top of page

Forum Posts

Arnab Reyaan Rajbangshi
Nov 01, 2020
In Writing
Lost my mind To have the dignity The situation to hold the diversity Every day every night Discuss about the fight Terrorism, attacks and bombing to Blow up the society sign To have the dignity Lost my mind If ever heard the sound about the love Shouting shouting noise and laugh No value, no need of care When fights and fights only thing remain Fire, disaster, blasts and blood Everywhere floods of tears To have the dignity Lost my mind Never heard the sound about the love....!! ✍️Arnab Reyaan Rajbangshi
the world without love content media
5
0
8
Arnab Reyaan Rajbangshi
Sep 23, 2020
In Writing
নিঠৰ হৈ নৰবা সৰুপোনা এয়াই জীৱন ইয়াত সঘনে হয় সপোনৰ সজা ভগা ইয়াত তেজৰ মূল্য লেখিবলৈ বৰকৈ কঠিন ভিন্ন ভিন্ন তেজৰ মূল্য যদিও ইয়াৰ ভাষা ৰাঙলী প্ৰতিটো শব্দ অৰ্থত প্ৰৱাহিত তেজ ! সকলো তেজৰ ভক্ষক নিঠৰ হৈ নৰবা সৰুপোনা মোৰো তেজৰ ভাষা ৰাঙলী যদিওৱা মোৰ শব্দত ঘামবোৰৰ চিতিকনি ৰাঙলী সৰুজ মূখী । ✍️Arnab Reyaan Rajbangsh
জীৱন ভিন্নতাৰ পৰিচয় content media
5
0
24
Arnab Reyaan Rajbangshi
Aug 29, 2020
In Writing
সকলো নিদ্ৰাহীনতাৰ আসক্ত উজগৰী কুবীৰ যি ধন লালসাত আসক্ত সিহঁতৰ তেজত তেজপীয়াৰ বিষ যিসকল সফলতাৰ উদাসীনতাত ফেকুৰে সিহঁত ৰ্সপদংশীত তৰাবোৰ ভালপাবলৈ সিহঁত ভয়াতুৰ পৰামৰ্শ লয় আন এজন অচিনাকীৰ । কৰ্মত উজাগৰী সিহঁত এজন এজন কয়েদি সুখৰ সন্ধানত সিহঁতৰ কুৰি বছৰীয়া চিৎকাৰ শুকাই যায় সিহঁত সুখ লাগে সিহঁতক সুখ বিচাৰি সিহঁত নিদ্ৰাহীনতাত আসক্ত "জীৱন সপোন নহয় । সাৱধান !" সাৱধান হয় সিহঁত বাৰে বাৰে উচ্চতাৰ পৰা উচ্চতৰলৈ যাবৰ কঠোৰ পৰিশ্ৰম সিহঁত স্বপ্নবীহিন আদ্ৰতা বিহিন সিহঁতে দেখা নাই কুঁৱলী গচকা নাই নিয়ৰৰ দুঁবৰী খোৱা নাই বাটকাশৰীয়া বগা ফুল বোৰৰ শুস্বাদু মিঠাবোৰ মৃত্যুৰ ভয়ত সিহঁতে কান্ধত কঢ়িয়াই ভাগৰুৱা চকুৰ বোজা । সাৱধান ! সাৱধান ! সিহঁতৰ পৰা সিহঁতৰ দেহত তেজপীয়াৰ আঁচোৰ সৰ্পদংশনৰ দাগ সাৱধান সিহঁতৰ পৰা যিসকলে সপোনৰ সাঁকোত খোজ পেলোৱা নাই সেই মৃতপ্ৰায়ৰ কেৱল পোচাকবোৰ দৃশ্যমান ইয়াত সকলো নিদ্ৰাহীনতাত আসক্ত সকলো জোনাকৰ নিচাত ইয়াৰ স্বপ্নোগামীসকলৰ এচাম বেশ্যা আৰু আনচাম নাটকৰ কংকাল ।। ✍️Arnab Reyaan Rajbongshi
নিদ্ৰাহীন স্বপ্নোগামীসকল content media
4
2
25
Arnab Reyaan Rajbangshi
Jun 06, 2020
In Writing
