ এটা ফ্লেটত আকৌ এজনী মহিলাক হত্যা কৰা হৈছে, ডিঙি কাটি। ঠিক চয়নিকাক হত্যা কৰাৰ দৰেই।" "ছাৰ!!!! " আশ্চৰ্য্যত সকলোৰে মুখখন মেল খাই গ'ল। (আগলৈ) খণ্ড ২ https://www.wissenmonk.com/home/writing/thr-ilaar-kaahinii-baayyugr-st-nihntaa
থ্ৰিলাৰ কাহিনী-বায়ুগ্ৰস্ত নিহন্তা। content media
4
0
24
Tushar Ranjan Kashyap
Author of the Month
Author of the Month
Jun 03, 2020
In Writing
#থ্ৰিলাৰ_কাহিনী #বায়ুগ্ৰস্ত_নিহন্তা #WissenMonk_Wednesday (২) ঘটনাস্থলী পাওতে প্ৰায় বিশমিনটমানেই লাগিল নবাৰুণৰ। ঘৰটোৰ সৰু চোতালখনত মানুহৰ জুম এটা গেটৰ ওচৰৰ পৰাই প্ৰতক্ষ্য কৰিলে সি।মিডিয়া আৰু স্থানীয় মানুহখিনিয়ে ইতিমধ্যেই ভিৰ কৰিছিলহি ঘটনাস্থলীৰ ওচৰত। গাড়ীৰ পৰা নামিয়েই এবাৰ ঘৰটোৰ চাৰিওফালে চকু ফুৰালে নবাৰুণে। অসম আৰ্হিৰ এটা সৰু ঘৰ। আগফালৰ সৰু চোতালখনৰ এটা চুকত ফুলৰ এখন সৰু বাগিছা, গেটৰ ওচৰতে দুফালে দুটা জাপানীজ মেপলৰ পুলি। ঘৰৰ চৌপাশখন সজোৱাত হয়তো খুব ভালদৰেই গুৰুত্ব দিছিল গৃহস্থই। ইতিমধ্যে শংকৰৰ নেতৃত্বত পুলিচৰ দলটোৱে প্ৰাথমিক অনুসন্ধানৰ কাম আৰম্ভ কৰিছিল। নবাৰুণৰ গাড়ীখন দেখি চাব ইন্সপেক্টৰ বিদ্যুত আহি নিয়মমাফিক চ্যেলুট কৰিলে। "ডিটেইলছত কোৱা" বেলেগ একো নোসোধাকৈ চিধাই কেচটোৰ সম্পৰ্কত সুধিলে নবাৰুণে। "চাৰ মানুহজনীৰ নাম চয়নিকা ৰাভা, স্বামীৰ নাম বিপুল ৰাভা।অৰিজিনেলি গোৱালপাৰাত ঘৰ। বৰ্তমান স্বামীৰ চাকৰি সুত্ৰে ইয়াৰ বাসিন্দা।স্বামী বিপুল দাস কমলপুৰৰ এক্সিছ বেংকৰ চাকৰিয়াল।মানুহগৰাকীৰ বয়স প্ৰায় ত্ৰিশৰ ওচৰা ওচৰি হব।ঘৰখনত মানুহ কেৱল তেওঁলোক দুজনেই।এজন কাম কৰা মানুহ আছে যদিও তেওঁ ৰাতি ভাতপানী বনাই নিজৰ ঘৰলৈ যায়গৈ। চাৰ মানুহগৰাকীৰ ডিঙি কাটি হত্যা কৰা হৈছে।গিৰিয়েকে কোৱা মতে হত্যাকাণ্ডৰ সময়ত তেওঁ ঘৰত নাছিল।" নবাৰুণৰ আগত কেচটোৰ সন্দৰ্ভত সংক্ষেপে বৰ্ণনা কৰিলে বিদ্যুতে। "আচ্ছা, হত্যাকাণ্ডৰ মটিভ সম্পৰ্কে কিবা ধাৰণা তোমাৰ?" "চাৰ এতিয়ালৈকে একো ঠিৰাং কৰিব পৰা নাই। মোৰ মতে চুৰি বা ডকাইতিৰ কাৰণ নহয় ছাৰ কিয়নো মানুহজনীৰ স্বামীয়ে কোৱা অনুসৰি তেওঁলোকৰ ঘৰত থকা গহণা আৰু টকাখিনি অক্ষত অৱস্থাতেই আছে।" বিদ্যুতে উত্তৰ দিলে। "বাকী ৰেপ বা তেনে ধৰণৰ একো?' "চাৰ বৰ্তমানলৈকে আমি একো ঠিৰাং কৰিব পৰা নাই‌। কিন্তু চাৰ...." বিদ্যুতে যেন কবলৈ ইতস্ততঃবোধ কৰিলে। "কি হ'ল বিদ্যুত?" "মানে চাৰ মানুহগৰাকীক বৰ নৃশংসভাৱে হত্যা কৰিছে হত্যাকাৰীয়ে। হত্যাকাণ্ড বহুত দেখিছো কিন্তু এনেকৈ ইমান নৃশংসভাৱে......। আপুনি ডেডবডিটো এবাৰ চালেই বুজি পাব চাৰ।" ঠিক আছে মিডিয়া আৰু বাকী মানুহখিনিক কন্ট্ৰল কৰা তুমি।"নবাৰুণে আৰু দেৰি নকৰিলে, পোনচাটেই সোমাই গ'ল ঘৰটোৰ ভিতৰলৈ। ""আমাৰ ফৰ্মেলিটিছখিনি সম্পূৰ্ণ কৰিবলৈ দিয়ক।তাৰ পাছত আপোনালোকে চাৰক লগ কৰিব।" নবাৰুণক দেখি মিডিয়াৰ মানুহ দুজনমান আগবাঢ়ি আহিছিল। বিদ্যুতে আৰু কনিষ্টবল দুজনমানে বাধা দিলে। মিডিয়া আৰু স্থানীয় মানুহ এজনকো ঘৰৰ ভিতৰলৈ সোমাবলৈ দিয়া নাছিল পুলিচে। ড্ৰয়িং ৰুমটোত সোমাইয়ে ডেডবডিটো প্ৰতক্ষ্য কৰিলে নবাৰুণে। ডেডবডিটো দেখিয়েই গাটো জিকাৰ খাই আহিল তাৰ। ড্ৰয়িংৰুমৰ চোফা এখনত পৰি আছিল চয়নিকাৰ মুণ্ডহীন নিঠৰ শৰীৰটো। চয়নিকাৰ কটা মূৰটো ড্ৰয়িং ৰুমটোৰ চেন্টাৰ টেবুলখনত সজাই থৈ গৈছে হত্যাকাৰীয়ে,ঠিক ড্ৰয়িং ৰুমত পুতলা সজোৱাৰ দৰে। কাষত তেজেৰে ডাঙৰকৈ ইংৰাজীত M লেটাৰটো লিখা আছে।চোফাখনো ফাটিচিটি গৈছে, ড্ৰয়িংৰুমত থকা ফুলদানি কেইটাও পৰি আছে মাটিত।হয়তো মৃত্যুৰ পূৰ্বে হত্যাকাৰীৰ সৈতে আত্মৰক্ষাৰ বাবে ভীষণ যুজঁ দিছিল চয়নিকাই।চোফাখনৰ ওচৰত চয়নিকাৰ শৰীৰৰ পৰা ওলোৱা কেচা তেজে ইতিমধ্যেই ডোঙা বান্ধিছে। উস কি বিভৎস দৃশ্য।মূৰটো আচন্দ্ৰাই কৰি গ'ল নবাৰুণৰ।নাই সি এজন পুলিচ, ইমান দুৰ্বল হ'লে নহ'ব। পিছ মুহূৰ্ততে নিজকে সংযত কৰিলে নবাৰুণে। ইন্সপেক্টৰ শংকৰ ব্যস্ত আছিল চয়নিকাৰ স্বামী বিপুল ৰাভাক সোধপোছ কৰাত। নবাৰুণক দেখি ওচৰলৈ আহিল শংকৰ। "চাৰ আনুমানিক সাতৰ পৰা চাৰেসাত বজাৰ ভিতৰত সংঘটিত হৈছে হত্যাকাণ্ডটো। এখেতে কোৱামতে সেইসময়ত তেখেত ঘৰত নাছিল।" শংকৰে নবাৰুণক উদ্দেশ্য কৰি ক'লে। নবাৰুণে লক্ষ্য কৰিলে মানুহজনক বয়স প্ৰায় ৩৫ ৰ ওচৰা ওচৰি নবাৰুণৰ সমবয়সৰ। পত্নীৰ এই নাৰকীয় হত্যাকাণ্ডত একেবাৰেই ভাগি পৰিছে মানুহজন। "হত্যাকাণ্ডৰ সময়ত আপুনি ক'ত আছিল?" বিপুল ৰাভাক উদ্দেশ্য কৰি প্ৰশ্ন কৰিলে নবাৰুণে। "অলপ ওলাই গৈছিলো আবেলি। কাইলৈ আমাৰ বিবাহ বাৰ্ষিকী আছিল তাৰ বাবে কেইজনমান বন্ধুক নিমন্ত্ৰণ দিবলৈ গৈছিলো। ঘূৰি আহি......." বিপুল ৰাভা কান্দোনত ভাঙি পৰিল। "মই আপোনাৰ মনৰ অৱস্থা বুজি পাইছো। এই সময়ত হয়তো আপোনাক সান্তনা দিয়াৰ ভাষা মোৰ ওচৰতো নাই। প্লিজ আপুনি যিমান পাৰি নিজকে কন্ট্ৰল কৰিবলৈ চেষ্টা কৰক। আপোনাৰ এই সম্পৰ্কে কাৰোবাৰ ওপৰত সন্দেহ?মানে চয়নিকাৰ লগত কাৰোবাৰ ব্যক্তিগত শত্ৰুতা।" "ব্যক্তিগত ভাবে কাৰো লগত শত্ৰুতা নাছিল তেওঁৰ বা মোৰ। নাজানো কিয় এনেকৈ তেওঁক।" উচুপি উচুপি উত্তৰ দিলে বিপুলে। "আচ্ছা আপোনালোকৰ ঘৰত থকা কাম কৰা মানুহজনৰ সম্পৰ্কত কিবা ক'ব নেকি?" শংকৰে প্ৰশ্ন কৰিলে। "আমাৰ বহুত বিশ্বাসী মানুহ নন্দকাই।পৰহিৰ পৰা তেওঁৰ বেমাৰৰ বাবে কামলৈ অহা নাছিল।তেওঁ তেনে কাম কৰিব নোৱাৰে।নন্দকাই থকা হ'ল চাগে আজি এনে এটা ঘটনা সংঘটিত নহ'ল হেতেন।চাৰ আপোনালোকক হাতযোৰ কৰিছো, চয়নিকাৰ হত্যাকাৰীক আপোনালোকে সাৰি যাবলৈ নিদিব।" কান্দিয়েই থাকিল বিপুল ৰাভাই।