প্ৰতিটো পুৱাৰ আৰম্ভনি
এক মৃদু বতাহেৰে।
অথচ কিয় বাৰু তুমি
তিৰবিৰাই উঠা
খুব ৰাগীয়াল ৰূপ এটিত।
কেতিয়াবা সমাজৰ মাজত কৰা মোক তাচ্ছিল্যৰ প্ৰত্যাহ্বান।
আৰু কেতিয়াবা,
সকলো পাহৰি
দিয়া আঘাত মোক
তোমাৰ ৰাগৰ ৰঙা ধূলিত ।।
অন্ধকাৰৰ কাৰাগাৰত
মোৰ জীৱন যদিও,
দূৰ্বল মই নে তুমি!!