গোপনে গোপনে মাজনিশা সপোনৰ সংসাৰ গুথে তাই।
কাজল চকুৰ চাওনিয়ে বহু কথা কৈ দিয়ে।
শুনিছে জানো আজিৰ তৰা বোৰে?
তাই কোন? তাই বিচাৰে কি?
দম্ দমকৈ আজি তাইৰ হিয়া জলিছে।
ঢৌৰ লগত যুদ্ধ বতাহৰ।
দুয়োৰে মাজত তাই কোন?
চেচা আজি তাইৰ মন,
ঠাণ্ডা আজি তাইৰ ভালপোৱা,
নিশব্দ আজি তাইৰ কলম।।
তাই কোন?
তাই মোৰ মনৰ কল্পনা ।
তাই শীতৰ কোমল ৰ'দ
তাই গৃষ্ম কালৰ হেপাহৰ বতাহ যাক।
তাই মৃত্যু।
- নেহা ভৰালী।
( তাই কল্পনা, তাই মৃত্যু ।।) 🌻