মানুহজনৰ মানসিক অৱস্থাৰ কথা বুজি আৰু প্ৰশ্ন কৰিবলৈ মন নগ'ল নবাৰুণৰ। ইংগিতেৰে কনিষ্টবল এজনক বিপুল ৰাভাক লৈ যাবলৈ নিৰ্দেশ দিলে নবাৰুণে। "হত্যাকাৰীয়ে এৰি থৈ যোৱা কিবা ক্লু পালা?" শংকৰক উদ্দেশ্যি সুধিলে নবাৰুণে। "নাই চাৰ, একো ক্লু এৰি যোৱা নাই হত্যাকাৰীয়ে। মোৰ মতে চাৰ এইটো প্ৰি-প্লেনদ মাৰ্দাৰ। সেই তেজেৰে লিখা M আখৰটোৰ বাহিৰে আৰু একো ক্লু নাই আমাৰ হাতত।" "আচৰিত নহয়নে শংকৰ।হয়তো চয়নিকাৰ লগত বহুত দিনৰ শত্ৰুতা হত্যাকাৰীৰ।চয়নিকাক হত্যা কৰি মোৰমতে এই আখৰটোৰ যোগেদি কিবা ক'ব বিছাৰিছে হত্যাকাৰীয়ে। এটা কাম কৰা এওলোকৰ ঘৰৰ কাম কৰা চয়নিকা আৰু বিপুল ৰাভাৰ চিনাকি সকলোৰে ডিটেইলছ ইনফৰমেছন কালেক্ট কৰা।তেওঁলোকৰ ঘৰৰ কাম কৰা মানুহজনৰ ঘৰত গৈয়ো।সোধপোছ কৰা।বাৰু বিপুল আৰু চয়নিকাৰ মাক-দেউতাকৰ ঘৰৰ বিষয়ে কিবা তথ্য?" "চাৰ তেওঁলোকৰ প্ৰেম বিবাহ। বিয়াহোৱাৰ প্ৰায় পাচবছৰেই হ'ল।অৰিজিনেলি গোৱালপাৰাৰ যদিও বৰ্তমান চাকৰিসুত্ৰে ইয়াতে মাটি বাৰী কিনি ঘৰ বনালে।আগতে ভাৰাঘৰত আছিল।নিজাকৈ ঘৰ বনোৱা দুবছৰেই হ'বৰ হ'ল।বিপুলৰাভাই গাঁৱৰ মাক-দেউতাক বৰ্তমান নাই। তেওঁলোকৰ মৃত্যুৰ পাচত গাঁৱৰ মাটি-সম্পত্তি সকলো বিক্ৰী কৰি ইয়লৈ নিগাজিকৈ থাকিবলৈ আহিল তেওঁলোক আৰু চয়নিকাৰ ঘৰখনত ককায়েক আৰু নবৌয়েক থাকে।" শংকৰে বিপুল ৰাভাৰ পৰা পোৱা সকলোখিনি কথা নবাৰুণক জনালে। "এওলোকৰ ওচৰ চুবুৰীয়া মানুহখিনিকো সোধ-পোছৰ ব্যৱস্থা কৰা।তেখেতৰ ফোনটোও অনুসন্ধানৰ বাবে লগত লোৱা।" মৃতদেহটো পোষ্টমৰ্টেমৰ বাবে পঠাবলৈ নিৰ্দেশ দি ৰুমটোত আকৌ এবাৰ চকু ফুৰাই ওলাই আহিল নবাৰুণ। বাহিৰত ৰৈ থকা মিডিয়াৰ মানুহখিনিয়ে বেৰি ধৰিলে নবাৰুণক। "ছাৰ এই জঘন্য হত্যাকাণ্ড সম্পৰ্কে পুলিচে কি কয়?" "ডিঙি কাটি হত্যা কৰা হৈছে চয়নিকা ৰাভাক।আমাৰ পুলিচ বিভাগে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে।অতি সোনকালে আমি হত্যাকাৰীক কৰায়ত্ব কৰিম।" নবাৰুণে উত্তৰ দিলে। "পুলিচৰ কাৰোবাৰ প্ৰতি সন্দেহ আছে নেকি ছাৰ?" আন এজন ৰিপৰ্টাৰৰ প্ৰশ্ন। "এই সম্পৰ্কত আমি এতিয়া একো কব নোৱাৰিম।পোষ্টমৰ্টেম ৰিপৰ্ট আহক তাৰপাছত আমি আমাৰ।কাম আৰম্ভ কৰিম।" নবাৰুণে যিমান পাৰি ভীৰৰ পৰা ওলাবলৈ চেষ্টা কৰিলে। "চাৰ সন্ধিয়াৰ ভাগতেই চহৰৰ মাজমজিয়াত এগৰাকী মহিলাক এনেকৈ হত্যা কৰা হ'ল। পুলিচ প্ৰশাসন বিফল হৈছে নেকি মানুহক সুৰক্ষা দিয়াত।" "চাওক আপোনালোকে আপোনালোকৰ কাম কৰক। আমাক আমাৰ কাম কৰিবলৈ দিয়ক।" সাংবাদিকসকলে আৰু কিবা কিবি বহুত প্ৰশ্ন কৰিছিল যদিও নবাৰুণে উত্তৰ নিদিলে।চাব ইন্সপেক্টৰ বিদ্যুতক দুটামান নিৰ্দেশনা দি ঘৰলৈ গাড়ী পোনালে নবাৰুণে। ৰাতি বিচনাত পৰিও ভালকৈ টোপনি নাহিল নবাৰুণৰ। যিমানেই চকুকেইটা মুদিবলৈ চেষ্টা কৰিলে সিমানেই হত্যাকাণ্ডৰ ছবিখনেই মনলৈ আহি থাকিল তাৰ। আস কি নিদাৰুণভাবে চয়নিকাক হত্যা কৰিলে হত্যাকাৰীয়ে।কোনে কিয় হত্যা কৰিলে চয়নিকাক? সেই এম আখৰটোৱেই।বা কি।বুজাইছে?বিভিন্ন প্ৰশ্ন ই দোলা দিলে নবাৰুণৰ মনটোত। "কি হ'ল টোপনি অহা নাই?" কাষতে শুই থকা সাগৰিকাই মাত লগালে। "নাই। অথনিৰ ঘটনাটোলৈ মনত পৰি আছে। জানা পুলিচৰ চাকৰি কৰা চাৰিটা বছৰত বহুত ক্ৰিমিনেলক লগ পাইছো মই, বহুকেইটা হত্যাকাণ্ড দেখিছো। কিন্তু এনেকৈ ইমান জঘন্য ভাবে কাৰোবাক হত্যা কৰা মই প্ৰথম দেখিলো। কিমান নিৰ্দয় হ'লে মানুহে মানুহক এনেকৈ হত্যা কৰিব পাৰে। দয়া মমতা মানবীয়তা এইবোৰ একেবাৰেই নোহোৱাই হৈ গ'ল যেন লাগে কেতিয়াবা।" "হত্যাকাৰীয়ে সেইবোৰ ভবা হ'লে হত্যা কৰিবলৈ নাহিলেহেতেনেই। আৰু এতিয়া এইবোৰ ভাবিবলৈ এৰা, দিনটো ঘূৰি পকিয়েই ফুৰিছা অথনি ভালকৈ ভাতকেইটাও নাখালা। এতিয়া অলপ ৰেষ্ট লোৱা।" কথাষাৰ কৈ কৈ নবাৰুণৰ চুলিৰ মাজেৰে লাহে লাহে আঙুলিকেইটা বুলাই থাকিল সাগৰিকাই। সাগৰিকাক সাবটি ধৰি চকুহাল মুদি দিলে নবাৰুণে, জোৰেৰে। (আগলৈ) ১ম খণ্ডৰ লিংক https://www.wissenmonk.com/home/writing/thr-ilaar-kaahinii
থ্ৰিলাৰ কাহিনী, বায়ুগ্ৰস্ত নিহন্তা content media
3
0
33
Tushar Ranjan Kashyap
Author of the Month
Author of the Month
May 30, 2020
In Writing
থ্ৰিলাৰ কাহিনী বায়ুগ্ৰস্ত_নিহন্তা (১) ১৪ ফেব্ৰুৱাৰী, প্ৰেমৰ কাৰণে উৎসৰ্গিত এক বিশেষ দিন। অৱশ্যে সাগৰিকাৰ বাবে এই দিনটো আন এটা কাৰণতহে বিশেষ দিন। কাৰণ আজিৰ দিনটোতেই তাইৰ জন্মদিন।কিন্তু এই বিশেষ দিনটোত মনটো অলপ গোমা সাগৰিকাৰ। সাগৰিকাৰ স্বামী নবাৰুণ বৰুৱা পুলিচৰ এজন উচ্চ পদৰ বিষয়া।নবাৰুণৰ সৈতে এখন সুখৰ সংসাৰ সাগৰিকাৰ। নবাৰুণৰ সৈতে প্ৰেম বিবাহ তাইৰ। সাগৰিকাৰ দেউতাকেও পুলিচত চাকৰি কৰিছিল। সেই সুবাদতে নবাৰুণৰ সৈতে চিনাকি হৈছিল তাইৰ। সেই চিনাকিয়েই পাছলৈ গৈ প্ৰেমৰ ৰূপ লৈছিল আৰু পাছলৈ দুয়োখন ঘৰৰ সন্মতিত বিয়া হৈছিল নবাৰুণ আৰু সাগৰিকাৰ। ইতিমধ্যেই দুয়োৰে বিয়া হোৱাৰ প্ৰায় তিনিবছৰ পাৰ হৈছে। প্ৰাণভৰি ভাল পায় দুয়ো দুয়োকে। মৰম-ভালপোৱাৰ আৱৰণেৰে ঢাকি ৰাখিব খোজে এজনে আনজনক। সাগৰিকাৰ সৰু সুৰা অভিমানবোৰৰ বাহিৰে আন কোনো জটিলতা নাই সিহঁতৰ দুজনীয়া সংসাৰখনত। অৱশ্যে সেইয়াও খন্তেকীয়া। কেতিয়াবা কিবা কথাত তাই অভিমান কৰিলেও অতি সহজেই সাগৰিকাৰ মনটো জয় কৰি লয় নবাৰুণে। ড্ৰয়িং ৰুমৰ ৱাল ক্লকটোৱে আঠ বজাৰ সংকেত দিলে। সময়বোৰ যিমানেই পাৰ হৈ গৈ থাকিল সিমানেই খঙটো বাঢ়ি গৈ থাকিল সাগৰিকাৰ।আবেলিৰ পৰা এতিয়ালৈকে নবাৰুণলৈ দহবাৰৰ ওপৰত ফোন লগালে সাগৰিকাই। কিন্তু কলবেক কৰাটো বাদেই ফোনটো ৰিচিভ কৰি ব্যস্ত আছো বুলি কবলৈকো সময় নাই নবাৰুণৰ। পুলিচৰ চাকৰি কৰা মানুহ মানেই যথেষ্ট ব্যস্ত মানুহ, ইচ্ছা কৰিও তেওঁলোকে পৰিয়ালক বেছি সময় দিব নোৱাৰে। সৰুৰে পৰা দেউতাকক আৰু এতিয়া নবাৰুণক দেখি দেখি সেই কথা ভালদৰেই বুজা হৈছে সাগৰিকাই। ততসত্বেও কেতিয়াবা সাগৰিকাৰ খং উঠে। তাইতো নবাৰুণক সকলো সময়তেই নিজৰ কাষত নিবিচাৰে।