ভালপোৱাবোৰ ভালপোৱা হিচাপেই
জীয়াই থাকক...
তোমাৰ আৰু মোৰ মাজত
কোনেও নজনাকে কোনেও নুবুজাকে..
তুমি তুমি হৈ থাকা
আৰু মই..মই হৈ
তাতেই জিৰণি লওঁক
তোমাৰ আৰু মোৰ অকৃত্ৰিম ভালপোৱাই..
মিঠা বৰণ সনা হাঁহিটি মাৰি
তুমিযে মোৰ কাষলৈ আহা,
ঠিক তেতিয়াই ফুলি উঠে জানা
বুকুত ভালপোৱাৰ গোলাপ ফুল পাহ...
তুমাৰ সেই চকুযুৰিয়ে
জিলিকাইছিল হৃদয়ৰ
অজস্ৰ ভালপোৱাক,
জাগিছিল inspiration জীয়াই থকাৰ...
অই...শুনানা
Street light বোৰৰ কাষেৰে
একেলগে হাতত হাত ধৰি
খোজ কাঢ়িবৰ মন,
দুয়ো দুয়োকে বুজা
চকুৱে চকুৱে কথা পতা
এই মায়াৱী সন্ধিয়া জীপাল হৈ পৰা...
আৰুনু কি লাগে
গতানুগতিক জীৱনৰ refresh button টি
তুমিয়েই নহয় জানো..
সুখৰ এচমকা ৰদালীজনী
তুমিয়েই নহয় জানো..
তুমিয়েই নহয় জানো...