অথনিতে লহিয়ালে ভাগৰৰ বেলাতি ক্ৰমশঃ চকুহাল তেজাল হ'বলৈ ধৰিছিল তাই সেউজীয়া হৈ পদূলিত ৰৈ আছিল দূৰৈৰ পৰাই এজাক হাহিৰ সম্ভাষন মই আপং পিয়া নাছিলোঁ নাই সেইবোৰ অভ্যাস নাছিল আজিও অসমৰ্থ মোৰ অসমৰ্থবোৰ তাই হাঁহি জাকিৰে আৱৰাৰ এক ব্যৰ্থ প্ৰয়াসত বেদনা বোৰ চচ্ছ আছিল মই বাকৰুগ্ধ, মই শেষ নিশা জোনাকীৰ মৰীচিকা মই আপং পিয়া নাছিলোঁ এবুকু অভাৱেই যথেষ্ট আছিল তাই বুজিছিল মোৰ চুটি উশাহবোৰক চুলিত হাত বুলাই কৈছিল "প্ৰশান্তিৰ জখলাত আমি ব্যৰ্থ প্ৰেমিক নহয় মোৰ সেন্দুৰ তোমাৰ হাহিৰ ৰহস্য হওঁক মই জীৱন দলিচাত বকুল বুটলিম ।"
শেষ নিশা জোনাক content media
5
0
8
Arnab Reyaan Rajbangshi
May 22, 2020
In Writing
তেতিয়াও আঠালেতিয়া সপোনবোৰে নিশ্বাস পেলোৱা নাছিল কতনা আবেলি আবেগৰ যাৱতিয় নিৰ্মলবোৰত পাৰ কৰিছিলো অনুভূতিবোৰো তেজবৰণীয়া সাথঁৰতো নাছিল কেৱল কঠিনতাই আৱৰিছিল অচচ্ছ হৈছিল কিন্তু নিশ্বাস পেলোৱা নাছিল এদিন যেনিবা পূৱালীৰ ফালে তেজবৰণীয়াবোৰ দৌৰিব ধৰিছিল কাতৰত নিৰৱতাৰ টোপনিয়ে সংলাপ মাতিছিল "সপোনবোৰ যেনিবা সেউজীয়া জীৱনৰ পোখালি মেলাৰ সময় !" ✍️ Arnab Reyaan Rajbongshi
তেতিয়াও নিশ্বাস পেলোৱা নাছিল content media
3
0
9
Arnab Reyaan Rajbangshi
May 20, 2020
In Writing
নিয়ৰৰ চানেকি অকনো নাছিল পথভ্ৰষ্ট বিকলংগ মই ঠিকনা বিছাৰি হাইৰান ক'ত সাৰথি অথবা নিসংগতাৰ কান্ধতেই বোজাবোৰ সাগৰত কাতৰ নিশাৰ অন্ধকাৰ অতিকে ভয়ানক যেনিবা পদূলীৰ কাষ চাপিলো তাতো কোনো নাছিল হতাশাত একমত । মাজনিশা অকলে ধাপলি মেলিম সূৰুজমুখি পথত।। #WissenMonkWednesday
নিয়ৰৰ চানেকি content media
2
0
12
Arnab Reyaan Rajbangshi
Oct 15, 2019
In Writing
শেতা আঙুলি নিষ্ঠুৰ চকু পদূলীত সৰা বকুল আকাশৰ দলিচালে চাই পঠিয়ালো দূৰৈত হেনো তৰা জিলিকিছে ওৰে নিশা শীতক বুকুচাত লৈ আছিলো পদূলীলৈ চাই পথিয়ালো নাই কোনো নাই দূৰ দূৰনিলৈ কেৱল তমশা লো বোৰ গোট মাৰিব ধৰিছে চকুত হেনো টোপনিৰ হুমুনিয়াহ সময়বোৰ যেনিবা প্ৰদীপ বিহিন পাহৰিব ধৰিছো কোনতো প্ৰহৰত নিজানতাই শব্দৰ ৰূপ লয় তলশৰা বকুলে সুগন্ধি বিয়পায় তোমাৰ অনুপস্থিতিত জানা জীৱন বৰ অসহায় !!!
তোমাৰ অনুপস্থিতিত content media
3
0
31
Arnab Reyaan Rajbangshi
Oct 07, 2019
In Writing
এতিয়া জোনাকৰ  বিষাদ কবি হৱৰ  আহৰি নাই তেওঁৰ পৰসত এতিয়া মাথো সুৰোজ মুখী স্বপ্নৰ পথ পথিক নিদৰাত সপোন ৰচিবলৈ তেওঁ মোৰ উংসাহৰ শেৱালী যি মোক ৰাতি বিকশিত কৰিছে সবল কৰিছে মোৰ মাতাল জীৱনক সুস্থিৰ কৰিছে  মোৰ হাজাৰ বিফলতাৰ  সিপাৰৰ ভগা পজাক বিশ্বাসালোক হৈ উজলাই তুলিছে ধন্য মই তেওঁ মোৰ   সেউজীয়া হৈ দেখা দিছে!

উংসাহৰ শেৱালী content media
1
0
16
Arnab Reyaan Rajbangshi
Jun 28, 2019
In Writing
সেইখিনিতে আছিল সপোনজোপা সন্ত্ৰাসৰ ধুমুহাজাক আহিছিল যোৱাৰাতি অৰ্ধভঙ্গনত  সপোনজোপা নিস্তাল হৈ বাগৰি থাকিল গোটেই নিশা সি হিয়াফেঁকুৰি কটালে লেবেজান সপোনজোপা এটিয়াও অৰ্ধভঙ্গ  কৰিব কি আৰু মাথো ফেকুঁৰি আছে ।। -Arnab Reyaan Rajbangshi
7
0
21

Arnab Reyaan Rajbangshi

More actions
bottom of page