বাৰ্থ দে, এনিভাৰচেৰি এই দিনকেইটাটো সি তাইৰ কাৰণে কিছু সময় উলিয়াব পাৰে।সাগৰিকাই ভাবিছিল আজিৰ দিনটোত অন্ততঃ নবাৰুণ ঘৰলৈ সোনকালে ওভতি আহিব, দুয়োটা কৰবাত ফুৰিবলৈ ওলাই যাব,অলপ ভালকৈ মনৰ কথা পাতিব। কিন্তু সাগৰিকাৰ আশাত চেঁচাপানী ধালিলে নবাৰুণে। ঘৰলৈ সোনকালে ওভতাটো বাদেই পুৱা ওলাই যাওতে সগৰিকাক উইছ কৰিবলৈও পাহৰি গ'ল সি। ড্ৰয়িং ৰুমটোত অকলে অকলে বহি বহি আমনি লাগি গ'ল সাগৰিকাৰ।খঙত আজি কিটছেনতো সোমাবলৈ মন নগ'ল তাইৰ। "পুলিচৰ চাকৰি অকল তেওঁহে কৰিছে আৰু"। মুখেৰে ভোৰভোৰাই আকৌ এবাৰ নবাৰুণৰ নম্বৰটো ডায়েল কৰিলে তাই। অলপ দেৰি ৰিং হোৱাৰ পাছত এইবাৰ সহাৰি জনালে নবাৰুণে। "ওমম কোৱা।" নবাৰুণৰ মাতটো ভাহি আহিল। "আজি কি তাৰিখ।" বেলেগ কথাৰ অৱতাৰণা নকৰাকৈ চিধাই প্ৰশ্ন কৰিলে সাগৰিকাৰ। "১৪ তাৰিখ। এইটো কথা সুধিবলৈ ফোন কৰিছা?" "তোমাৰ মূৰাটো।" মাথটোত টিঙিচকৈ মাৰিলে সাগৰিকাৰ। " sorry sorry আজি ১৪ ফেব্ৰুৱাৰী মানে ভেলেণ্টাইনচ দে। দেখিছানে বাৰু কামৰ মাজত থাকি পাহৰিয়েই যাও।" নবাৰুণে হাঁহি হাঁহি উত্তৰ দিলে। সাগৰিকাৰ কান মূৰ গৰম হৈ আহিল।ফোনটো কাটি দিলে তাই। প্ৰচণ্ড খং আৰু দুখত চকুলো বাগৰি আহিল সাগৰিকাৰ। এক মিনিটমান পাছতেই ফোনটো আকৌ বাজি উঠিল তাইৰ।নবাৰুণৰ ফোন, ফোনটো ৰিচিভ কৰি লাউদ স্পিকাৰটো অন কৰি সন্মুখৰ চেন্টাৰ টেবুলখনত ফোনটো একাষৰীয়াকৈ থৈ দিলে সাগৰিকাই। "হেৰা, তোমাৰ বাৰ্থ দে আৰু মই পাহৰিম? দৰ্জাখন খোলা চাৰপ্ৰাইজ এটা আছে তোমালৈ।" নবাৰুণৰ কথাষাৰ শুনি কান্দি থকাৰ মাজতো হাঁহি এটা ওলাই আহিল সাগৰিকাৰ। একেকোবেই গৈ মূল দৰ্জাখন খুলি দিলে তাই। "উ.... ৱাইপাৰ লৈ পানী চাফা কৰিব লাগিব যেন পাইছো দেই এতিয়া। চকু একেবাৰে উখহি আছে।" সাগৰিকাৰ সেমেকা চকুহাললৈ লক্ষ্য কৰি হাঁহি এটা মাৰিলে নবাৰুণে। "এনিটাইম ধেমালি মই ভাল নাপাও কিন্তু।" সাগৰিকাই যে তাৰ ওপৰত অভিমান কৰি আছে ভালদৰেই বুজি পালে নবাৰুণে। অৱশ্যে এই অভিমান কেনেকৈ ভাঙিব লাগে সেইয়াও ভালদৰেই জানে সি। "মইনা কলিজাজনী অ পুলিচৰ চাকৰিৰ কথা তুমি জানাই চোন।আচলতে দিনৰ পৰাই ইম্পৰটেন্ট কেচ এটাত বিজি হব লগা হ'ল।আৰু তুমি কি ভাবিছিলা তোমাৰ বাৰ্থ দেৰ কথা মই পাহৰি গ'লো। আচলতে তোমাক চাৰপ্ৰাইজ দিম বুলিয়েই মই ৰাতিপুৱা উইচ নকৰাকৈ গুছি গ'লো।আৰু অথনি ইচ্ছা কৰিয়েই মই তোমাৰ ফোন ৰিচিভ কৰা নাছিলো।এইয়া চোৱা তোমাৰ ফেভৰিট চকলেট কেক।" কৈ কৈ নবাৰুণে হাতত লৈ থকা টোপোলাটোৰ পৰা কেক এটা উলিয়াই আনিলে। "কি হ'ল এতিয়া মুখ ওফোন্দাই থাকিবা নে কেক কাটিবা। অকে বাবা sorry এই চোৱা কানত ধৰিছো।" নবাৰুণৰ মৰমৰ ওচৰত আকৌ এবাৰ হাৰ মানিলে সাগৰিকাই। চকুহাল ভালদৰে মোহাৰি কেকটো কাটিলে তাই। "খং উঠিলে কিন্তু তোমাক বৰ এটা বেয়া নালাগে দেই।" কেক কাটি থকাৰ মাজতে আকৌ এবাৰ তাইক জোকালে নবাৰুণে। "কাইলৈ আমি দুয়োটা ফুৰিবলৈ যাম হ'ব।" "প্ৰমিজ কৰা, আকৌ আজিৰ দৰেই নকৰাটো।" সাগৰিকাৰ মাতটো আগতকৈ অলপ কোমল হ'ল। "এই চোৱা প্ৰমিজ কৰিছো।যিমান কাম ওলালেও কাইলৈ দিনটো কেৱল তোমাৰ লগত থাকিম। চাও এতিয়া চকুহাল মুদা।" "কিয়?" প্ৰশ্ন কৰিলে সাগৰিকাই। "আৰে আগত জপোৱাচোন। গম পাবা নহয়।" নবাৰুণৰ আবদাৰত চকুহাল জপাবলৈ বাধ্য হ'ল সাগৰিকা।চকুহাল জপোৱাৰ সুযোগতেই নবাৰুণে জেপৰ পৰা এদাল সোণৰ চেইন উলিয়াই পিন্ধাই দিলে সাগৰিকাৰ ডিঙিত। "Happy birthday to the prettiest and most loving woman of my life।" "ৱাও ইমান ধুনীয়া।" অতপৰে গোমা হৈ থকা সাগৰিকাৰ মুখখন ফৰকাল হৈ উঠিল। "আই লাভ ইউ নবাৰুণ।" অভিমান সামৰি নবাৰুণক সাবটি ধৰিলে সাগৰিকাই।সাগৰিকাৰ চকুলৈকে পৰি থকা দীঘল চুলিটাৰি সামৰি কপালত এটা দীঘল চুমা আকি দিলে নবাৰুণে। লাজত কোচমোচ খাই নবাৰুণৰ বুকুৰ মাজত সোমাই পৰিল সাগৰিকা।এনেকৈ পাৰ হৈ গ'ল বহুত সময়।চেঁচা বতাহ এজাকে চুই গ'ল দুয়োকে। সেইয়া যেন ফাগুনৰেই আগজাননী। কোঠাটোৰ নিৰৱতা ভাঙি নবাৰুণৰ মোবাইলটো উচ্চস্বৰত বাজি উঠিল। ইন্সপেক্টৰ শংকৰ দুৱৰাৰ ফোন। " হেল্ল শংকৰ কোৱা।" "ছাৰ কমলপুৰৰ তিনি নং বাইলেনৰ এটা ঘৰত এজনী মহিলাক কোনোবাই হত্যা কৰি পেলাই থৈ গৈছে। আমি স্পটতে আছো।ছাৰ কেছটো অলপ চিৰিয়াছ।আপুনি এপাক আহিব পাৰিলে ভাল হ'ব।" শংকৰে খৰখেদাকৈ কথাখিনি ক'লে। "ঠিক আছে,ঠিক আছে।তোমালোকে প্ৰাইমেৰী ইনভেষ্টিগেছন খিনি ষ্টাৰ্ট কৰা। মই পোন্ধৰ মিনিটত গৈ পাই আছো।" কথাখিনি কৈয়ে ফোনৰ সংযোগ বিছিন্ন কৰিলে নবাৰুণে। "কাৰ ফোন?" "শংকৰৰ ফোন। কমলপুৰত এজনী মহিলাৰ ডেডবদি পোৱা গৈছে। মই আকৌ যাব লাগিব।" কথাখিনি কৈয়ে খৰখোজেৰে ওলাই গ'ল নবাৰুণ। "কিন্তু একো নোখোৱা নোবোৱাকৈ। ৰবা মই ফটকৈ কিবা এটা বনাই দিও।"নবাৰুণৰ পিছে পিছে সাগৰিকাও ওলাই গ'ল। "এতিয়া নালাগে দিয়া। তুমি দিনাৰ ৰেডি কৰি থবা, ওভতি আহি একেলগে দিনাৰ কৰিম।আৰু শুনা ভয় কৰিব নালাগে।মোৰ এনেয়েও বেছি টাইম নহয়।" "কিন্তু......... শুনাচোন।" সাগৰিকাই কিবা কবলৈ পোৱাৰ আগতেই গাড়ী ষ্টাৰ্ট দিলে নবাৰুণে। "ড্ৰয়িং ৰুমৰ মোনাটোতে পৰ্ক আৰু লাই শাক আছে। টেষ্টি কৈ বনাই থবা, বাই।" সাগৰিকাৰ উত্তৰলৈ বাট নাচাই কমলপুৰৰ দিশত গাড়ী পোনাই দিলে নবাৰুণে। এটা দীঘল হুমুনিয়াহ ওলাই আহিল সাগৰিকাৰ মুখেৰে। (আগলৈ)
থ্ৰিলাৰ কাহিনী
 content media
4
1
53
Tushar Ranjan Kashyap
Author of the Month
Author of the Month
May 18, 2020
In Writing
