হাতৰ মুঠিত কিমান আতে কোনে জুখি চাইছে?
মুঠিৰ পৰা বাগৰি যোৱা যেন কৰোবাত হেৰাই যোৱা সময় বোৰ, কোনে বিচাৰি চাইছে?
শুকান ধূলি হৈ উৰি যোৱা স্মৃতিৰ তেজ ৰঙা পাত খিলা কোনে ঘূৰাই পাইছে?
সাঁচতিয়া হেপাহ সামৰি হৃদয় খন বাৰেপ্রতি ভাঙি পৰাৰ হিচাপ কোনে থৈছে? ভাঙি পৰা হৃদয়ৰ অংশ এডোখৰ এডোখৰকৈ বুটলি কোনে উচুপি ৰৈছে?