#গল্প #উত্তৰকাল ✍️তুষাৰ ৰঞ্জন কাশ্যপ " ইমানখিনি পঢ়া-শুনা মই এনেই কৰিলো নেকি?চাচোন বাৰু প্লেন্ট পেথ'লজিৰ নিচিনা চাবজেক্ট এটাত পি এইচ দিত চিট পাবলৈ কিমান টান। ইমান ভাল স্ক'প থকা চাবজেক্ট এটাত চান্স পাইয়ো এতিয়া মই বিয়াত বহিবৰ কাৰণেই এৰি দিম নে কি? মাথাটো গৰম হৈ যায় একদম।" চেপা মাতটোৰে যিমান পাৰি সৰু সৰুকৈ নেহাই কাৰোবাৰ লগত পাতি থকা কথাখিনি অলপ অলপকৈ কাণত পৰিল অনুৰাধাৰ।এইকেইদিন বাৰিষাৰ মেঘটোৰ দৰেই গোমা হৈ আছে ঘৰখনৰ পৰিবেশটো। নেহালৈ বিয়াৰ প্ৰস্তাৱটো অহাৰে পৰা ছোৱালীজনী যে মানসিক অন্তৰ্দণ্ডত ভুগি আছে সেই কথা মাক হিচাপে তাইৰ চকুহাল চায়েই ধৰিব পাৰিছে তেওঁ। "হেৰা আমাৰ অফিচৰ এই গহীন ফুকনৰ ভাগিনীয়েক ল'ৰাটোৰ কথা সিদিনা যে তোমাক কৈছিলো। কিয় যোৱাবাৰ ফুকনৰ ঘৰলৈ যাওতে যে লগ পাইছিলোঁ হাঁহিমুখীয়া ল'ৰাটো তোমাৰ জানো মনত নাই? ল'ৰাটোৱে বেংকত চাকৰি কৰে। বিয়াৰ কাৰণে বোলে ছোৱালী বিচাৰি ফুৰিছে। ফুকনে আকৌ আমাৰ মাজনীৰ কথাটো উলিয়ালে।ঘৰৰ একমাত্ৰ ল'ৰা,পৰিয়াল বুলিবলৈ মাক-দেউতাক আৰু সি। বেয়া নহ'ব বুজিছা, মই অহা সপ্তাহত তেওঁলোকক আহিবলৈকে কৈছো।" আবেলি অফিচৰ পৰা আহি দেউতাকে মাকক উদ্দেশ্যি কোৱা কথাষাৰত একপ্ৰকাৰ উচপ খাই উঠিছিল নেহা। হাৰে যোৱা মাহতে নেট ক্লিয়েৰ কৰিছে তাই। পি এইচ ডিৰ এন্ট্ৰেন্সতো ৰেংক লিষ্টত তাই টপ টেনৰ ভিতৰত। মানে চিট পোৱাতো একপ্ৰকাৰ খাটাং। সকলোবোৰ জানি শুনিও দেউতাকে তাইৰ বিয়াৰ যো-জা চলাইছে অথচ তাইকে একো এটা নোসোধাকৈ। "পাপা মোৰ এতিয়াই বিয়াত বহিবলৈ মন নাই।" দেউতাকৰ সিদ্ধান্তৰ ওপৰত মাতমতাৰ সাহস সিহঁতৰ ঘৰখনৰ বাকী তিনিটা প্ৰাণীৰ নাই। পোনপ্ৰথম বাৰলৈ কোনোমতে সাহ কৰিছিল নেহাই। "এতিয়াই বিয়াত বহিবলৈ মন নাই মানে?বয়স কি ৰৈ থাকিব নেকি? মোৰ ৰিটায়াৰমেন্টলৈ আৰু কেইটা দিন আছে। তাৰ মাজতে সকলো কৰিব নালাগিব? ই বুবুৱে এইবাৰ এইচ এচ পাচ কৰিব। তাৰ পাছত তাৰ পঢ়াৰ খৰচ নাবাঢ়িব?" দেউতাকক এইবোৰ কথাতেই তাইৰ ভাল নালাগে। কেৱল নিজৰ কথাটোত গুৰুত্ব দিয়ে। "কিন্তু পাপা এইবাৰটো মোৰ পি এইচ ডিত এদমিশ্যন হাণ্ড্ৰেড পাৰ্চেন্ট চিউৰ আছিল।" "মই ল'ৰাটোৰ ঘৰখনৰ লগত কথা পাতিছো। তুমি ইচ্ছা কৰিলে বিয়াৰ পাছতো পঢ়িব পাৰিবা বুলি তেওঁলোকে কৈছে। মই তেওঁলোকক প্ৰায় কথা দিছো, অহাসপ্তাহত তেওঁলোকে চাবলৈ অহাৰ কথা।গতিকে....." নেহাৰ সকলো আপত্তিয়েই নৰজিল। দেউতাকলৈ প্ৰচণ্ড খং এটা উঠে তাইৰ। সব ডিচিশ্যন কি তেওঁ অকলেই ল'ব? তাইৰোতো নিজৰ ভাল লগা নলগাবোৰ বাচ বিচাৰ কৰাৰ অধিকাৰ আছে। মনত গুজৰি গুমৰি থাকিলেও দেউতাকৰ ৰঙা চকুহালৰ কথা ভাবিয়েই কও কওকৈ থকা কথাবোৰ কব পৰা নাই নেহাই। মুখেৰে নক'লেও এই বিয়াৰ প্ৰস্তাৱটোলৈ তাইৰ যে অকণমানো সমৰ্থন নাই তাইৰ কথা কাণ্ডবোৰে তাকেই প্ৰমাণ কৰিছে। অনুৰাধাই ভিতৰি ভিতৰি লক্ষ্য কৰিছে কথাই প্ৰতি হাঁহি মাতি থকা ছোৱালীজনীয়ে এইকেইদিন যেন কথা কমকৈ কৈছে। ওলাওতে সোমাওতে বুবুয়ে তাইক আগৰদৰেই চুলিকোছাত ধৰি টানিছে, চিকুটটো মাৰি জোকাই চাইছে, তাইহে নিৰ্বিকাৰ। আগতে হোৱা হ'লে "মা চোৱাহিচোন" বুলি নাইবা "পাপা বুবুৱে মোক" এনেদৰে চিঞৰ দুটামান মাৰিলেহেতেন তাই। এইকেইদিন আনহে নালাগে বুবুক ধমক এটাও দিয়া নাই নেহাই। দিনটোৰ সৰহভাগ সময় ৰুমটোতে পাৰ কৰিছে তাই। কাইলৈ আলহী আহিব, ব্যস্ততা বাঢ়িছে ঘৰখনত। বিধ বিধ বস্তুৰে ভৰি পৰিছে ঘৰখন।দেউতাক ঘৰত নাই, দুপৰীয়াতে গৈছে বজাৰলৈ।দেউতাকৰ ফালৰ জেঠায়েকজনী পিচদিনা পুৱাই আহি পোৱাৰ কথা। মোমায়েক-মামীয়েকহাল কাইলৈ আহিব নোৱাৰে। ফোনতে খা-খবৰ এটা লৈছে তেওঁলোকে, দুই এটা পৰামৰ্শও দিছে। অনুৰাধা সৰহ সময় কিটছেনতে ব্যস্ত হৈ আছে দুদিনমান। মিঠাই ঘৰত থাকিলেও নিজ হাতেৰে বনোৱা লাড়ু পিঠাকেইটাৰে আলহীক চাহ-কাপ যাচিবলৈ ভাল পায় তেওঁ। বুবুৰ হতুৱাই আগদিনাই অনাইছিল নাৰিকল দুটা। নেহাক নাৰিকল কেইটা ৰুকিবলৈ দি পিঠা কেইটা বনোৱাৰ কথা ভাবিছিল তেওঁ। জীয়েকক মাতিবলৈ আহি অনুচ্চ স্বৰত তাই পাতি থকা কথাবোৰ শুনি ৰুমৰ সন্মুখতে ৰৈ গ'ল অনুৰাধা। কাৰোবাৰ লগত কথা পাতি আছে নেহাই, বোধহয় লগৰ ছোৱালীৰ লগত। "হা হা কি কৈছ? মায়ে? থোৱা হে আমাৰ মাতৃদেৱীক তুমি লগ পোৱা নাই সেইকাৰণে তেনেকৈ ভাবিব পাৰিছা।আজিলৈকে পাপাৰ ডিচিশ্যনবোৰত মূৰটো দুপিয়াই চাপৰ্ট কৰি যোৱাৰ বাহিৰে তেওঁক বেলেগ কিবা কৰা মই নেদেখিলো। তেওঁক তুমি সেই নাৰিকলৰ লাড়ুটো বনাবলৈ কেইটা নাৰিকলত কেইকাপ চেনী লাগে সেইয়া সুধিবা, এপোৱা গাখীৰেৰে কেইটা পেৰা বনাব পাৰি সেইটো সুধিবা। সেইবোৰহে জানে তেওঁ।কৈছো তো পাপাৰ ডিচিছনৰ এগেইনষ্টত যোৱাৰ সাহস আমাৰ ঘৰখনত কাৰোৰে নাই। তহঁতৰ দৰে সব ভাগ্যবান নহয় নহয়।" কিবা এটাই খুন্দা মাৰি ধৰাৰ দৰে লাগিল অনুৰাধাৰ বুকুখনত। ঠিকেইতো কিনো মিছা কথা কৈছে নেহাই। বিয়াৰ পাছৰে পৰাতো কেৰাহীখন, হেতাখন কৰিয়েই তেওঁ পাৰ কৰিলে সময়বোৰ।ঘৰখনৰ কথাবোৰত মানুহতোৰ মতবোৰতেই সন্মান কৰি গ'ল পত্নী হিচাপে।কিন্তু তেওঁৰ মনটোক জানো ঘৰখনৰ কোনোবা এটাই আজিলৈকে বুজিবলৈ চেষ্টা কৰিলে নে?ঘৰখনৰ কোনে কি খাই ভাল পায় কি বেয়া পায় সেইয়া তেওঁৰ নখদৰ্পনত। কিন্তু তেওঁৰ ভাললগা বেয়ালগাটোক আজিলৈকে কোনোবাই বুজিলেনে? চকুহাল সেমেকি উঠিল অনুৰাধাৰ। পুৰণি দুখৰীয়া ছবি এখনে বাৰে বাৰে আহি আমনি কৰিলে তেওঁক। কলেজখনৰ সেইসময়ৰ বেষ্ট চিংগাৰ অনুৰাধাৰ প্ৰেমত ক'ব নোৱাৰাকৈয়ে পৰি গৈছিল প্ৰভাত দুৱৰা। অনুৰাধা টি.ডি.চি ছেকেণ্ড ইয়েৰত থাকোতে দুৱৰা সেইসময়ৰ ফাইনেল ইয়েৰৰ ছাত্র। ডিগ্ৰীটো পাছ কৰাৰ পাছতে ট্ৰেজাৰি অফিচৰ চাকৰিতো পালে প্ৰভাত দুৱৰাই, অনুৰাধা তেতিয়া ফাইনেল ইয়েৰত। চাকৰিৰ পাচতো প্ৰেমৰ সম্পৰ্কতো চলি থাকিল দুয়োৰে। লাহে লাহে ঘৰদুখনেও গম পোৱা হয় কথাবোৰ। প্ৰভাতৰ মাকজনীৰ ডাঙৰ বেমাৰ এটাই দেখা দিলে সেই সময়তে। ডাক্তৰে হাত দাঙিলে। মাকজনীৰ শেষ ইচ্ছা নিজহাতে বোৱাৰীজনীক ঘৰ সুমুওৱাৰ। অনুৰাধা ছোৱালীজনী সাদৰী,ঘৰ ধৰিব পৰা বিধৰ। প্ৰভাত দুৱৰাৰ ঘৰখনেও মনে প্ৰাণে অনুৰাধাক বিছাৰিলে বোৱাৰী হিচাপে। পাচজনী ছোৱালী আৰু এটা ল'ৰাৰে পৰিয়ালটোৰ ডাঙৰ জীয়ৰী অনুৰাধা। তাতে প্ৰভাত দুৱৰা চৰকাৰী চাকৰি থকা ল'ৰা।হাততে সৰগ ঢুকি পোৱা যেন পালে অনুৰাধাৰ দেউতাকে। দুৱৰাৰ মাক কেইটামানদিনৰ আলহী, বিয়াখন সোনকালে হোৱাত জোৰ দিলে তেওঁলোকৰ ঘৰখনে। দুই নাওঁ দুই ভৰিৰ দৰে অৱস্থা হ'ল অনুৰাধাৰ। বিয়াত বহা মানেই তাইৰ ডিগ্ৰীটো অসম্পূৰ্ণ হৈ ৰোৱা। অনুৰাধাৰ ইচ্ছা আছিল বি.এ কমপ্লিট কৰি ইউনিভাৰ্চিটিত এম.এ কৰিবলৈ যোৱাৰ।সপোন আছিল গায়িকা নহ'লেও গান গোৱাৰ অভ্যাসটো চলাই থকাৰ। অৱশ্যে প্ৰভাত দুৱৰাৰ ঘৰখনে আশ্বাস দিলে ইচ্ছা কৰিলে তাই বিয়া হোৱাৰ পাছতো ডিগ্ৰীটো কমপ্লিট কৰিব পাৰিব। এফালে সপোনবোৰ আনফালে প্ৰিয়জন। এইবোৰৰ মাজতেই এদিন ন-কইনাৰ সাজেৰে দুৱৰাৰ ঘৰৰ পদূলি গছকি বোৱাৰী হ'লগৈ তাই। বোৱাৰী হৈ ঘৰ সোমোৱাৰ অলপ দিন পিছতেই শাহুৱেক শয্যাশায়ী হ'ল। দীঘল ওৰণিখন লৈ পাৰেমানে শুশ্ৰূষা কৰিলে অনুৰাধাই। শাহুৱেক এদিন গ'লগৈ, তাৰ অলপ দিন পাছতে শহুৰেকো ঢুকাল। অনুৰাধাৰ ডিগ্ৰীটোহে ত্ৰিশংকু স্বৰ্গ আৰু মৰ্ত্যৰ মাজত ওলমি ৰোৱাৰ দৰে ওলমি থাকিল। বছৰবোৰ বাগৰি গ'ল, তাৰ মাজতে পাঁচবছৰৰ অগা পিছাকৈ নেহা আৰু বুবুৱে আহি তেওঁৰ কোলাখন শুৱনি কৰিলে। ল'ৰা-ছোৱালী, ঘৰ-সংসাৰ এইবোৰৰ মাজতে অনুৰাধাৰ সপোনটোও যেন কোনোবা এচুকত পৰি ৰ'ল।বিয়াৰ আগতে হাজাৰটা প্ৰতিশ্ৰুতি দিয়া মানুহটোৱেও বিয়াৰ পাছতেই সকলোবোৰ পাহৰি গ'ল।সংসাৰৰ ব্যস্ততাৰ মাজত যেন তেওঁৱো পাহৰি পেলালে সকলোবোৰ। আজি নেহাৰ কথাবোৰে অনুৰাধাক আকৌ হঠাৎ মনত পেলাই দিলে কথাবোৰ। ড্ৰয়িং ৰুমৰ কথোপকথনবোৰৰ কিছু কিছু কথা কিটছেনলৈকে শুনিছে অনুৰাধাই। তাৰমাজতে গহীন ফুকনে ৰসিকতা কৰি কোৱা কথাবোৰত সকলোৱে মৰা হাঁহি গিৰ্জনিবোৰো কানত পৰিছে তেওঁৰ। আলহীঘৰীয়া বুলিবলৈ ল'ৰাটোৰ পৰিয়াল আৰু উমৈহতীয়া চিনাকি হিচাপে গহীন ফুকন। ইতিমধ্যে চা-চিনাকি, চাহ-জলপানৰ পৰ্ববোৰ শেষ কৰি সকলোৱে মূল কথাবোৰত আগবাঢ়িম বুলিয়েই ৰৈ আছে। মাত্ৰ অনুৰাধা আজৰি হোৱালৈ অপেক্ষা কৰিছে সকলোৱে। মাক হিচাপে তেওঁৰ উপস্থিতিও সকলোৱে বিছাৰিছে আলোচনাত। কাম বুলিবলৈ তেনেকৈ নায়েই, ডাইনিংখন চিজিল কৰি বাতি কাঁহীবোৰ ধুবলৈ আছে। হওতে কামকৰা ছোৱালীজনী আছে।পিছে নিজেই দেখুৱাই নিদিয়ালৈকে শান্তি নাপায় অনুৰাধাই। ছোৱালীজনীক কামকেইটা দেখুৱাই হাতখন মুচি মুচি ড্ৰয়িং ৰুমৰ আলোচনাটোত ভাগ লবলৈ বুলি সোমাই গ'ল অনুৰাধা। সকলোৱে যেন তেওঁ অহালৈয়ে বাট চাই আছিল। "তেতিয়া সকলোফালে মিলিলে আৰু আগহে বাঢ়িব লাগে নে কি কয়?" গহীন ফুকনেই আৰম্ভ কৰিলে। "আমাৰ ছোৱালী পচন্দ হৈছেই যেতিয়া আপোনালোকৰ আপত্তি নাথাকিলে সোনকালে আগবাঢ়ো আৰু দুৱৰা।" "আমাৰ কিন্তু আপত্তি আছে।" অনুৰাধাৰ ধীৰ স্থিৰ অথচ গম্ভীৰ মাতটোত একপ্ৰকাৰ ৰৈ গ'ল কোঠাটোত থকা সকলো। "বিয়া এখন হ'বলৈ হ'লে প্ৰথম সিহঁতহালৰ মতামত লোৱাটো দৰকাৰ। সকলো ঠিৰাং কৰি লোৱাৰ আগত তাইক এবাৰ সোধা হ'ল জানো তাইৰ মনটোৱে বা কি কয়? পি এইচ দি কৰিবলৈ মন তাইৰ, এইবাৰ এন্ট্ৰেন্সো ক্লিয়েৰ কৰিছে। তাৰ পাছতো ছোৱালীজনীৰ সপোনবোৰ ভাঙি পেলোৱাৰ অধিকাৰ আমাৰ আছে নে?নে ছোৱালী হোৱাৰ বাবেই তাই নিজৰ সপোনবোৰ আনৰ বাবে বিসৰ্জন দি যাব।" বহুত কিবাকিবিয়েই কৈ পেলালে অনুৰাধাই, ক'ৰ পৰা যে সাহস পালে তেওঁ নিজেই নাজানিলে। বাধা দিবলৈও যেন পাহৰি গ'ল প্ৰভাত দুৱৰাই। এক মুহুৰ্তৰ বাবে মুক হৈ পৰিল সকলো। আলহী গ'লগৈ, ছোৱালীয়ে পি এইচ ডি কমপ্লিট কৰালৈকে তেওঁলোক ৰব নোৱাৰিব। বিয়াখন নোহোৱাৰ আওপকীয়াকৈ ইংগিত এটা দি গ'ল তেওঁলোকে। গোমা হৈ পৰিল ঘৰখন আকৌ। "চৰী মা" আলনাদালত কাপোৰ জাপি থকা অনুৰাধাক সাবটি ধৰি উচুপি উঠিল নেহা। "চৰী কিয় আকৌ" মৰমেৰে সুধিলে অনুৰাধাই। "তোমাক আমি অতদিনে ভুল বুজিয়েই থাকিলো। কালি আনকি মোৰ ফ্ৰেইণ্ডছবোৰকো তোমাৰ কথা কিমান যে কি ক'লো। তুমি সচাই বহুত ভাল জানা। পাপাই চাগে এতিয়া তোমাক বহুত কিবা কিবি ক'ব।" "কিয় কিবা কিবি ক'ম মই। মাৰেনো কি ভুল কথাটো ক'লে। তোৰ ভবিষ্যতটোৰ কথা ভালকৈ ভাবিয়েইটো তেওঁ কৈছে। মুঠতে পি এইচ দি কমপ্লিট নোহোৱালৈকে তোৰ বিয়া নহয়। মই গহীন ফুকনক কৈয়ে পঠাইছো।নে মই কিবা ভুল ক'লো নেকি অ' মাজনী" অতপৰে মাক-জীয়েকৰ কথাবোৰ শুনি থকা দেউতাকৰ কথাষাৰত মনটো ভাল লাগি গ'ল নেহাৰ। একে জাপেই গৈ এইবাৰ তাই দেউতাকক সাবটি ধৰিলে। "এইজনী মানে বুঢ়ী হ'ল তথাপি সৰুকালৰ স্বভাৱবোৰ নগ'ল আৰু। চাও যাচোন তোৰ হাৰমনিয়ামখন লৈ আন।" কৃত্ৰিম ধমক এটা দিলে দেউতাকে। "হাৰমনিয়াম কিয়?" দেউতাকৰ কথাত একপ্ৰকাৰ আচৰিত হ'ল তাই। "আনচোন গম পাবি নহয়।" ৰেগদালৰ ওপৰতে থকা হাৰমনিয়ামখন নমাই আনিলে নেহাই। সৰুতে সেইখন দেউতাকে তাইক গান শিকিবলৈ আনি দিছিল।নেহা কলেজত পঢ়িবলৈ যোৱাৰে পৰা ব্যৱহাৰ নোহোৱাকৈয়ে পৰি আছিল সেইখন। "হেৰা বহুত দিন তোমাৰ গান শুনা নাই হে। আজি এটা শুনাবানে?" হাৰমনিয়ামখনৰ ধূলিখিনি কাপোৰ এখনেৰে চাফা কৰি অনুৰাধালৈ আগবঢ়াই দিলে প্ৰভাত দুৱৰাই। চকুহাল ধুৱলি কুৱলি হৈ পৰিল অনুৰাধাৰ। "মা তুমি গানো গোৱা। ইমান দিনে কোৱা নাছিলা কিয়।" "হেৰৌ কবলৈ আমি জানো কেতিয়াবা সুবিধা দিলো। তহঁতি গমেই নাপাৱ, কলেজত পঢ়ি থাকোতে মাৰে গান গায়েইতো মোৰ হৃদয়খন চুৰ কৰিছিল। হেৰা তোমাৰ ভাল লগা গানটোযে ফ্ৰেচমেনত যে গাইছিলা গোৱা আকৌ।" দেউতাকৰ ৰসিকতাত হাঁহি দিলে আটায়ে। কৰবাৰ পৰা আহি বুবুৱেও যোগ দিলেহি ৰসাল আদ্দাতোত। আনন্দৰ অশ্ৰু দুধাৰিয়ে গাল দুখন তিয়াই নিলে অনুৰাধাৰ। এৰা কিমান দিনৰ পাছত যে তেওঁৰ ভিতৰৰ মানুহজনীয়ে এনেকৈ মনখুলি হাঁহিব পাৰিছে। কিমান দিনৰ পাছত যে আকৌ এনেকৈ হাৰমনিয়ামখন হাতত ল'ব পাৰিছে। চাদৰৰ আঁচলখনেৰে চকুহাল মোহাৰি অনুৰাধাই আৰম্ভ কৰিলে তাহানি কলেজৰ ফ্ৰেচমেন চচিয়েলত গোৱা তেওঁৰ প্ৰিয় গীতটি-- "নদী মাথো বয় কালৈকো নৰয় বাধা দি ৰাখিব কোনে?"
গল্প--উত্তৰকাল
 content media
3
2
23
Tushar Ranjan Kashyap
Author of the Month
Author of the Month
May 10, 2020
In Writing
#গল্প #নেওতা " ভকত আহক। বৌটি আলহী, ভকত বহক।" নোমলে শিকোৱাৰ দৰেই পোৱালি ভাটৌটোৱে টকটকাই, নোমলে বেচ ফুৰ্তি পাই। "ভোক লাগিলে কি ক'বি ভকত?" নোমলে লেনিয়াই লেনিয়াই ভাটৌটোক সোধে। "বৌটি ভোক ভোক।" নোমলে মাকক বৌটি বুলি মাতে, দেখি ভাটৌটোৱেও মাতে।নোমলে উৎসাহ পায়। এইবাৰ সি গাল-দুখন আগবঢ়াই দিয়ে ভকতলৈ। ঠোঁটটোৰে চপককৈ অদ্ভুত শব্দ এটা কৰি ভাটৌটোৱে শূন্যতে চুমা খাই। নোমলে খিলখিলাই হাঁহে। "অই গোটগৰু, পঢ়া-পাতিৰ ফালে কৰিছ সেইয়া। সন্ধিয়া লাগিলে পঢ়াত বহিবলৈ তোক সদায় মই কব লাগে। বিয়োগ নেওতাখন মাতিবলৈ দিলে মাতিব নোৱাৰ।যেতিয়াই দেখো খালি ভকত আৰু ভকত।" ডাঙৰটো ককায়েকৰ ধমক এটা বা এচাৰিদালৰ কোব এটা নোখোৱালৈকে নোমলে ভকতৰ লগ এৰি পঢ়াৰ ওচৰলৈ নাযায়। আচলতে তাৰ পঢ়া শুনা এইবোৰ কৰিবলৈ একেবাৰে মন নোযোৱা নহয়, কিন্তু যিমান পঢ়িলেও তাৰ কথাবোৰ মনত নৰয়। স্কুলত গঙাৰাম মাষ্টৰৰ চিটিপনিৰ কোব কেইটা সদায় সিয়েই বেছিকৈ খায়। ককায়েক দুটা পঢ়া-শুনাত গাঁৱখনৰ ভিতৰতে চোকা, ডাঙৰটো ককায়েকে কষ্ট কৰি মেলি হ'লেও কলেজৰ ডিগ্ৰীটো ল'লে, নোমলৰ সৰুটো ককায়েককো ভাল বিভাগ এটাত পঢ়ুৱালে।গাঁৱৰ দুই একে ককায়েকহঁতৰ কথা কৈ নিজৰ ল'ৰা-ছোৱালীবোৰক উদাহৰণ দিয়ে। সেইহেন দুটা ককায়েকৰ ভায়েক হৈ সি নেওতাখন ভালকৈ গাব নোৱাৰে, স্কুলত তাক হাঁহে সবেই।নোমলৰ লাজ লাগে নিজলৈয়ে, পঢ়িবলৈ মন নোযোৱা হয় তাৰ। ডাঙৰ ককায়েকৰ চিটিপনি দালৰ কোব কেইটা, কাণচেপা কেইটাৰ ভয়তহে সি অনিচ্ছাসত্বেও গৈ কিতাপখন মেলে।ককায়েককে শুনাই দুশাৰীমান চিঞৰি চিঞৰি পঢ়াৰ পাছতেই আকৌ নোমলৰ মনটো কৰবালৈ উৰা মাৰে। " মাত,মাত পাঁচৰ ঘৰৰ নেওতাখন আজি মুখস্থ দিম বুলি কৈছিলি।" এচাৰি দাল লিৰিকি বিদাৰি ডাঙৰ ককায়েকে তাক নেওতাখন মাতিবলৈ কয়। নোমলৰ বুকুখন ধাপাংকৈ মাৰে। ভয়ে ভয়ে সি মাতে পাঁচৰ পাঁচ গ'ল থাকিল শূন্য। ছয় পাঁআআআআ.….চ গ'ল থাকিল........এক, সাআআআ...তৰ পাঁআআআআ...চ গ'ল................। বাৰেপতি খোকোজা লাগে নোমলৰ। আচলতে ককায়েকৰ প্ৰতি থকা ভয়টোৱে তাৰ মনত থকা খিনিকো পাহৰাই পেলায়। নোমলৰ কোমল গালখনত ডাঙৰ ককায়েকে কেটেপ কেটেপকৈ বঢ়াই দিয়া চৰ কেইটাৰ শব্দ মাকে চৰুলৈকে শুনে। একেজাপেই উঠি আহে মানুহজনী য'ৰে বন ত'তে এৰি। এই কণমানি ল'ৰাটোতে যেন তেওঁৰ জীওটো সোমাই থাকে। ল'ৰাটোৱে কেনেবাকৈ অকণমানো কষ্ট পোৱা তেওঁৰ মনটোৱে সহিব নোৱাৰে। ডাঙৰটো ককায়েকৰ লগত পেটমচা নোমলৰ বয়সৰ পাৰ্থক্য প্ৰায় একুৰিৰ ওচৰা ওচৰি। ককায়েকহাল আৰু নোমলৰ মাজত আৰু তিনিটা লৰা-ছোৱালী জন্মিছিল।তাৰে দুটা জন্মতেই গ'ল, এজনীক হেনো হাইজাই নিলে। নোমল জন্মহোৱাৰ সময়লৈ মাকৰ বয়সে দুকুৰি পাৰ কৰিছিল। ল'ৰাটো জন্মতে তেনেই নিশকতীয়াটো আছিল, জন্ম হোৱাৰ সময়ত মগজতো অলপ দুখ পাইছিল। মাক-বাপেক হালেতো আশা একেবাৰে এৰিয়েই পেলাইছিল। ওচৰৰে মাণিকী বুঢ়ীয়ে পুৱা-গধূলি সেক-পোতক দি দি তাক অকণ তজবজীয়া কৰিলে। নুমলীয়া কাৰণে তাৰ নামটো হেনো দেউতাকেই নোমল ৰাখিছিল। পিছে সি হে বাপেকৰ মৰম ভালকৈ নাপালে।নোমলৰ ছমাহ পুৰ নৌহওতেই অচিন বেমাৰত পৰি বাপেক এদিন গ'লগৈ। সেই তেতিয়াৰ পৰাই ককায়েক দুটাতকৈ তালৈ মাকৰ মৰমতো বাঢ়িল। মাকৰ মনে তাক মূৰত থ'লে ওকণিয়ে খাব, মাটিত থ'লে পৰুৱাই খাব। "ডাঙৰ মইনা অ', সেই অকণমান কথাটোতে লাগি তাক তেনেকৈনো মাৰিব লাগে নে? সি জানো দুখ নাপায়।" মাকৰ মন, নোৱাৰে সহিব। "তোৰ এইবোৰ কথাৰ কাৰণেই সি দিনে দিনে লাই পাই গৈছে বৌটি। বয়সৰ জোখাৰে সি এল.পি স্কুলৰ দেওনাখন কেতিয়াবাই পাৰ কৰিব লাগিছিল। কিন্তু এতিয়ালৈকে নেওতা কেইখনকে মনত ৰাখিব নোৱাৰিলে সি।" ডাঙৰ ককায়েকে গৰজি উঠে। "হব দে চোন, তাৰনো বয়স হৈছে কিমান, তাতে ল'ৰাটো তেনেই নিশকতীয়া। তই তেনেকৈ চৰটো, কিলটো দি থাকিলে সি চোন কিবা শিকক চাৰি তোলৈ ভয়হে কৰিবলৈ ল'ব। তোৰ নিজৰেই ভায়েৰ নহয় জানো সি। তইচোন তাক সতীয়া ভাইটোৰ দৰেহে চাৱ।" মাকৰ কথাত সাহস পায় নোমলে। "নিজৰ ভাই বুলি তাৰ ভালটো ভাবিয়েই ইমানখিনি কৰিছিলো। ঘৰতে থকা কামবন নোহোৱা এটা দমৰা বনাব খুজিছ যদি তোৰ তোৱেই হওক। মই আৰু একো নকও। আগলৈ যেতিয়া ডাঙৰ হৈ এদিন কান্দিব তেতিয়া কিন্তু মোক মনত নেপেলাবি আজিৰ তাৰিখত ক'লো তোক।" ককায়েকে ভোৰভোৰাই। "ডাং কাইদ' তোমালোকে আগলে ডাঙৰ চাকৰি কৰিবা অহয়, মোক তাৰ পা পঞ্চাশ টকা পঞ্চাশ টকা দুয়োটাই দি দিবা মোৰ তেনেকৈয়ে হৈ যাব।" নোমলৰ কথাবোৰত মগজটো গৰমহৈ আহে ককায়েকৰ। একো নকৈ সি ওলাই যায় ফো-ফোৱাই। ককায়েকে জানে মাকৰ সন্মুখত নোমলৰ গাত হাত উঠোৱা মানে হিতে বিপৰীত হোৱা। সৰুতো ককায়েকে সেইবোৰৰ ভূ নাৰাখে, অৱশ্যে ৰাখিবলৈ ইচ্ছাও নকৰে।সি নিজৰ পঢ়াশুনাক লৈয়ে ব্যস্ত থাকে।সৰুতো ককায়েকে চহৰৰ ডাঙৰ কলেজত থাকি পঢ়ে, চৰকাৰী ধন পায় পঢ়িবলৈ। কিবা এটা ডাঙৰ বিভাগত পঢ়ে তাৰ সৰুটো ককায়েকে, পঢ়িলেই ডাঙৰ অফিচাৰ হয়, নোমলে তেনেকৈয়ে জানে। বন্ধত ঘৰলৈ আহিলে তালৈও কিবা কিবি আনে, সি বেচ ফূৰ্তি পায়। সৰুটো ককায়েক ভাল, ডাঙৰটোহে কিবা সেই ভাওনাৰ দৈত্যদালৰ নিচিনা, তাৰ চিৰশত্ৰু। নোমলৰ কুমলীয়া মনটোৱে তেনেকৈ ভাবে। তাৰ মাজতে দুৰণিৰ চহৰ এখনত ডাঙৰটো ককায়েকৰ অতদিনে লাগি লাগি চাকৰিটো হ'লগৈ। চহৰখনত ঘৰ ভাড়া কৰি থাকিবলৈ ল'লে ককায়েকে। ককায়েক তেনেকৈ ঘৰলৈ আহিব নোৱাৰে।বিহুৱে পূজায়ে বা দীঘলীয়া বন্ধ পালেহে ঘৰলৈ আহে, মাহেকে পষেকে ঘৰলৈ টকা পঠায়।নোমলৰ কাৰণে যেন গাখীৰতে ম'হৰ খুটিহে হ'ল। আগতে ককায়েকৰ চৰটো বা ধমকটো খাইয়েই সি পঢ়াৰ ওচৰত বহিছিল। এতিয়া তাক টানকৈ কথা কোৱা মানুহ এটা নোহোৱা হ'ল ঘৰখনত। নোমলৰ পঢ়া পাতি সেইফালেই ধোৱাচাংত উঠিল। ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰীটো লৈ ওলোৱাৰ পাছতে তাৰ সৰুটো ককায়েকৰো চাকৰিটো হ'ল। নোমলৰহে আৰু পঢ়া শুনা নহ'ল, এল.পি স্কুলৰ দেওনাখন পাৰ নকৰাকৈয়ে সি স্কুল এৰিলে। বছৰবোৰ বাগৰি যায়, ভাটৌটোও এদিন ঢুকায়, চেঙেলীয়াৰ পৰা ডেকালৈ পৰিবৰ্তন হয় নোমল। পঢ়া-শুনা কৰিব নোৱাৰিলেও ঘৰ-বাৰী পথাৰৰ কামবোৰ কৰিব জনা হ'ল সি। আগতে ককায়েকহঁতে আধিলৈ দিয়া মাতি কেইডৰাত নিজেই খেতি কৰিবলৈ ল'লে সি।দেউতাকৰ বেমাৰৰ সময়ত বন্ধকত থোৱা মাটি দুবিঘাও মোকোলালে এদিন নোমলে।আগৰ স্কুলত নেওতাখন মাতিব নোৱাৰা নোমলে কাষৰে দেওবৰীয়া আৰু বৃহস্পতিবৰীয়া হাটখনলৈ ইদিন তামোল পোণ, সিদিন পাচলি কেইটা নি আঙুলিতে গণি গণি বেচিব জনা হ'ল। ককায়েকহালৰহে ঘৰলৈ আহ যাহ আগতকৈ কমিল। টাউনতেই মাটি কিনি ঘৰ-বাৰী কৰিলে দুয়োটা ককায়েকে, বিয়া বাৰুও তাতেই কৰালে। নোমল আৰু মাক গৈছিল ককায়েকহঁতৰ বিয়ালৈ। পিছে চহৰীয়া আও ভাও বোৰৰ মাজত নিজকহে কিবা ভুচুং পহু যেন লাগিল তাৰ। বিয়াঘৰৰ আলহীবোৰৰ মাজতো ককায়েকহঁতে যেন তাক নিজৰ ভাই বুলি চিনাকি দিবলৈ লাজহে পালে, হয়তো নিজৰ নামটো লিখিবলৈকে তাৰ এপৰ লাগে, সেইবাবে। "অ' পোনা নিজৰ হাতেৰে কেচা মিঠৈ কেইটা দলিয়াই বোৱাৰীজনীক পদূলিৰ পৰা আনি ঘৰ সুমুৱাবলৈ মনটো থাকি গ'ল। আৰুনো কেইটাদিন থাকিম চাগে? ককায়েৰহঁতেটো সেইয়াই কৰিলে, তই মোৰ মনটো বুজ দেখিহে ক'লো।" মাকে ফোপাই ফোপাই কোৱা কথাবোৰত মনটো সেমেকি যায় নোমলৰ। বিয়াৰ কথা নভবা নহয় সি। সিখন গাঁৱৰ মিনতিৰ মনটো পোৱা তিনি বছৰেই পাৰ হ'ল। কিন্তু বিয়াখন বোলোতে গহনা-গাঠৰি, পাটৰ কাপোৰযোৰকে আদি কৰি বহুতকণ কথা আহি যায়। তাৰ ভাবিবলৈকে চোন ভয় লাগে।শালিখেতিৰ ধানকেইটা, বাৰীৰ পাচলিকেইটাৰে আকালো নাই ভঁৰালো নাইৰ দৰে চলি থকা ল'ৰা সি।ককায়েকহালো আজিকালি নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত হৈ পৰিল।সি কামত ধৰাৰ পৰা ঘৰখনলৈ টকা-সিকাটো বাদেই বিহু বুলি মাকজনীক কাপোৰ এসাজ দিবলৈও এৰিলে ককায়েকে হালে। সিহঁত দুটাই যে তাক বিয়া বুলি কিবা এপদ দি সহায় কৰিব সেইয়া নোমলৰ মনে নকয়। মাকৰ অন্তৰখনে দুখ পোৱাতো তাৰ মনটোৱে নসহে। তথাপি ইচ্ছা থাকিও নোমলে মাকৰ মনৰ আশাটোহে পূৰণ কৰিব নোৱাৰিলে। মিনতিৰ ঘৰত বিয়াৰ কথাবতৰা চলিছিল। নোমলে দেৰি নকৰিলে, কোনোবা এদিন সন্ধিয়া মিনতিক আনি সি ঘৰ সুমুৱালেহি। মাকজনীয়ে সেইদিনা এসোতা ভালকৈয়ে কান্দিলে। সহিব নোৱাৰি নোমলেও কান্দিলে, কাহানিও তাৰ গাত টোপ এটাও পৰিবলৈ নিদিয়া মানুহজনীৰ মনটো ভঙাৰ দুখত। মনটোত দুখ এটা লৈয়ে মানুহজনী গ'লগৈ, নোমলে সেইদিনা হিয়া ঢাকুৰি কান্দিলে। ককায়েকহঁতো আহিল, সকাম ভাগ বৰ ডাঙৰকৈয়ে পাতিলে মাকৰ সিহঁতকেইটাই। নোমলৰ গোবৰ মাটিৰে লিপা ঘৰখনৰ পদূলিলৈ কাজৰ দিনা এসোপামান ডাঙৰ ডাঙৰ গাড়ী আহিল, নোমল আৰু মিনতিয়ে আলহী সেৱা কৰিহে তৎ পালে। ভোজৰ দিনা ৰাইজখনক বিদায় দিয়াৰ সময়তো আকৌ এসোতা কান্দিলে সি আৰু মিনতিয়ে। দিনবোৰ পাৰ হয়, নোমল আকৌ সহজ হয়। খোকোজা নলগাকৈ চলি থাকে সিহঁতৰ সংসাৰখন। তাৰ মাজতে এদিন পাহি আহিল মিনতিৰ কোলালৈ। মাক নোহোৱা উকা উকা ঘৰখন আকৌ পাহিৰ কলকলনিৰে ভৰি পৰিল। নোমলৰ মতেতো সেইয়া মাকেই ঘূৰি আহিল আকৌ সিহঁতৰ মাজলৈ পাহিৰ ৰূপত। মাক ঢুকুৱাৰ পাছৰে পৰা ককায়েকেহালে একেবাৰেই আহিবলৈ এৰিলে গাঁৱৰ ঘৰখনলৈ। মাকৰ সকাম ভাঙি ৰাইজখনৰ লগতেই ওলাই যোৱা ককায়েকহাল সকামৰ পাছত এবাৰেই আহিছিল ঘৰখনলৈ, পৈত্তিক সম্পত্তিখিনি তিনিভাগ কৰিবলৈ। ককায়েকহঁতৰ সিদ্ধান্তত মাত নামাতিলে নোমলে।হয়তোন!! বাপেকৰ সম্পত্তিখিনিৰ ওপৰত সিহঁতহালৰো সমানে অধিকাৰ আছে। নিজৰ ভাগৰ মাটিখিনি বেছি ককায়েকহাল গ'লগৈ। নোমলে মাথো মূৰ দুপিয়াই গ'ল ককায়েকহঁতৰ সিদ্ধান্তত। সিহঁতনো মানুহ কেইটা? তিনিটাহে, ভাগত পৰা খিনিৰেই চলি যাব পাৰিব বছৰটো। "হেৰা কাইলৈ ডাঙৰ কাইদ'ৰ তালৈকে এপাক যাম বুজিছা।ককাইদ'ৱে কিবা এটা দিহা দিব।" বিচনাত পৰি থকা মিনতিৰ দূৰ্বল শৰীৰটোলৈ চাই হুমুনিয়াহ এটা পেলাই কয় নোমলে। এৰা ঢুকুৱাৰ আগতে তাক মাকেও কৈছিল--"পোনা বিপদে আপদে ককায়েৰহঁতৰ লগ নেৰিবি, চাবি তোক নিৰাশ নকৰে সিহঁতে। সিহঁতহালো মোৰেইহে পেটৰ পোৱালি।" মিনতিৰ শেতা পৰা মুখখনলৈ চাবই নোৱাৰে সি, চালেই সৰসৰকৈ চকুলো সৰে তাৰ। আগৰ সেইহেন মানুহজনীৰ এতিয়া জঁকাটোহে আছেগৈ। বেমাৰটোৱে বহু দিন আগৰ পৰাই গজালি পুতিছিল মিনতিৰ শৰীৰত। প্ৰথমতে সিহঁতে সাধাৰণ মূৰঘূৰণি বুলিয়েই ভাবি লৈছিল। চাৰিআলিৰ জগতৰ ফাৰ্মাচীৰ বড়ি দুটামান খালেই আৰাম পাইছিল তাই। পাচলৈ মূৰঘূৰণিটো সঘনাই হবলৈ ল'লে। গাঁৱৰে কোনোবা দুটামানে কৈছিল তাক--"যাচোন ইয়াৰ পিলসোপা খাই থকাতকৈ এবাৰ চহৰতে দেখুৱাই আহ।" মিনতিক লৈ এদিন চহৰৰ ডাক্তৰৰ ওচৰলৈ গ'ল নোমল। ডাক্তৰে এসোপামান পৰীক্ষা-নিৰীক্ষা কৰিবলৈ দিলে মিনতিৰ। "ব্ৰেইন টিউমাৰ, সোনকালে অপাৰেচন নকৰিলে পেচেন্টৰ কনদিচনটো ক্ৰিটিকেললৈ গৈ থাকিব।" ডাক্তৰে সেইদিনা কোৱা কথাবোৰৰ বেছিভাগেই নুবুজিলে নোমলে, মাত্ৰ বুজিলে মিনতিৰ সাংঘাটিক ডাঙৰ বেমাৰ এটা হৈছে, যিটোৰ পৰা বচাবলৈ তাক ভালেমান টকাৰ প্ৰয়োজন। আকাশখন মূৰৰ ওপৰতে খহি পৰাৰ যেন লাগিল তাৰ। সাচতীয়া পইচাখিনি পৰীক্ষা-নিৰীক্ষাৰ নামতেই শেষ হ'ল। মাটিখিনি বন্ধকত দিলে দুটকামান পোৱা যাব কিন্তু সেইখিনিৰে মিনতিৰ অপাৰেচনৰ খৰচটোকে নোলায়। মূৰে কাম নকৰা হয় নোমলৰ। "মোৰ বৰ ডাঙৰ বেমাৰ এটা হৈছে নে? পইচা বহুত লাগে ভাল কৰিবলৈ হয়নে বাৰু?আমাৰনো ইমানখিনি পইচা ক'ত আছে? আপুনি মিছাতেই কেলৈ কষ্ট কৰি মৰিব লাগে মোৰ কাৰণে" মিনতিৰ কথাষাৰে বুকুখন একেবাৰে চেপি খুন্দি শেষ কৰি পেলোৱা যেন লাগে নোমলৰ। চকুপানী ৰখাব নোৱাৰে সি। বেমাৰটোৱে খুলি খুলি খাইছে মিনতিক। কোনোবাই ধৰি নিদিলে উঠা মেলা কৰিব নোৱাৰে। কেইবাদিনো অকলে উঠিবলৈ লৈ মূৰ ঘুৰাই পৰিছে তাই। দিনটো ইটোৰ পিছত সিটো কৰি ফুৰা মানুহজনীৰ এতিয়া বিচনাখনেই সংগী হ'ল। দেওবৰীয়া বজাৰখনলৈ নগ'লে সপ্তাহটো চলিবলৈ টান হয় সিহঁতৰ। মিনতিক তেনেকৈ এৰি যাবও নোৱাৰে সি ঘৰখনত। সোনকালে টকাৰ যোগাৰ নহ'লে মানুহজনীক বচাবলৈ যে টান হব, সেইকথা বুজে নোমলে। হাজাৰটা চিন্তাত ভাঙি পৰে সি। "ককাইদ'ৰ তালৈ ইমানদিন পাছত যাব? শুদাহাতে যাবলৈ ভাল হ'ব জানো? নাৰিকল এটা ৰুকি দিয়া হ'লে মই ইয়াতে বহি লস্কৰা দুটামান কৰি দিব পাৰিলোহেতেন ল'ৰা-ছোৱালী হাললৈ।" বিচনাত পৰাৰে পৰাই কোনোমতে মাতটো উলিয়াই কথাষাৰ কয় মিনতিয়ে। "এইটো দেহাৰে নালাগেচোন তুমি সেইবোৰ কৰিবলৈ। বাৰীত পাচলি দুটামান ওলাব নহয় তাকে লৈ যাম।" ৰাতিপুৱাই ককায়েকৰ তালৈ ওলাল নোমল। মোনাটোত ঘৰৰে গঁৰালটোৰ ডেকেৰুৱা হাঁহ এজনী ভৰাই ল'লে সি, বাৰীৰে কোমোৰা এটাও ল'লে লগত। ডাঙৰ ককায়েকে আগতে হাঁহ খাই ভাল পাইছিল মনত আছে তাৰ। "পাহি অ' মাৰক অশান্তি নকৰিবি দেই। মাৰে কিবা এটা খুজিলে বিচাৰি আনি দিবি।মই সোনকালেই পামহি নহয় দৌ।" পাহিয়ে মূৰ দুপিয়ালে। ছোৱালীজনীৰ মুখখনলৈ চালে শোকটোৱে খুন্দা মাৰি ধৰে তাৰ। কিমাননো বয়স হৈছে তাইৰ, দ্বিতীয় শ্ৰেণী পাইছে গৈ হে। তাইয়ো যেন কথাবোৰ অলপ অলপ কিবা বুজি পাইছে। মাকক তেনেকৈ আমনি নকৰে তাই আজি কালি। ইমান কম বয়সতে যথেষ্ট বুজা হৈছে তাই। চহৰৰ পৰা উভতি আহি সি ঘৰ পোৱালৈ সন্ধিয়াই হৈছিল।পদূলিৰ মুখৰ পৰাই গাঁৱৰ ৰাইজখনক দেখি বুকুখন চিৰিংকৈ মাৰিলে তাৰ। সন্ধিয়াখন গাঁৱৰ ৰাইজখনে তাৰ ঘৰত আহি আকৌ কি কৰিছে? "দেৰি কৰিলি অ' নোমল। তই অহালৈ তাই নৰ'লেই।" নঙলামুখতে ৰৈ থকা মাঘি দাইটিৰ কথাষাৰত সেইখিনিতেই ধমহকৈ লুটি খাই পৰিল নোমল। হাতৰ মোনাটোত থকা ডাঙৰ ককায়েকলৈ বুলি লৈ যোৱা চীনা হাঁহটোৱে থেকেচকৈ মাটিত পৰি জোৰেৰে পেকপেকাই চিঞৰি দিলে। তুলসীৰ তলত সেইয়া মিনতিক শুৱাই থৈছে ৰাইজখনে।কোনোবা দুটাই ধৰি ধৰি লৈ আনিলে তাক সেইখিনিলৈ। মিনতিৰ নিঠৰ দেহটোলৈ চাই চাই পাহীক বুকুত সাবটি ধৰি জোৰেৰে চিঞৰি দিলে সি--" হেৰা কি কথাত নো বেয়া পালা মোক? ইমাননো লৰালৰি হ'ল নে তোমাৰ, মই অহালৈকে ৰ'ব নোৱাৰিলা নেকি?" কোনোবা এজনীয়ে তাৰ হাতত সেন্দুৰৰ টেমাটো তুলি দিলে। শেষবাৰৰ কাৰণে মিনতিৰ কপালত বেলিটো আকি দিলে নোমলে। "সৰুতে যেতিয়া নেওতাখন মুখস্থ মাতিবলৈ দিছিলো তেতিয়া মোলৈ খং উঠিছিল তোৰ। তেতিয়া চাগে মোক তোৰ চিৰশত্ৰু যেন লাগিছিল। তেতিয়াই যদি পঢ়া-শুনা অলপ ভালকৈ কৰিলিহেতেন আজি এনেকৈ ঘৈণীয়েৰৰ জীৱনটো বচাবলৈ লোকৰ পদূলিয়ে পদূলিয়ে ঘূৰিব লগা নহ'লহেতেন।সেইদিনাই তোক কৈছিলো নহয় ডাঙৰ হৈ যেতিয়া এদিন কান্দিবি, তেতিয়া কিন্তু মোক মনত নেপেলাবি।" ডাঙৰ ককায়েকে দুপৰীয়া কোৱা কথাখিনিলৈ চেৰেং চেৰেংকৈ মনত পৰিল নোমলৰ। ৰাইজখনক তাতে এৰি ল'ৰ মাৰি ভিতৰ সোমাল সি। পাহীক যোৱাবাৰ বজাৰৰ পৰা আনি দিয়া নেওতাৰ কিতাপখন আনি চোতালতে বহি লৈ চিঞৰি চিঞৰি মাতিবলৈ আৰম্ভ কৰি দিলে নোমলে। খৰি দিবলৈ যো জা কৰি থকা ৰাইজখনে সেইফালেই তভক মাৰিলে। নোমলৰ সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। ডাঙৰ ডাঙৰকৈ পঢ়িছে সি নেওতাবোৰ। জীৱনত এদিন ডাঙৰ ভুল এটা কৰিছিল সি, যাৰ বাবে সি আজি মিনতিক হেৰুৱাইছে, অকালতে। এইমুহুৰ্ততেই যেন সি সকলোবোৰ ভুলৰ শুধৰণি একেলগেই কৰি পেলাব, ঘূৰাই আনিব তাৰ মৰমৰ মিনতিক।চকুৰ আগত হৈ থকা কথাবোৰ একো বুজিব নোৱাৰি এবাৰ চোতালত শুৱাই থোৱা মাকৰ দেহটোলৈ চাই, এবাৰ বাপেকলৈ চাই কান্দোনত গছৰ পাত সৰুৱালে পাহিয়ে। পাহিৰ কান্দোনৰ লগে লগে নোমলেও ডাঙৰ ডাঙৰকৈ গাই গ'ল সেই তাহানিৰ এল.পি স্কুলত গোৱা সুৰটোৰেই---- "একৰ এ গ'ল থাকিল শূন্য দুইৰ এ গ'ল থাকিল এক তিনিৰ এ গ'ল থাকিল দুই।।।।।।"
গল্প--"নেওতা"

 content media
4
2
33

Tushar Ranjan Kashyap

Author of the Month
+4
More actions
bottom of page